উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান
১৯ ছেপ্তেম্বৰ ২০২২ত থাইলেণ্ডৰ ভাৰতস্থ ৰাষ্ট্ৰদূত পাট্টাৰাত হংটঙে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ মন্ত্ৰী বিমল বড়াৰ লগতে অসমৰ উদ্যোগ বিভাগৰ সচিব ড° লক্ষ্মণন এছক সাক্ষাৎ কৰি দুয়ো দেশৰ মাজত ব্যৱসায় আৰু বাণিজ্যিক সম্ভাৱনীয়তাৰ সন্দৰ্ভত আলোচনা কৰে৷ লক্ষ্মণনে ৰাষ্ট্ৰদূতগৰাকীৰ লগতে থাইলেণ্ডৰ দলটোক অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ সন্দৰ্ভত অৱগত কৰে৷ বিষয়াগৰাকীয়ে অচিৰেই সম্পূৰ্ণ হ’ব লগা যোগীঘোপাৰ লজিষ্টিক পাৰ্কখনৰ লগতে এক্ট ইষ্ট পলিচীয়ে সৃষ্টি কৰা বাণিজ্যিক সুযোগৰ বিষয়েও থাইলেণ্ডৰ দলটোৰ সমুখত ব্যক্ত কৰে৷ জনতা ভৱনত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° শৰ্মা, মন্ত্ৰী বিমল বড়া আৰু ড° লক্ষ্মণন এছৰ লগতে আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, বিশিষ্ট উদ্যোগী অভিজিৎ বৰুৱা আৰু উদ্যোগ বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল৷
স্বাস্থ্য বিভাগ
জনসাধাৰণে যাতে সহজে স্বাস্থ্য সেৱা লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যখনতে স্বাস্থ্য খণ্ডৰ বিকাশ সাধনত বিশেষ গুৰুত্ব প্ৰদান কৰি বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছে৷ এনে বিকাশমুখী পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০ ছেপ্টেম্বৰ ২০২২ত বিশ্বনাথ জিলাত প্ৰায় ১৮ কোটি টকা নিৰ্মাণব্যয় সাপেক্ষ ১০০খন বিছনাযুক্ত গহপুৰ মহকু মা অসামৰিক চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰে৷ সু-স্বাস্থ্যৰ দিশত এই চিকিৎসালয়খনে গহপুৰবাসীৰ বহুদিনীয়া অভাৱ পূৰণ কৰিবলৈ সক্ষম হ’ব৷ অনুষ্ঠানত তেখেতৰ সৈতে উপস্থিত থাকে কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, সাংসদ পল্লৱ লোচন দাস, বিধায়কদ্বয় উৎপল বৰা, ৰঞ্জিত দত্ত প্ৰমুখ্যে বহু গণ্য-মান্য লোক৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ
ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত ২০ ছেপ্টেম্বৰ ২০২২ত এককালীন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ এই আঁচনিৰ অধীনত ৰাজ্যখনৰ ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰৰ প্ৰায় ১২,০০০গৰাকী স্বামীহাৰা মহিলাক ২৫,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷ এই এককালীন আৰ্থিক সাহায্য হৈছে নিয়মীয়া মাহিলি পেঞ্চনৰ উপৰি এটা অতিৰিক্ত ধনৰাশি৷ তেজপুৰ কলেজিয়েট স্কুলৰ খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, অশোক সিংহল, কেশৱ মহন্ত, সাংসদ পল্লৱ লোচন দাসৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