ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ ৯ জনীয়া প্ৰতিনিধি দলে শেহতীয়াকৈ ছয়দিনীয়া কাৰ্যসূচীৰ সৈতে অসম আৰু মেঘালয় ভ্ৰমণ কৰে।
প্রতিনিধি দলটোৱে গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু হাজোৰ হায়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰে। দ্বিতীয় দিনা তেওঁলোকে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান, উমানন্দ, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ আৰু ৰ’য়েল ভূটান কন্সুল জেনেৰেলৰ কাৰ্যালয় পৰিদৰ্শন কৰে।
অৰুণ কাপুৰৰ নেতৃত্বত অহা দলটোত আছিল ভূটানৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ছেৰিং ৱাংচুক, সাংসদ তাশি ৱাংগিয়েল আৰু গেলেফু মাইণ্ডফুলনেছ চিটিৰ কাৰ্যৰ সৈতে জড়িত সদস্যসকল। তেওঁলোকে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ১০ জুনত সাক্ষাৎ কৰে। এই বৈঠকত অসম-ভূটানৰ মাজত সহযোগিতা বৃদ্ধি কৰা, প্ৰতিষ্ঠান আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক মজবুত কৰা আৰু বিশেষকৈ যুৱ প্ৰজন্মৰ উৎকৰ্ষ তথা বিকাশক কেন্দ্ৰ কৰি আলোচনা কৰা হয়।
এই বৈঠকৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “গেলেফু মাইণ্ডফুলনেছ চিটিৰ দলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’লোঁ। ভূটানৰ মহামহিম নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংচুকৰ এই প্ৰকল্পৰ বিষয়ে আলোচনা কৰা হয়, যাৰ জৰিয়তে ভূটানত সমৃদ্ধিৰ নতুন বতৰা আহিব আৰু অসমেও ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ’ব।”
ইয়াৰ পাছত ১১ জুন তাৰিখে প্ৰতিনিধি দলটোৱে পৱিত্ৰ কামাখ্যা মন্দিৰ, পাণ্ডু বন্দৰ পৰিদৰ্শন কৰে আৰু তাৰ পাছত ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত অসম আৰু ভূটানৰ মাজত থকা সমৃদ্ধিশালী সাংস্কৃতিক আৰু ভৌগোলিক ঐতিহ্যৰ লগতে অৰ্থনৈতিক দিশ আৰু জনগণৰ মাজত সংযোগ বৃদ্ধিৰ সুযোগৰ বিষয়ে আলোচনা কৰা হয়।
গেলেফু মাইণ্ডফুলনেছ চিটিয়ে আগবঢ়োৱা অনন্য সুযোগৰ জৰিয়তে অৰ্থনৈতিক ক্ষেত্ৰৰ বিকাশৰ পথ মুকলি হ’ব বুলি বৈঠকত দুয়োপক্ষই সদৰী কৰে। প্রতিনিধি দলটোৱে উন্নয়নক এই পদক্ষেপৰ মূল আদৰ্শ হিচাপে গ্ৰহণ কৰি অসম আৰু ভূটানৰ বাবে দীৰ্ঘকালীন আৰু পৰস্পৰ লাভজনক ফলাফল সৃষ্টি কৰাৰ বিষয়ত গুৰুত্ব দিয়ে।










