কাছাৰ জিলাৰ বাসিন্দা লক্ষ্মী ৰাণী সিনহা; সূৰ্যোদয়ৰ আগতেই নিজৰ গৃহকৰ্ম সম্পূৰ্ণ কৰিবলৈ তেখেতে চেষ্টা কৰে। এনেদৰেই ঘৰুৱা দায়িত্ব সামৰি তেখেতৰ দোকান ‘পৰিমল ছুইটছ্’ত ব্যস্ত হৈ পৰে। দিনটো গ্ৰাহকৰ সেৱাত ব্যস্ত হৈ থকা লক্ষ্মীয়ে ২০১৫ চনত এখন সৰু চাহৰ দোকানৰ পৰা আৰম্ভ কৰিছিল এই ব্যৱসায়ৰ যাত্ৰা। বৰ্তমান অঞ্চলটোত মিঠাইৰ বাবে একমাত্ৰ নিৰ্ভৰযোগ্য ঠিকনা হিচাপে পৰিগণিত হৈছে লক্ষ্মী ৰাণী সিনহাৰ ‘পৰিমল ছুইটছ’।
“ব্যৱসায়ৰ যাত্ৰা মোৰ বিয়াৰ পাছত আৰম্ভ হৈছিল। মই অনুভৱ কৰিছিলোঁ যে শহুৰ দেউতাৰ সৈতে স্বামীয়ে গেলামাল দোকানত কাম কৰি পোৱা ধন আমাৰ পৰিয়ালটোৰ বাবে যথেষ্ট নহয়। তেতিয়াই আমি উপাৰ্জনৰ আন এক বাট বিচাৰি উলিওৱাৰ কথা চিন্তা কৰিলোঁ। এনেদৰেই আমাৰ ১৫,০০০ টকাৰ সঞ্চয়ৰে এখন সৰু চাহৰ দোকান খুলি চাহ, বিস্কুট আদি বিক্ৰী কৰিবলৈ আৰম্ভ কৰোঁ,” লক্ষ্মী ৰাণীয়ে অসম বাৰ্তাৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত এনেদৰে কয়।
২০১৮ চনত লক্ষ্মী ৰাণীয়ে স্বামীৰ ইচ্ছাৰ বিপৰীতে মুন আত্মসহায়ক গোটত যোগদান কৰিছিল। তেখেতে বেংক, চিএলএফ, প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ অধীনত ঋণৰ লগতে আৰ্থিক সাহায্যও লাভ কৰে। এই আৰ্থিক সাহায্যৰ প্ৰাপ্তিৰ ফলত লক্ষ্মী ৰাণীৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু এনেদৰেই ভৱিষ্যৎমুখী চিন্তা-চৰ্চাৰে আগুৱাই তেখেতে মিঠাইৰ ব্যৱসায় আৰম্ভ কৰে।
“আমাৰ দোকানৰ মিঠাই, পুৰী আৰু ঘুগুনি জনপ্ৰিয় হৈ পৰিছে আৰু ঈশ্বৰৰ কৃপাত আমাৰ ব্যৱসায়ো ভালদৰেই চলি আছে। এতিয়া আমাৰ বাৰ্ষিক আয় লাখৰো অধিক। বৰ্তমান দোকানখনত চাৰিগৰাকী কৰ্মচাৰীক সংস্থাপন দিয়া হৈছে,” লক্ষ্মী ৰাণীয়ে কয়।
ঠিক একেদৰে গোলাঘাটৰ বাসিন্দা চম্পা ফুকনে জৈৱিক কৃষিৰ জৰিয়তে মহিলা সবলীকৰণৰ ক্ষেত্ৰত আনৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে। তেখেতৰ ব্যৱসায়ৰ যাত্ৰা ২০১১ চনত আৰম্ভ হৈছিল। চম্পা ফুকন আৰু তেখেতৰ স্বামী নিতুল ফুকনে মধ্যভোগীৰ পৰা অৱহেলাৰ সন্মুখীন হৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ সিদ্ধান্ত লয় আৰু জৈৱিক চাহ উৎপাদনৰ প্ৰচেষ্টা গ্ৰহণ কৰে।
“আৰম্ভণিতে মানুহে জৈৱিক চাহ উৎপাদনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাছিল। তেওঁলোকে এইক্ষেত্ৰত লাভজনক দিশৰ বিষয়েও অৱগত হোৱা নাছিল। কিন্তু আমি আমাৰ অভিযানত দৃঢ়প্ৰতিজ্ঞ হৈ থাকিলোঁ। ২০১৭ চনত ‘চয়নিকা চাহ’ আৰম্ভ কৰি চাহ উৎপাদনৰ ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰিলোঁ। ইয়াৰ বাবে আমি চাহ বিশেষজ্ঞসকলৰো কাষ চাপি তেওঁলোকৰ দিহা-পৰামৰ্শ লাভ কৰিছিলোঁ। তেওঁলোকে আমাৰ চাহৰ গুণগত দিশটোত মুগ্ধ হৈ সহায়ৰ হাত আগবঢ়ালে আৰু আমিও এই উদ্যোগৰ উত্তৰণৰ বাবেই মনোনিৱেশ কৰিলোঁ,” চম্পা ফুকনে কয়।
