বৰগীত class 10 | বৰগীত short questions

বৰগীত class 10, বৰগীত class 10 pdf, বৰগীত class 10 short questions, বৰগীত class 11, বৰগীত কাক বোলে, –

বৰগীত কাক বোলে

বৰগীত class 10 অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ, নিৰ্দিষ্ট ৰাগ বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত (ইংৰাজী: Borgeet) বোলা হয়। বৰগীতসমূহ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখ্যাৰে ব্ৰজাৱলী ভাষা (ব্ৰজবুলি)ত ৰচিত। মহাপুৰুষ দুজনাই তেওঁলোকে ৰচনা কৰা গীত সমূহক বৰগীত হিচাপে নামকৰণ কৰা নাছিল। পৰবৰ্তী কালত তেওঁলোকৰ শিষ্য সকলে গীতসমূহক “বৰগীত” হিচাপে নামকৰণ কৰিছিল।  বাণীকান্ত কাকতিয়ে ইংৰাজীত বৰগীতক noble numbers, কালিৰাম মেধিয়ে great songs বা songs celestial আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই holy songs আখ্যা দিছে।

শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ)টা গীতৰ সংগ্ৰহ পোৱা যায়। চৰিত পুথি মতে, তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলব্ধ । অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে।

বৰগীত class 10 short questions

A. 1. তোমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত বৰগীতটোত কবিয়ে `বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰ:- হৰিক সম্বোধন কৰিছে।
 
2. মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ:- নামঘোষা।
 
B. 1. বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা।
উত্তৰ:- বৰগীতৰ তিনিটা লক্ষণ হল-
১) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হল বৰগীত।
২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত গীত।
2. চমুটোকা লিখা : ব্ৰজাৱলী ভাষা
উত্তৰ:- ব্ৰজাৱলী ভাষা :- ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ত গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী
 
3. “……. নেৰিবা বান্ধৱ মোক জীৱনে মৰণে”
– কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰ:- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে।
 
 
4. মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা।
উত্তৰ:- মাধৱদেৱৰ ৰচনাসমূহক চাৰিটা ভাগত ভগাব পাৰি।
১) আখ্যানমূলক ৰচনা – ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
২) তত্ত্বমূলক ৰচনা – জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।
৩) নাট – অৰ্জুন ভঞ্জন বা দধিমথন।
৪) ঝুমুৰা – চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি- লেটোৱা, ভোজন বিহাৰ।
 
 
5. “সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায় ॥”
  – ইয়াত কবিয়ে কি প্ৰসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে?
উত্তৰ:- ওপৰত উল্লেখিত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে হৰিৰ মহিমাৰ কথা কবলৈ বিচাৰিছে।
       হৰিৰ মহিমা অপাৰ। যুগসিদ্ধ পুৰুষে তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিৰ সাধাৰণ মানুহৰ বাবে লাভ কৰাটো তেনেই অসম্ভৱ। সনক, সনন্দ যোগী সকলেও তেওঁক ধ্যান কৰি লাভ কৰিব নোৱাৰে। হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি কবিয়ে ভগৱান পাৰ্থনা কৰিছে যাতে হৰিয়ে তেওঁক জীৱনে মৰণে এৰা নিদিয়ে।
 
 
C. 1. মোহ- পাশ মানে কি?
উত্তৰ:- মায়াৰ বন্ধন।
 
 
2. মাধৱদেৱৰ জন্মস্হান কি?
উত্তৰ:- লক্ষিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত।
 
 
3. মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?
উত্তৰ:- ১৯১ টা।
 
 
4. `ছোড়’ শব্দৰ অৰ্থ কি?
উত্তৰ:- ছিঙি দিয়া।
 
 
5. মাধৱদেৱৰ বিৰচিত কাব্য খনৰ নাম কি?
উত্তৰ:- ৰাজসূয় কাব্য।
 
 
6. মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয় শিষ্য আছিল?
উত্তৰ:- শংকৰদেৱৰ।
 
 
7. `নামঘোষা’ ক আৰু কি নামেৰে জনা যায়?
উত্তৰ:- হেজাৰী ঘোষা।
 
8. `অৰ্জুন ভঞ্জন’ নাটকখন কোনে ৰচনা কৰিছিল?
উত্তৰ:- শ্ৰী শ্ৰী মাধৱদেৱে।
 
 
9. কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰ:- বিষয় বাসনাত।
 
 
10. বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ লব বিচাৰিছে?
উত্তৰ:- হৰিৰ চৰণত।
 
 
11. “সনক সনন্দ যোগী যাহাকু ধিয়ায়।”
  – সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উত্তৰ:- হৰিক।
 
