ৰুকছানা বেগমে (নাম সলনি কৰা হৈছে) নিজৰ ১৫সংখ্যক জন্মদিনৰ কথা ভাবিলে উদযাপনতকৈ এটি বিশেষ সিদ্ধান্তৰ কথাহে মনত পেলায়। তেখেতৰ পিতৃ-মাতৃয়ে লোৱা এটি দৃঢ় সিদ্ধান্তই বাল্য বিবাহৰ পৰা ৰুকছানাক ৰক্ষা কৰিলে।
“মোৰ দেউতা দৈনিক মজুৰি লাভ কৰা এগৰাকী শ্ৰমিক। আৰ্থিক অসুবিধা থকাৰ পাছতো তেখেতে সদায় মোক পঢ়িবলৈ উৎসাহ দিছিল। কেইবছৰমান আগতে, মোৰ ১৫সংখ্যক জন্মদিনৰ পূৰ্বে এটি বিবাহৰ প্ৰস্তাৱ আহিছিল। কোৱা হৈছিল যে ল’ৰাজনে ভাল কাম কৰি আছে। কিন্তু মোৰ পিতৃ-মাতৃয়ে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে। তেওঁলোকে ক’লে, মই বয়সত সৰু, বিবাহ পাছতো হ’ব পাৰে,” ৰুকছানাই কয়।
ৰুকছানাৰ কাহিনী হৈছে এনে হাজাৰ কাহিনীৰ এটি অংশ, যিয়ে আজিৰ অসমত চলি থকা এক গভীৰ পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে। বাল্য বিবাহ হ্ৰাসৰ ক্ষেত্ৰত অসমে সমগ্ৰ ভাৰতৰ ভিতৰত আটাইতকৈ বেছি উন্নতি সাধন কৰিছে বুলি কেন্দ্ৰীয় সংস্থা Center for Legal Action and Behaviour Change for Children (C-LAB) ৰ এখন নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে।
“ Tipping Point to Zero: Evidence Towards a Child Marriage Free India ” শীৰ্ষক প্ৰতিবেদন অনুসৰি, ২০২২ এপ্ৰিলৰ পৰা ২০২৫ মাৰ্চলৈকে অসমত ছোৱালীৰ মাজত বাল্য বিবাহৰ হাৰ ৮৪% হ্ৰাস পাইছে আৰু ল’ৰাৰ মাজত বাল্য বিবাহৰ ক্ষেত্ৰত হ্ৰাসৰ পৰিমাণ ৯১% হৈছে।
ৰাষ্ট্ৰীয় পৰ্যায়ত এই হ্ৰাস ছোৱালীৰ মাজত বাল্য বিবাহৰ ক্ষেত্ৰত ৬৯% আৰু ল’ৰাৰ মাজত বাল্য বিবাহৰ ক্ষেত্ৰত ৭২% আছিল। অৰ্থাৎ, অসমে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড়ৰ তুলনাত বহু দূৰ আগবাঢ়িছে।
প্ৰতিবেদন অনুসৰি, এই অসাধাৰণ সফলতাৰ মূল কাৰক হৈছে কঠোৰ আইন প্ৰয়োগ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা “শূন্য সহনশীলতা নীতি”য়ে বাল্য বিবাহৰ বিৰুদ্ধে আইনক এক শক্তিশালী অস্ত্ৰত পৰিণত কৰিছে।
আৰক্ষীৰ অভিযোগ দাখিল, সচেতনতা অভিযান, সমাজৰ তথ্য আৰু অপৰাধীৰ ওপৰত গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাই এটি স্পষ্ট বাৰ্তা দিছে — “বাল্য বিবাহ কেতিয়াও সহ্য কৰা নহ’ব।”
“আইন প্ৰয়োগ তেতিয়াহে ফলপ্ৰসূ হয়, যেতিয়া সমাজৰ বিশ্বাস আৰু সজাগতাই সহযোগিতা আগবঢ়ায়” — প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। সমীক্ষাৰ সময়ছোৱাত সমাজৰ পৰা দাখিল হোৱা অভিযোগৰ সংখ্যা পাঁচগুণ বৃদ্ধি পাইছিল, যিয়ে দেখুৱাইছে যে নাগৰিকসকলে এতিয়া নীৰৱ সাক্ষী হৈ ৰোৱাটো বন্ধ কৰিছে।
আইনগত ব্যৱস্থাৰ উপৰি অৰ্থনৈতিক সবলীকৰণ বৃদ্ধি কৰা বিভিন্ন আঁচনিসমূহেও সহায়ক ভূমিকা পালন কৰিছে। ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্য আঁচনি “নিযুত মইনা ২.০”-এ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পাছতো শিক্ষা অব্যাহত ৰখা হাজাৰ হাজাৰ ছাত্ৰীৰ বাবে আর্থিক সহায় আগবঢ়াইছে।
এই সফলতাৰ কথা জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰে,“বাল্য বিবাহৰ বিৰুদ্ধে অসমৰ অবিৰত যুঁজৰ ফল লাভ কৰাটো আমি দেখিবলৈ পাইছোঁ। অসমে সমগ্ৰ ভাৰতত বাল্য বিবাহ হ্ৰাসৰ ক্ষেত্ৰত অনন্য সফলতা অৰ্জন কৰিছে। আমি আমাৰ কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিম।”
আনহাতে, মুখ্যমন্ত্রীৰ কাৰ্যালয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে,“বাল্য বিবাহৰ বিৰুদ্ধে যুঁজত অসমে স্থাপন কৰিছে এক দৃষ্টান্তমূলক উদাহৰণ। এই অগ্ৰগতি কেৱল সংখ্যাতেই সীমাবদ্ধ নহয়, এয়া সমাজৰ এক দীঘলীয়া পৰিৱৰ্তনৰ প্ৰতিফলন।”
যোৱা দুই বছৰৰ অধিক সময়ৰ ভিতৰত অসমে বাল্য বিবাহমুক্ত ৰাজ্য হোৱাৰ স্বপ্নক বাস্তৱৰ ওচৰলৈ অনাত দ্ৰুত অগ্ৰগতি লাভ কৰিছে। যিসমূহ গাঁৱে পূৰ্বে বাল্য বিবাহৰ ঘটনা নিয়মীয়াকৈ দেখিছিল, আজিকালি সেই গাঁওবোৰে শিক্ষাৰ আনন্দ আৰু উন্নয়নৰ উৎসৱ পালন কৰিছে।
আনহাতে ৰুকছানাই নিজৰ স্বপ্নকো নতুন গতি দিছে। তেখেতে কয়, “মই ভৱিষ্যতে আইনী শিক্ষাত অধ্যয়ন কৰিবলৈ বিচাৰিছোঁ। চৰকাৰে যেতিয়া অন্যায় বন্ধ কৰিবলৈ পদক্ষেপ ল’ব পাৰে, ময়ো সেই দিশত সহযোগিতাৰ হাত আগবঢ়াব পাৰিম।”
উল্লেখযোগ্য যে, চি-লেবে অসমজুৰি ১৫০খন গাঁৱক কেন্দ্ৰ কৰি এই সমীক্ষা চলাইছিল আৰু সেই সময়ছোৱাত আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, বিদ্যালয় শিক্ষক, সহায়ক নাৰ্ছ, পঞ্চায়তৰ প্ৰতিনিধি আদি সেৱা প্ৰদানকাৰীসকলকো সংযুক্ত কৰা হৈছিল।