এই ব্যৱসায়ৰ প্ৰধান লক্ষ্য আছিল অঞ্চলটোৰ মহিলাসকলৰ সবলীকৰণ নিশ্চিত কৰা। বেছিভাগ মহিলাৰ দ্বাৰাই পৰিচালিত ১০-১২খন ক্ষুদ্ৰ চাহ বাগিচাক চম্পা আৰু তেখেতৰ স্বামীয়ে জৈৱিক বাগিচালৈ পৰিৱর্তন কৰিছিল। তেওঁলোকে চাহপাতৰ উচিত মূল্য দিয়াৰ লগতে মহিলাসকলক প্ৰশিক্ষণ আগবঢ়োৱাৰ ব্যৱস্থাও গ্ৰহণ কৰিছিল।
বৰ্তমান চম্পা দম্পতীৰ সৈতে প্ৰায় ১০গৰাকী মহিলাই কাম কৰি আছে। ইয়াৰ ভিতৰত চাহ জনগোষ্ঠীয় সমাজৰ পাঁচগৰাকী মহিলা অন্তৰ্ভুক্ত। চম্পাই লগতে কয়, “আমাৰ এখন ৰিটেইল শ্ব’পো আছে, য’ত তিনিগৰাকী মহিলা কৰ্মৰত।”
তেওঁলোকে ‘বাটাৰফ্লাই পি ফ্লাৱাৰ টী’ উৎপাদনো আৰম্ভ কৰিছে আৰু তেওঁলোকৰ সৈতে জড়িত মহিলাসকলক এই ফুল উৎপাদনৰ লগতে আনুষংগিক কামসমূহ কৰিবলৈও উৎসাহিত কৰিছে। বৰ্তমান চম্পা ফুকনৰ মাহিলি উপাৰ্জন ২.৫-৩ লাখ টকা।
লক্ষ্মী ৰাণী আৰু চম্পা ফুকন অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ২০গৰাকী ‘মহা লাখপতি বাইদেউ’ৰ তালিকাত অন্তৰ্ভুক্ত হৈ স্বীকৃতি লাভ কৰিছে।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে অসম বাৰ্তাৰ প্ৰতিৱেদকৰ সৈতে বাৰ্তালাপ কৰি কয়, “২০২৩ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিকোটি লাখপতি বাইদেউৰ সৃষ্টিৰে মহিলা সবলীকৰণত গুৰুত্ব দিছিল। মহিলাসকলৰ আত্মসহায়ক গোটসমূহৰ প্ৰচেষ্টাত এই পদক্ষেপে গাঁৱৰ মহিলাসকলক উদ্যমিতাৰ জৰিয়তে আৰ্থিকভাৱে টনকিয়াল কৰাৰ উপৰি আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাতো অগ্ৰাধিকাৰ দিছে। ‘লাখপতি বাইদেউ’ৰ দৰে পদক্ষেপৰ দ্বাৰা গাঁৱৰ মহিলাসকলে বিভিন্ন ক্ষেত্ৰত জড়িত হৈ বাৰ্ষিক ১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।”
তেখেতে লগতে কয়, “এই আঁচনিৰ অধীনত ৮.৮০ লাখতকৈও অধিক মহিলাক প্ৰশিক্ষণ দিয়া হৈছে। দক্ষতা বিকাশৰ প্ৰশিক্ষণ, আৰ্থিক দিশৰ বিভিন্ন জ্ঞান প্ৰদান, প্ৰয়োজনীয় বস্তু তথা সম্পদৰ যোগান ধৰি উপাৰ্জনমূলক বিভিন্ন কাম-কাজ আৰম্ভ কৰিবলৈও প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ ভিতৰত কৃষি, হস্তশিল্প, ক্ষুদ্ৰ উদ্যোগ আৰু সেৱামূলক বিভিন্ন কাম-কাজ অন্তৰ্ভুক্ত।”
সঞ্চালকগৰাকীয়ে কয়, “লাখপতি বাইদেউ’ শীৰ্ষক পদক্ষেপৰ সফলতাৰ পাছত আমি মহা লাখপতি বাইদেউৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যিসকল মহিলাই উদ্যমিতাৰ জৰিয়তে বছৰি ১০ লাখতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, তেওঁলোকক সহায়-সহযোগিতাৰ হাত আগবঢ়াবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৰ্তমানলৈকে ২০গৰাকী মহিলাক ‘মহা লাখপতি বাইদেউ’ৰ স্বীকৃতি দিয়া হৈছে। আমি জানিবলৈ পাই আনন্দিত হৈছোঁ যে এই পদক্ষেপে গাঁৱৰ মহিলাসকলক কৰ্মসংস্কৃতিৰ বাণীৰে উদ্বুদ্ধ হ’বলৈ প্ৰেৰণা যোগাইছে।”