 
12. শব্দাৰ্থ লিখা।
উত্তৰ:- যাহাকু – যিজনক
ধিয়ায় – ধ্যান কৰে।
নিগম – নিগম শাস্ত্ৰ।
বিষয় বিকলে – সাংসাৰিক দুখ।
শৰণ – চৰণ।
ছোড় – ছিঙি দিয়া।
মোহ পাশ – মায়াৰ বন্ধন।
 
 
B. 1. মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল?
উত্তৰ:- মাধৱদেৱৰ পিতৃ হল গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা।
 
 
2. মাধৱদেৱে কত কত ধৰ্ম প্ৰচাৰ কৰিছিল?
উত্তৰ:- মাধৱদেৱে বাৰাদি, গণককুছি, সুন্দৰীদিয়া আৰু ভেলাজেংগাত ধৰ্ম প্ৰচাৰ কৰিছিল।
 
 
3. মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰ:- অৰ্জুন ভঞ্জন বা দধিমথন।
 
 
4. মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ কি কি?
উত্তৰ:- মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ হল জন্মৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা।
 
 
5. বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ:- বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য হল –
১) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হল বৰগীত।
২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত গীত।
 
 
6. “আতুৰ ভৈলোহো হৰি বিষয় বিকলে।” – ইয়াত বিষয় বিকলে মানে কি বুজাইছে?
উত্তৰ:- ইয়াত বিষয় বিকল মানে সাংসাৰিক দুখ, কষ্ট বুজাইছে।
 
 
7. “তোমাৰ চৰণ দুই মোৰ মহাধন।”- ইয়াত উল্লেখ কৰা মহাধন মানে কি?
উত্তৰ- ইয়াত মহাধন বুলি ভগৱানৰ চৰণৰ কথা কোৱা হৈছে।
 
8. “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।”- ইয়াত কি মোহপাশৰ কথা কোৱা হৈছে?
উত্তৰ:- ইয়াত হৰিৰ মায়াৰ বন্ধনৰ কথা কোৱা হৈছে।
 
 
C. 1. বৰগীতৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰ:- নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীৰ ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাজেংগা আদিত ধৰ্ম প্ৰচাৰ কৰে। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল নামঘোষা। এহেজাৰটা ঘোষা থকাৰ বাবে এইখন হেজাৰী ঘোষা বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হল –
আখ্যানমূলক ৰচনা – ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
 তত্ত্বমূলক ৰচনা – জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।
 নাট – অৰ্জুন ভঞ্জন বা দধিমথন।
 ঝুমুৰা – চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি- লেটোৱা, ভোজন বিহাৰ।
 
 
 
2. বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰ:- হৰিৰ মহিমা অপাৰ। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে হৰি চৰণত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰে। ভকতৰ বাবে হৰিৰ চৰণযুগল হল পৰমধম আৰু ভকতৰ বাবে হৰি হল জীৱনস্বৰূপ। হৰিৰ মহিমাৰ কথা বাদদি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। হৰিৰ চৰণযুগল হল পৰমধন। হৰিৰ আগত অজস্ব ধন সোণ তেওঁলোকৰ বাবে মূল্যহীন। হৰিক লাভ কৰিব বাবে ভকতে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে পাৰ্থনা কৰে। যাতে হৰিৰ চৰণযুগলত আশ্ৰয় লব পাৰে। আৰু জীৱনৰ শেষ সময়খিনি তেওঁৰ চৰণতে সমাপ্ত কৰিব বিচাৰে। সেইবাবে তেওঁলোকে কাতৰ ভাৱে হৰিক পাৰ্থনা কৰে যাতে হৰিয়ে জীৱনে মৰণে তেওঁলোকৰ লগ নেৰে।
 
3. “সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকলে নিগমে যাক বিচাৰি নাপায়।” – তাৎপৰ্য বাখ্যা কৰা।
উত্তৰ:- হৰিৰ মহিমাৰ অপাৰ। তেওঁ পৰম ব্ৰহ্ম। তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। সনক, সনন্দ আদি যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে হৰিক পাৰ্থনা কৰে, যাতে তেওঁ হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰিলে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। হৰি মহিমাময়। তেওঁৰ মহিমা সনক, সনন্দ আদি যোগী সকলোৰো অজ্ঞাত। সেয়েহে হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি ভক্তই হৰিক কাতৰ ভাৱে পাৰ্থনা কৰিছে, যাতে তেওঁক জীৱনে মৰণে কেতিয়াও লগ নেৰে।
 
