পঞ্চাছোৰ্ধ্বৰ শিল্পী দে’ৰ বাবে এয়া প্ৰকৃতাৰ্থত আনন্দৰ বতৰা। তেখেত কৰিমগঞ্জৰ এমএমচি উচ্চ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত। এই বতৰাই যেন নিশ্চিত কৰিছে তেখেতৰ বিদ্যালয়খনত অধ্যয়নৰ বাবে পূৰ্বৰ দৰে স্থানত অভাৱ নহ’ব। উল্লেখনীয় যে অসমৰ ২৬৪খন বিদ্যালয়ৰ ভিতৰত এই বিদ্যালয়খনো আন্তঃগাঁথনি উন্নত কৰাৰ বাবে গ্ৰহণ কৰা অভিলাষী পিএম-শ্ৰী আঁচনিৰ অধীনত বাছনি কৰা হৈছে।
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত শিল্পী দে’য়ে কয়, “আমাৰ বিদ্যালয়খনৰ বৰ্তমানৰ আন্তঃগাঁথনিৰ সিমান উন্নত নহয়। বিদ্যালয়খনত থকা শ্ৰেণীকোঠাৰ অভাৱো পিএম-শ্ৰী আঁচনিৰ অধীনত যথেষ্ট পৰিমাণে পূৰণ কৰিব পৰা যাব বুলি মই বিশ্বাস কৰোঁ।”
আঁচনিখনৰ অধীনত প্ৰদান কৰা অনুদানৰ জৰিয়তে তেওঁ অতিৰিক্ত শ্ৰেণীকোