• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Thursday, February 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অসমীয়া

বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ প্ৰচেষ্টা অব্যাহত

AB Bureau by AB Bureau
August 1, 2022
in অসমীয়া, সাক্ষাৎকাৰ
21
0
‘Govt working to reduce intensity of flood’

অসম বাৰ্তাই জল সম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাক সাক্ষাৎ কৰি তেওঁৰ বিভিন্ন বিভাগৰ কাম-কাজৰ উপৰি বান পৰিস্থিতি নিয়ন্ত্ৰণ আৰু বান পৰৱৰ্তী ব্যৱস্থাৰ বিষয়ে বাৰ্তালাপ কৰে৷ এই সাক্ষাৎকাৰৰ কিয়দংশ এনেধৰণৰ-

অসম বাৰ্তা: এইবাৰৰ বান পৰিস্থিতি পূৰ্বৰ তুলনাত কিমান ব্যাপক আৰু প্ৰত্যাহ্বানমূলক আছিল?

পীযুষ হাজৰীকা: অসমৰ বান এটা বৃহৎ সমস্যা৷ গতিকে, এই সমস্যাটো এটা বছৰতে সমাধান কৰিব পাৰি বুলি মই নাভাবোঁ৷ কিন্তু, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এনে কিছুমান ব্যৱস্থা হাতত লৈছোঁ, যিবোৰৰ জৰিয়তে হয়তো অনাগত ভৱিষ্যতত বানৰ প্ৰকোপ কমাব পৰা যাব৷ অসমৰ ভৌগোলিক অৱস্থাটো কিছু ভিন্ন৷ আমাৰ ৰাজ্যখন প্ৰায় চাৰিওফালে পাহাৰেৰে আৱৰা৷ বাৰিষাকালত যেতিয়া অত্যধিক বৃষ্টিপাতৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ পৰা হঠাতে পানী নামি আহে, তেতিয়া তাৰ প্ৰভাৱ অসমতো পৰে৷ গতিকে, মই ভাবোঁ যে বানৰ ক্ষয়-ক্ষতি বা ইয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে এক সুপৰিকল্পিত চিন্তাৰ প্ৰয়োজন আছে৷
যদিও বান পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই আৰু এক-ডেৰ মাহমান এই পৰিস্থিতি থাকিব, গতিকে এতিয়াই ক্ষয়-ক্ষতিৰ সঠিক পৰিমাণ নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয়৷ তথাপি, স্বীকাৰ কৰিব লাগিব যে বানৰ প্ৰকোপ শিলচৰ, নগাঁও আৰু হোজাইত অকল্পনীয় আছিল৷ আনহাতে, মৰিগাঁও আৰু ধেমাজি জিলা দুখন প্ৰতিবছৰে বানত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয় যদিও এইবাৰ তাত ক্ষয়-ক্ষতিৰ পৰিমাণ তুলনামূলকভাৱে কম৷ মোৰ সমষ্টি জাগীৰোডত বানৰ প্ৰভাৱ পূৰ্বৰ বছৰবোৰতকৈ যথেষ্ট কম৷ আগতে বানত বুৰ গৈ থকা মৰিগাঁও জিলাৰ বিস্তৰ অঞ্চলত এইবাৰ পানী হোৱা নাই৷ কিয়নো, আমি সেই অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পাৰত ১৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি সাজিবলৈ সক্ষম হৈছোঁ৷ বান নিয়ন্ত্ৰণৰ বাবে ধেমাজিত যোৱা বছৰটোত প্ৰায় ১৫০ কোটি টকা ব্যয়েৰে জীয়াধল নদীৰ পাৰত এক নতুন প্ৰযুক্তিৰে মথাউৰি (Ready-made embankment) নিৰ্মাণ কৰা হৈছে, যাৰ ফলশ্ৰুতিত এইপৰ্যন্ত ধেমাজিত বান হোৱা নাই৷ মই ভাবোঁ যে এইবাৰৰ ব্যাপক বানৰ এক অন্যতম প্ৰধান কাৰণ হ’ল এইবাৰ বৃষ্টিপাতৰ ঘনত্ব যথেষ্ট বেছি হৈছে৷ একেটা কাৰণতে ডিমা হাছাওত হাফলং ৰে’ল ষ্টেচনো ক্ষতিগ্ৰস্ত হৈছিল৷ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জলসম্পদ বিভাগৰ সৈতে আলোচনা কৰি ব্যাপকৰূপত নতুনকৈ প্ৰভাৱিত হোৱা ঠাইসমূহত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷ ইমানদিনে হৈ অহা এটা প্ৰযুক্তিগত ভুলৰ শুধৰণি কৰি আমি এইবাৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছোঁ৷ সাধাৰণতে, বহুতো দীঘল মথাউৰি কোনো কালভাৰ্ট বা শ্লুইচ গেট নোহোৱাকৈ নিৰ্মাণ কৰি দিয়া হয়৷ একোটা নিৰ্দিষ্ট দূৰত্বত দলনি বা জনবসতি নথকা অঞ্চলত সৰু সৰু কালভাৰ্ট বা শ্লুইচ গেট নিৰ্মাণ কৰি দিলে এই সমস্যাটো ৰোধ কৰিব পৰা যাব পাৰে৷

অসম বাৰ্তা: সাধাৰণতে গৰাখহনীয়া সমস্যাটোৱে খুব কমেই মনোযোগ লাভ কৰে৷ এই সমস্যা নিয়ন্ত্ৰণৰ বাবে আপুনি কি কি ব্যৱস্থা হাতত লৈছে?

পীযুষ হাজৰীকা: হয়, গৰাখহনীয়া এটা অন্যতম জ্বলন্ত সমস্যা৷ ইয়াক ৰুধিবলৈ আমি দুটা ব্যৱস্থা হাতত লৈছোঁ- অস্থায়ী আৰু স্থায়ী৷ বান পৰিস্থিতিৰ সময়ছোৱাত কৰিবলগীয়া কেতবোৰ অস্থায়ী কাম থাকে৷ বহুতে হয়তো ভাবিব পাৰে যে বান আহিলেহে কাম কৰিব আৰু তাৰ আগে-পিছে নকৰিব, কিন্তু তেনে নহয়৷ আচলতে জলসম্পদ বিভাগটো এনে এটা বিভাগ য’ত বানৰ সময়ত কাম কৰিবই লাগিব৷ অস্থায়ী কামসমূহ মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ আৰু স্থায়ী কামবোৰ নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে৷ বান নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় কাম-কাজ কৰিবলৈ প্ৰতিখন জিলাক ১ কোটি টকাকৈ দিয়া হয়৷ পূৰ্বতে এই পুঁজি নৱেম্বৰ মাহতহে মুকলি কৰা হৈছিল৷ এতিয়া সেই পুঁজি মে’ মাহতে মোকলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ এইবাৰ বান হোৱাৰ আগতে ঠায়ে ঠায়ে জিঅ’ বেগ, লঞ্চিং বেগ, পৰ্কুপাইন সংস্থাপন কৰি দিয়া হৈছিল৷ তাকে নকৰিলে হয়তো ক্ষয়-ক্ষতিৰ পৰিমাণ ইয়াতকৈ বহু বেছিয়ে হ’লহেঁতেন৷ মোৰ বিশ্বাস এই সামগ্ৰীসমূহৰ ব্যৱহাৰৰ ফলত বহুতো মথাউৰি আৰু খহনীয়া হোৱা অঞ্চল ৰক্ষা পৰিছে৷ এই ব্যৱস্থাই গৰাখহনীয়া সমস্যা ৰোধৰ ক্ষেত্ৰতো কাম কৰিছে৷

অসম বাৰ্তা: বানৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ এই পৰ্যন্ত কিমান হ’ব পাৰে বুলি আপোনাৰ ধাৰণা হয়? ইতিমধ্যে কিছুমান মাধ্যমত ৩,৪০০ কোটি বা তাতকৈ অধিক পৰিমাণৰ ক্ষতি হোৱা বুলি চৰ্চা হৈ আছে৷

পীযুষ হাজৰীকা: প্ৰকৃত ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াই কৈ দিব পৰা নাযায় কাৰণ পৰ্যালোচনা (Damage Assessment) চলিহে আছে৷ ক্ষয়-ক্ষতিৰ যি পৰিমাণ বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে, মই ভাবোঁ যে এইসমূহ চৰকাৰী তথ্য নহয়৷ কিয়নো, অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আৰু ৰাজহ বিভাগে এই কাম কৰে৷ বান এতিয়াও শেষ হোৱা নাই৷ গতিকে, এতিয়াই কোনো এটা পৰিমাণ অনুমান কৰি ল’ব পৰা নাযায় বা কিবা এটা সংখ্যা ধৰি লোৱাটো উচিত নহয়৷

অসম বাৰ্তা: বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা কেনেধৰণৰ বিশেষ পদক্ষেপ হাতত লোৱা হৈছে?