 
6. প্ৰসংগ, সংগতি দৰ্শাই বাখ্যা কৰা।
ক) সনক, সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায়।
উত্তৰ:- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
       হৰিৰ চৰণযুগল লাভ কৰাটো যে ইমাণ সহজ কাম নহয় সেই কথা কবলৈ গৈ কবিয়ে উপৰোক্ত কবিতাফাঁকি উল্লেখ কৰিছে। হৰিৰ মহিমাৰ অপাৰ। তেওঁ পৰম ব্ৰহ্ম। তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। সনক, সনন্দ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি । এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে হৰিক পাৰ্থনা কৰে, যাতে তেওঁ হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰিলে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। হৰি মহিমাময়। হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি সনক, সনন্দ আদি যোগীসকলে হৰিক কাতৰ ভাৱে পাৰ্থনা কৰিছে  যাতে তেওঁ জীৱনে মৰণে কেতিয়াও ভক্তৰ লগ নেৰে।
 
খ) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
উত্তৰ:- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
     হৰিৰ মহিমাৰ কথা কবলৈ গৈ কবিয়ে উক্ত গীতফাকি উল্লেখ কৰিছে।
       হৰিৰ মহিমা অপাৰ। তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰে। এনেহেন পৰম মহিমাময় হৰিকউপলব্ধি সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। কিছু কিছু ভক্তই বছৰ বছৰ ধৰি হিমালয় পৰ্বতৰ বৰফত, পানীৰ তলত বছৰ বছৰ ধৰি ধ্যান কৰি থাকে। হৰিৰ মহিমাক লাভ কৰিবলৈ। কিন্তু হৰিক সন্তুষ্ট কৰি তেওঁৰ মহিমাক লাভ কৰাটো সম্ভৱ নহয়। সেইবাবে ভক্ত কবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মান্তৰ সৃষ্টি কৰিছে, স্থিতি – স্থিতিলয়ৰ গৰাকী সেই গৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই। ব্ৰহ্মা, মহেশ্বৰ দেৱতাসকলৰো অজ্ঞাত হৰিৰ মহিমা মাধৱদেৱৰ দৰে সাধাৰণ ভক্তৰ বাবে বুজাটো তেনেই অসম্ভৱ।
 
 
গ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ॥
উত্তৰ:- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
      মায়ামোহত আৱদ্ধ কবিয়ে মুক্ত বিচাৰি ভগৱানৰ চৰণত পাৰ্থনা জনোৱাৰ প্ৰসংগত উক্ত গীতফাকি উল্লেখ কৰিছে।
      পৰম ব্ৰহ্ম পৰমেশ্বৰ নিম্ভৰ্ণ, নিৰাকাৰ। নিগুৰ্ণ ব্ৰহ্মাই গুণ ৰূপে অৱতাৰ গ্ৰহণ কৰি জগতৰ তৰণৰ হেতু বিভিন্ন লীলা প্ৰকাশ কৰে। হৰিৰ ভক্ত সকলে বিশ্বাস কৰে যে হৰিৰ চৰণত স্হান লাভ কৰিব পাৰিলে সংসাৰ মায়ামোহ, বিষয় – বাসনাৰ পৰা মুক্তি লাভ কৰিব পাৰি। ভক্তি কবি সংসাৰৰ মায়া মোহ, বিষয়- বাসনাত আৱদ্ধ। সেইবাবে তেওঁ হৰিক কাতৰ ভাৱে পাৰ্থনা কৰিছে যাতে হৰিয়ে নিজৰ চৰণত কবিক স্হান দি এই সংসাৰৰ মায়া- মোহ, বিষয়- বাসনাৰ পৰা উদ্ধাৰ কৰে।
 
 
ঘ) তোমাৰ চৰণ দুই মোৰ মহাধন।
ভকত জনেৰ নিজ তুমিসে জীৱন ॥
উত্তৰ:- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
        ভগৱানৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে ভগৱানেই যে জীৱনস্বৰূপ সেই কথা কবলৈ গৈ কবিয়ে উক্ত গীতফাকি উল্লেখ কৰিছে।
       হৰিৰ ভক্তসকল ভগৱানৰ প্ৰেমত একেবাৰে নিমজ্জিত। হৰিক বাদ দি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। ভক্তৰ বাবে হৰিয়েই হল জীৱনস্বৰূপ। ভক্তৰ বাবে হৰিৰ চৰণক বাদ দি সকলো ধন- বিত, সা- সম্পতি সকলোবোৰ অৰ্থহীন। হৰিৰ দুই চৰণকমল তেওঁলোকৰ বাবে জীৱনস্বৰূপ। প্ৰকৃত ভক্তই হৰিৰ প্ৰেমত এনেদৰে নিমজ্জিত হয় যে তাতোকৈ শ্ৰেষ্ঠ, ভাল, আনন্দদায়ক কিবা থাকিব পাৰে বুলি তেওঁলোকে ভাবিবই নোৱাৰে। হৰিৰ চৰণ তেওঁলোকৰ বাবে অজস্ব ধন সম্পত্তিতকৈও অধিক মূল্যৱান। সেই দুই চৰণতে তেওঁলোকৰ জীৱনৰ প্ৰকৃত সুখ, আনন্দ আদি লুকাই থাকে। সেইবাবে ভক্তসকলে হৰিৰ প্ৰেমত আপোন পাহৰা হৈ তেওঁকেই জীৱনৰ প্ৰকৃত সম্পদ বুলি ধৰি লয়।
 

