শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত ইউএছ ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ (ইউএছআইএছপি) ফ’ৰামৰ এখন বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই “সবল নীতিৰ সম্ভাৰেৰে বিনিয়োগৰ এক শক্তিশালী পৰিৱেশ” সৃষ্টি কৰিবলৈ ৰাজ্য চৰকাৰখনে অহৰহ প্ৰচেষ্টা কৰাৰ লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি তেওঁৰ দৃষ্টিভংগীৰ দৃঢ়তাৰ বিষয়ে উল্লেখ কৰে৷
ড॰ শৰ্মাই উপস্থিত সকলোকে উদ্দেশ্যি কয় যে ভৌগোলিক, প্ৰাকৃতিক সম্পদ, উদ্ভিদ আৰু প্ৰাণী আদি আমাৰ অন্তৰ্নিহিত সামৰ্থ্যক প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ পথ নিৰ্দেশনাৰে এক নীতিবদ্ধৰূপত আগুৱাই অসমত সম্ভাৱনাৰ অসংখ্য দুৱাৰ মুকলি কৰিছে৷ তেওঁ এই হাই প্ৰফাইল বৈঠকত উল্লেখ কৰে, “চাহৰ পৰা বাণিজ্য আৰু পৰ্যটনলৈকে, আমি ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ৷”
ইয়াৰ পূৰ্বে, ফ’ৰামৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া মুকেশ আঘিয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে ২০২৩ চনৰ বাজেটৰ পূৰ্বে ভাৰতৰ অৰ্থনৈতিক দৃষ্টিভংগীক মূল্যাংকন কৰি এই বিষয়ে আলোচনা কৰিবলৈ এই প্ৰতিনিধি দলটো ভাৰতলৈ আহিছে৷ লগতে তেওঁলোকে ভাৰত জি-২০ সভাপতি হোৱাৰ প্ৰাকমুহূৰ্তত উত্তৰ প্ৰদেশ আৰু অসমৰ দৰে ৰাজ্যসমূহত কেনেদৰে বিনিয়োগৰ নতুন পৰিৱেশ সৃষ্টি কৰা হৈছে এই বিষয়ে অৱলোকন কৰিছে৷
ইউএছআইএছপিএফ হৈছে ৱাশ্বিংটন ডিচি আৰু নতুন দিল্লীত আমেৰিকা-ভাৰত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে সমৰ্পিত এক অনালাভকাৰী স্বতন্ত্ৰ প্ৰতিষ্ঠান৷