পীযুষ হাজৰীকা: প্ৰায় ১১ বছৰ বিধায়ক হিচাপে আৰু বিগত ৪ বছৰ ৬ মাহ মন্ত্ৰী হিচাপে মোৰ ২৩ বছৰীয়া ৰাজনৈতিক জীৱনত এনে এগৰাকী মুখ্যমন্ত্ৰী দেখা নাই৷ মুখ্যমন্ত্ৰীগৰাকী বান সাহায্য শিবিৰৰ পৰা ওলাই যোৱাৰ লগে লগে বন্যাৰ্তসকলে এছ ডি আৰ এফৰ সাহায্যৰ ধন লাভ কৰিছে৷ এইবাৰ যিমান বন্যাৰ্ত লোক সাহায্য শিবিৰত আছিল, তেওঁলোকে ইতিমধ্যে প্ৰয়োজনীয় কাপোৰ আৰু বাচন-বৰ্তন ক্ৰয় কৰিবলৈ ৩,৮০০ টকাকৈ লাভ কৰিছে৷ মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আশ্বাস প্ৰদান কৰিছে যে যিসকলৰ ঘৰ-দুৱাৰ বানে উটুৱাই নিলে বা ভাঙি পেলালে, তেওঁলোকক আমি অহা আগষ্ট মাহৰ ভিতৰত ৯৮,০০০ টকাকৈ প্ৰদান কৰিম৷ ইয়াৰ পূৰ্বে এনে উদাহৰণ পাবলৈ নাই৷ তদুপৰি, ছাত্ৰ-ছাত্ৰীসকলক কিতাপ আৰু শিক্ষণ সামগ্ৰী প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় সাহায্য সামগ্ৰীও বিতৰণ কৰা হৈছে৷ ৰাইজৰ সহযোগিতাৰে আমি সকলোৱে ‘টীম অসম’ হিচাপে কাম কৰি আছোঁ৷

অসম বাৰ্তা: জনসংযোগ বিভাগটোক ন-উদ্যম প্ৰদান কৰিবলৈ আপুনি বিশেষভাৱে তৎপৰ হোৱাটো চৰ্চিত হৈছে৷ বিভাগটোক লৈ আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা কেনেধৰণৰ? ডিজিটেল মিডিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ নীতি-নিৰ্দেশনা বা পদক্ষেপ গ্ৰহণ কৰিব?

পীযুষ হাজৰীকা: ডিআইপিআৰৰ বিলিং পদ্ধতিটোত আমি এক বৃহৎ প্ৰশাসনিক সংস্কাৰ আনিবলৈ সক্ষম হৈছোঁ৷ আগতে ডিআইপিআৰে সংবাদ মাধ্যমত দিয়া বিজ্ঞাপনৰ বিল নিৰ্দিষ্ট সংবাদ গোষ্ঠীটোৱে প্ৰায় ৬ মাহ বা কেতিয়াবা এবছৰৰ পাছতো পোৱা নাছিল৷ কিন্তু, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিলিং প্ৰক্ৰিয়াটো সৰলীকৃত কৰি প্ৰতি মাহে বিল আদায় দিয়াৰ ব্যৱস্থা কৰিছে৷ চৰকাৰৰ জনমুখী কাম-কাজসমূহ আমি জনগণৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰিছোঁ৷ এতিয়াও এনে বহু লোক আছে যিসকলে চৰকাৰৰ বিভিন্ন আঁচনিৰ সুযোগ-সুবিধা, নীতি-নিৰ্দেশনাৰ বিষয়ে ভালদৰে জ্ঞাত নহয়৷ সেইবাবে আমি এনে তথ্যমূলক বিজ্ঞাপনৰ সংখ্যা আগতকৈ বৃদ্ধি কৰিছোঁ৷ ডিজিটেল মিডিয়াৰ নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত আমি আগবঢ়া নাই কাৰণ সেয়া কেন্দ্ৰীয় চৰকাৰৰ আওতালৈ আহে৷ সংবাদ মাধ্যম বা কোনো লোকৰ স্বাধীনতাত আমি হস্তক্ষেপ কৰিবলৈ বিচৰা নাই৷ আমি বিশ্বাস কৰোঁ যে যিকোনো মিডিয়া হাউছে নিজেই নিজক নিয়ন্ত্ৰণ কৰাটোৱে সৰ্বোত্তম উপায়৷

ShareTweetShare

Related Posts

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
0
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
0
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
0
মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
0
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
0
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
0
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In