বৰগীত class 10

Keywords – বৰগীত class 10, বৰগীত class 10 pdf, বৰগীত class 10 short questions, বৰগীত class 11, বৰগীত কাক বোলে, 

Class 11 Assamese Chapter – 11 বৰগীত: জয় জয় যাদৱ

বৰগীত Class 11 Assamese Chapter – 11 বৰগীত: জয় জয় যাদৱ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Assamese Chapter – 11 বৰগীত: জয় জয় যাদৱ and select needs one.

বৰগীত :জয় জয় যাদৱ – শংকৰদেৱৰ

প্ৰশ্ন ১: শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো ?

উত্তৰঃ ‘মন মেৰি ৰাম চৰণহি লাগু’ ।

প্ৰশ্ন ২: শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি ?

উত্তৰঃ ভক্তি ৰত্নাকৰ ।

প্ৰশ্ন ৩: শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল ?

উত্তৰঃ ছয়খন ।

প্ৰশ্ন ৪: বৰগীতবোৰ কি ভাষাত ৰচিত ?

উত্তৰঃ ব্ৰজাৱলী ভাষাত ।

প্ৰশ্ন ৫: শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি ?

উত্তৰঃ হৰিভক্তিয়েহে জীৱক উদ্ধাৰ কৰিব পাৰে । এয়েই শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য ।

(খ) চমু প্ৰশ্ন : (মূল্যাংক – ২/৩) 

প্ৰশ্ন ১: ‘শ্ৰুত মাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি ? ইয়াৰ দ্ধাৰা কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ ‘শ্ৰুত মাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ হ’ল শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰা ।ইয়াৰ দ্ধাৰা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে । তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় । এইজন ভগৱানেই প্ৰবল জলত বেদসমূহক উদ্ধাৰ কৰিছিল ।

প্ৰশ্ন ২: বৰগীতটিত উল্লেখ কৰা দুজন অসুৰৰ নাম লিখা ।

উত্তৰঃ মধুৰিপু আৰু মুৰনাশী ।

প্ৰশ্ন ৩: বৰগীতটিত ভগৱানৰ শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে ?

উত্তৰঃ ‘মহদানন্দ কন্দ’ মানে মহৎ বা পৰম আনন্দৰ যি মূল কাৰণ । শ্ৰীকৃষ জগতৰ সকলোৱে জীৱন শ্বৰূপ আৰু সকলোৰে দুখহৰ্তা । তেওঁ সকলোৰে আনন্দৰ মূল কাৰণ । সেই কাৰণে শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে ।

প্ৰশ্ন ৪: শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল ?

উত্তৰঃ শ্ৰীকৃষ্ণই বেদসমূহ মৎস অৱতাৰ লৈ উদ্ধাৰ কৰিছিল । তেওঁ প্ৰলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল ।

প্ৰশ্ন ৫: বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে ?

উত্তৰঃ শ্ৰৱণ মানে শুনা কাৰ্য আৰু স্মৰণ মানে অভিজ্ঞান বা মনত পেলোৱা কাৰ্য ।

ভক্তই যেতিয়া সঁচা অন্তৰেৰে ভগৱানৰ নাম স্মৰণ কৰে তেতিয়া ভগৱানে সকলো বিপদৰ পৰা ভক্তক উদ্ধাৰ কৰে । ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ । তেওঁৰ নাম শুনা বা স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় আৰু উদ্ধাৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল ।

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক – ৪/৫) 

প্ৰশ্ন ১: শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটিৰ মূলভাব লিখা ।

উত্তৰঃ শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয় জয় ধ্বনিৰে আৰম্ভ হৈছে । বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে ।

ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ । তেওঁৰ নাম শ্ৰৱণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল ।

