নাৰী সমাজক সবলীকৰণ কৰি স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰিবলৈ অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আৰ্থিক অনুদান আগবঢ়াইছে। এই অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ৩০ লাখ+ অৰ্হতাসম্পন্ন মহিলাক ১০,০০০ টকাৰ উদ্যমিতা পুঁজি আগবঢ়োৱা হৈছে। ৩ হাজাৰ কোটি টকাৰো অধিক ব্যয়ৰ এই অভিযানে মহিলা উদ্যমীসকলক নিজৰ সপোন পূৰণ কৰিবলৈ আত্মবিশ্বাস দিছে।
অক্টোবৰ মাহত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ কেইবাটাও কাৰ্যসূচীত অংশ লয়।
ইয়াৰ ভিতৰত উল্লেখযোগ্য :-
* বিশ্বনাথ সমষ্টিৰ প্ৰায় ৩৫ হাজাৰ গৰাকী আৰু বিহালী সমষ্টিৰ ৩ হাজাৰ গৰাকী হিতাধিকাৰী
* তিনিচুকীয়া সমষ্টিৰ মুঠ ১৪,৩০১গৰাকী হিতাধিকাৰী
* জোনাই সমষ্টিৰ ৩৬,৮৮৬গৰাকী হিতাধিকাৰী
* ডিব্ৰুগড় সমষ্টিৰ মুঠ ১৪,০২৫গৰাকী হিতাধিকাৰী
* নগাঁও-বটদ্ৰৱা সমষ্টিত মুঠ ২৬,৫৮৫গৰাকী হিতাধিকাৰী
* বঙাইগাঁও সমষ্টিৰ মুঠ ২০,৩০৮গৰাকী আত্মসহায়ক গোটৰ সদস্যা
* শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধান সভা সমষ্টিৰ মুঠ ১৮,৭৪৫গৰাকী হিতাধিকাৰী
* শিলচৰ সমষ্টিৰ মুঠ ১৩,১৯৩গৰাকী হিতাধিকাৰী
* লক্ষীপুৰ সমষ্টিৰ ১৯৩১৮গৰাকী হিতাধিকাৰী
মহিলা উদ্যমীৰ সফলতাৰ কাহিনী :-
ক) বিউটী পাৰ্লাৰ স্থাপন কৰি লক্ষীপুৰ সমষ্টিৰ কণ্ঠৌলেইমা আত্মসহায়ক গোটৰ সদস্যা ৱাই নন্দৰাণী দেৱীয়ে স্বাৱলম্বী হৈছে।তেখেতে বাৰ্ষিক ১.২০ লাখ টকা উপাৰ্জন কৰি আদৰ্শ লাখপতি বাইদেউ হিচাপে নিদৰ্শন দাঙি ধৰিছে। ঠিক একেদৰে তামনা আত্মসহায়ক গোটৰ সদস্যা ৰঞ্জিতা সিংহাই দুগ্ধপালনত আত্মনিয়োগ কৰিছে।
খ) শিলচৰ সমষ্টিৰ শিলচৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত লক্ষ্মী আত্মসহায়ক গোটৰ সদস্যা তাপসী দেৱে দুগ্ধভিত্তিক খাদ্য সংসাধন উদ্যোগ স্থাপন কৰি মাহিলি প্ৰায় ১৫ হাজাৰ টকা উপাৰ্জন কৰে।
গ) ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ সোণালী আত্মসহায়ক গোটৰ সদস্যা মনিষা গগৈ নেওগে নিজৰ উদ্যোগৰ পৰা এতিয়া প্ৰতি মাহে ২০,০০০ৰ পৰা ৩০,০০০ টকালৈকে উপাৰ্জন কৰি লাখপতি বাইদেউ হিচাপে সমষ্টিটোৰ মহিলা উদ্যমীসকলৰ বাবে আদৰ্শ স্থাপন কৰিছে।
ঘ) লুহিজান মাজ গাঁৱৰ আত্মসহায়ক গোটৰ সদস্যা মন্দিৰা দেৱী দেউৰীয়ে জৈৱিক ষ্ট্ৰবেৰী আৰু ভোট জলকীয়াৰ খেতি কৰি উদ্যমিতাৰ পথ প্ৰশস্ত কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত অংশ লৈ কয়, “কৃষি, পশুপালন, হস্ততাঁত- হস্তশিল্প আদি ক্ষেত্ৰত এই মহিলা উদ্যমীসকলে নিজৰ জীৱিকাক মজবুত কৰি গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ দিশত আগবাঢ়ি আহিছে। তেওঁলোকৰ এই যাত্ৰা অব্যাহত ৰাখিবলৈ আমি ভৱিষ্যতৰ দিনতো একেলগে থিয় দিম৷”









