• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Thursday, February 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

মুকলি হ’ল উদ্যমিতাৰ সোণোৱালী বাট

AB Bureau by AB Bureau
October 1, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
মুকলি হ’ল উদ্যমিতাৰ সোণোৱালী বাট

ছিডবি আৰু ৰাজ্য চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ মুহূৰ্তত

সূক্ষ্ম আৰু লঘু উদ্যোগ তথা ষ্টাৰ্ট আপসমূহক বিত্তীয় সহায় প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে ক্ৰেডিট গ্যেৰাণ্টী ফাণ্ড ট্ৰাষ্ট ফৰ মাইক্ৰ’ এণ্ড স্মল এণ্টাৰপ্ৰাইজেছ (চিজিটিএমএছই) আৰু ছিডবি (SIDBI) ভেঞ্চাৰ কেপিটেলৰ সৈতে দুখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে৷ এই চুক্তিকেইখনক ৰাজ্যখনৰ বিভিন্ন উদ্যোগ সংস্থা আৰু উদ্যোগপতিসকলে আদৰণি জনাইছে৷

১৯ ছেপ্টেম্বৰত গুৱাহাটীত আয়োজিত এক এমএছএমই সন্মিলনত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়৷

ফেডাৰেশ্যন অৱ ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্চ অৱ নৰ্থ ইষ্টাৰ্ন ৰিজিয়ন(FINER)ৰ অধ্যক্ষ বজৰং লোহিয়াই কয় যে ছিডবি আৰু চিজিটিএমএছই-ৰ মাজৰ এই বুজাবুজি চুক্তিয়ে আগন্তুক দিনত সূক্ষ্ম, লঘু আৰু মজলী উদ্যোগৰ বাবে অনুকূল পৰিৱেশ গঢ় দিয়াত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব৷ এম এছ এম ই আৰু ষ্টাৰ্ট আপলৈ বন্ধক বিহীন ঋণ প্ৰদান কৰাৰ পদক্ষেপে ৰাজ্যত ঔদ্যোগীকৰণৰ এক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

“এই আঁচনিৰ অধীনত পুঁজিৰ উপলব্ধতাই উদ্যোগসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰাত যথেষ্ট সহায় কৰিব,” তেওঁ কয়৷

ছিডবি ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ বাবে ২০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰে ১০০ কোটি টকা আৰু ছিডবিয়ে ৫০ কোটি টকা আগবঢ়োৱাৰ লগতে অন্যান্য উৎসসমূহৰ পৰা ৫০ কোটি টকা আগবঢ়োৱা হ’ব৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই দিনটোক ৰাজ্যৰ উদ্যোগ খণ্ডৰ বাবে এক ঐতিহাসিক দিন হিচাপে অভিহিত কৰে৷ এই পদক্ষপৰ জৰিয়তে ৰাজ্যখনত ক্ষিপ্ৰ ঔদ্যোগীকৰণৰ সূচনা হ’ব বুলিও তেখেতে আশা প্ৰকাশ কৰে৷

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে চিজিটিএমএছইৰ সৈতে হোৱা সহযোগিতাৰ উদ্দেশ্য হৈছে অসমৰ সূক্ষ্ম আৰু লঘুূ গোটসমূহক ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে দিয়া ঋণৰ অতিৰিক্ত গ্যেৰাণ্টী প্ৰদান কৰা৷ তেওঁ কয় যে ঋণৰ ৮০% গ্যেৰাণ্টী চিজিটিএমএছইয়ে প্ৰদান কৰিব আৰু বাকী ২০%ৰাজ্য চৰকাৰে প্ৰদান কৰিব৷ ছিডবিৰ সৈতে হোৱা বুজাবুজিৰ ফলপ্ৰসূ দিশসমূহৰ বিষয়ে উল্লেখ কৰি তেখেতে কয় যে ছিডবিৰ ১০০ কোটি টকাৰ সমৰ্থন পুঁজিয়ে ভৱিষ্যতে ৫,০০০ কোটি টকাৰ প’ৰ্টফলিঅ’ সৃষ্টি কৰিব৷ আনহাতে, আগন্তুক তিনি বছৰলৈ ৰাজ্য চৰকাৰৰ পৰা এই পুঁজিৰ বাবে প্ৰয়োজনীয় বাৰ্ষিক অনুদানৰ পৰিমাণ হ’ব ২২ কোটিৰ পৰা ২৬ কোটি টকা৷

