কৰ্ম হ’ল ফলাফল প্ৰাপ্তিৰ পথ, কিন্তু কেতিয়াবা কৰ্মব্যস্ততাই জীৱনটোক কঠিন কৰি তোলে৷ আজি আমি কৰ্ম কৰিবলৈ সমৰ্থ হোৱাৰ আঁৰত আছে আমাৰ পিতৃ-মাতৃৰ অশেষ কষ্ট আৰু ত্যাগ৷ সেয়ে এই কৰ্মব্যস্ততাৰ অজুহাতত আমি মাতৃ-পিতৃক সময় দিব নোৱৰাটো যুক্তিসংগত হ’ব নোৱাৰে৷
১১১নং লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই কয়, “মই মাহটোৰ অৰ্ধেক সময় সমষ্টিতেই পাৰ কৰোঁ তথাপি হয়তো এক বিশেষ দিন হিচাপে মাতৃ-পিতৃ বন্দনাৰ বাবে মাক বেছি ওচৰৰ পৰা সময় দিলোঁ৷ ঘৰতে থাকিলেও সমষ্টিৰ কামৰ ব্যস্ততাত এই মূল্যৱান সময়কণৰ প্ৰয়োজনীয়তা বাৰুকৈ অনুভৱ কৰোঁ৷” ২০০৪ চনত পিতৃক হেৰুৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আঁচনিখন অন্যতম শ্ৰেষ্ঠ আঁচনি৷ সময় সলনি হৈছে আৰু আমি কৰ্মব্যস্ততাৰ অজুহাতত মাতৃ-পিতৃ পৰা আঁতৰত থাকিবলৈ লৈছোঁ৷ আমাৰ বাবে সহস্ৰ ত্যাগ কৰা মাতৃ-পিতৃক বৃদ্ধ বয়সত সেৱা কৰাৰ সলনি আশ্ৰমত ৰাখিছোঁ৷ এই বিশেষ ব্যৱস্থাই আমাক আমাৰ মাতৃ-পিতৃৰ প্ৰতি থাকিবলগীয়া দায়িত্ববোধৰ কথা সোঁৱাৰাই দিয়ে৷”
অসম বাৰ্তাৰ সৈতে হোৱা টেলিফ’নিক বাৰ্তালাপত বিধায়কগৰাকীয়ে আৱেগভৰা কণ্ঠেৰে কয়, ‘‘মই ঘৰত থাকিলে মায়ে মোৰ বাবে এখন আঞ্জা ৰান্ধেই৷ এয়া সদায়ে মোৰ বাবে বিশেষ৷”
অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই বছৰ ৯ আৰু ১০ ফেব্ৰুৱাৰীত মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত মাতৃ-পিতৃক শুশ্ৰূষাৰ বাবে মন্ত্ৰী-বিধায়ক আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীক দুদিনৰ বিশেষ ছুটি মঞ্জুৰ কৰে৷ এই ছুটিৰ বাবে আৱেদন কৰিবলৈ এটা প’ৰ্টেলৰো ব্যৱস্থা কৰা হৈছিল৷
নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সামাজিক মাধ্যমযোগে কয়, “ৰাইজৰ প্ৰতিনিধি হোৱাৰ পিছৰে পৰা দৈনিক বিভিন্ন ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ বাবে মা মোৰ লগতে থাকে যদিও মাৰ লগত পৰ্যাপ্ত সময় অতিবাহিত কৰিবলৈ সুবিধা নাপাওঁ৷” মাতৃৰ সৈতে পুৰীৰ ঐতিহাসিক ভগৱান শ্ৰী শ্ৰী জগন্নাথৰ মন্দিৰ ভাগ দৰ্শন কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “মাৰ আশা পূৰণ কৰিব পাৰি লগতে পৰিয়ালৰ লগত কিছু একান্ত সময় কটাবলৈ পাই নিজে অপাৰ আনন্দ আৰু সুখ লভিছোঁ৷”