এই জগতৰ জীৱন স্বৰূপ শ্ৰীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন মঙ্গলময় শিৱৰূপে বিৰাজমান । শ্ৰীকৃষ্ণই ৰাক্ষসকলক বধ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল লগতে কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবে তেওঁক ‘জগতবন্ধুবিধু’ বুলি কোৱা হয় । বৰগীতটোত শংকৰদেৱে শ্ৰীকৃষ্ণৰ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে । পিতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাইছে । শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বৰ্ণনা কৰিছে ।

প্ৰশ্ন ২: বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মঙ্গলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা । 

উত্তৰঃ বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে । ভগৱান শ্ৰীকৃষ্ণ এই জগতৰ ত্ৰাণকৰ্তা । তেওঁৰ নাম স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয় আৰু উদ্ধাৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত মৎস্য অৱতাৰ লৈ বেদমূহক উদ্ধাৰ কৰিছিল । দীন-দুখীয়া আৰু অভাগাৰ প্ৰতি তেওঁৰ কৰুণা অপাৰ । শ্ৰীকৃষ্ণই ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্ৰীকৃষ্ণক ‘জগতবন্ধুবিধু’ বুলি কোৱা হয় । চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে, তেনেদৰে ভগবানেও দৈস্যু দানৱসকলক বধ কৰি জগতৰ পাপ হৰণ কৰি সকলোৰে মঙ্গল সাধন কৰি আহিছে ।

প্ৰশ্ন ৩: বৰগীতটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অব্যয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা । 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ মঙ্গলময় ৰূপৰ উপৰিও অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে ।

শ্ৰীকৃষ্ণ এই জগতৰ জীৱন স্বৰূপ । তেৱেঁই সত্য আৰু সনাতন মঙ্গলময় । শিৱৰূপে জগতত বিৰাজমান । সেইবাবেই তেওঁক সত্যম শিৱম সুন্দৰম বুলি কোৱা হয় । বৰগীতটোত শ্ৰীমন্ত শংকৰদেৱে পীতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাইছে বুলি উল্লেখ কৰিছে । অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা শ্ৰীকৃষ্ণৰ অপৰূপ সৌন্দৰ্যই সকলোকে মোহিত কৰিছে ।

প্ৰশ্ন ৪: বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ বিষয়বস্তুৰ মহত্ব, সুৰৰ গাম্ভীৰ্য আৰু ভক্তিভাবৰ আকুল প্ৰকাশেৰে বৰগীতসমূহ অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ । কবিতা বা গীতৰ লগত নিবিড়ভাৱে জড়িত হৈ থকা এটি বিষয় হৈছে কাব্যিক সৌন্দৰ্য । ভাব, ভাষা, ছন্দ, অলংকাৰ ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয় । বৰগীতটিত ‘জগত জনজীৱন অৰ্জন জনাৰ্দন দনুজ দমন দুখহাৰী’ শাৰীটোত ‘জ’ আৰু ‘দ’ ব্যঞ্জন বৰ্ণ দুটা বাৰে বাৰে ব্যৱহাৰ কৰি কবিয়ে ধ্বনি মাধুৰ্যৰ সৃষ্টি কৰিছে । ঠিক তেনেদৰেই শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে । গতিকে চাবলৈ গ’লে বৰগীতটি সাহিত্য সৌন্দৰ্যৰ ফালৰ পৰা এটি উৎকৃষ্ট সৃষ্টি ।

প্ৰশ্ন ৫: ব্যাখ্যাঃ 

(ক)    জগজনজীৱন এজন জনাৰ্দন দনুজদমন দুখহাৰী ।

মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ।।

উত্তৰঃ উক্ত কবিতা দুইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘জয় জয় যাদৱ জলনিধিজা নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে ।

ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণ এই জগতৰ জীৱনস্বৰূপ আৰু তেৱেঁই যে সকলো আনন্দৰ মূল কাৰণ তাকেই কোৱা হৈছে ।

শ্ৰীকৃষ্ণ এই জগতৰ সকলোৰে জীৱনস্বৰূপ । তেওঁৰ নাম শুনা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল । তেওঁ ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল আৰু কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্ৰীকৃষ্ণক ‘জগত বন্ধুবিধ’ বুলিও কোৱা হয় । ইয়াত শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বৰ্ণনা কৰা হৈছে ।

 

বৰগীত class 10 pdf

বৰগীত pdf

বৰগীত বৈশিষ্ট্য

বৰগীত class 7

বৰগীত লক্ষণ

বৰগীত class 11 মূলভাব

বৰগীত class 11

বৰগীত মানে কি

Add Comment