তেখেতে কয় যে প্ৰস্তাৱিত অসম ষ্টাৰ্ট-আপ ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ বাবে ছিডবি ভেঞ্চাৰ কেপিটেল ফাণ্ডে বিনিয়োগৰ পৰিচালক হিচাপে কাম কৰিবলৈ ইচ্ছুক৷ এই বুজাবুজি চুক্তিৰ জৰিয়তে ৰাজ্যত সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগসমুহকে আদি কৰি ষ্টাৰ্ট-আপসমূহৰ উন্নয়ন আৰু বিকাশ হ’ব৷

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ৰাজ্যত ৬৬ হাজাৰতকৈ অধিক উদ্যোগ আছে যিয়ে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনলৈ ২৯% অৰিহণা যোগায়৷ এই ঔদ্যোগিক গোটসমূহৰ ভিতৰত ৮৮% সূক্ষ্ম আৰু ১১.৫% হৈছে লঘু তথা মজলীয়া উদ্যোগ৷ তেওঁ কয় যে ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসমত ৩২,৭৭০টা সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগ স্থাপন কৰা হৈছে আৰু ইয়াৰে ১৩,৪৪০টা উদ্যোগ উৎপাদন খণ্ডৰ সৈতে জড়িত হৈ আছে য’ত ১,৩০,২৯৪গৰাকী যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে৷

FINER-ৰ প্ৰাক্তন অধ্যক্ষ আৰ এছ যোশীয়ে কয় যে বন্ধক বিহীন আৰু তৃতীয় পক্ষৰ গ্যেৰাণ্টী বিহীন বেংকৰ ঋণ লাভৰ সুবিধাই নৱপ্ৰজন্মৰ উদ্যোগীসকলৰ নিজাকৈ এটা ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব৷

“ন-উদ্যমীসকলৰ বাবে পুঁজি উপলভ্য কৰাৰ এই পদক্ষেপে এম এছ ই উদ্যোগীসকলৰ এক বৃহৎ সমস্যা সমাধানত অৰিহণা যোগাব,” তেখেতে কয়৷

এই চুক্তিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত অহৰহ নজৰ ৰাখিবলৈ আৰ এছ যোশীয়ে অসম চৰকাৰক আহ্বান জনায়৷ ‘ছিডবিৰ সৈতে হোৱা চুক্তিখন সুচাৰুৰূপে কাৰ্যকৰী কৰাৰ লগতে সময়মতে ইয়াৰ নিৰীক্ষণ কৰা উচিত৷ এই পদক্ষেপে পৰৱৰ্তী পৰ্যায়ত ৰাজ্যত ঔদ্যোগীকৰণৰ বাবে এক শক্তিশালী ভেটিৰ সৃষ্টি কৰিব,” তেওঁ কয়৷

দ্ৰুত বিতৰণ প্ৰক্ৰিয়াটোৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি উদ্যোগপতি বনমালী শৰ্মাই কয় যে চৰকাৰে দুয়োখন চুক্তিৰ ৰূপায়ণৰ দিশটো নিৰীক্ষণ কৰা উচিত৷ “এজন উদ্যমীক উদ্যোগ আৰম্ভ কৰিবলৈ ঋণৰ প্ৰয়োজন৷ যদি বুজাবুজি চুক্তিখনৰ এই দিশটোৰ ব্যৱহাৰিক প্ৰয়োগ হয়, তেন্তে বহু উদ্যমীয়ে আঁচনিখন সুবিধা ল’বলৈ আগবাঢ়ি আহিব৷ ই আমাৰ অৰ্থনীতিতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব,” শৰ্মাই কয়৷

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সন্মিলনত মুখ্যমন্ত্ৰী ড° শৰ্মাই আনুষ্ঠানিকভাৱে অসম লজিষ্টিক এণ্ড ৱেৰহাউছিং পলিচী ২০২২ উন্মোচন কৰে৷ ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰি অসমক আঞ্চলিক লজিষ্টিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যৰে এই নীতি গ্ৰহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷

অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়া, ছিডবিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এছ ৰমন, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত আছিল৷


ShareTweetShare

Related Posts

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
0
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
0
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
0
মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
0
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
0
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
0
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In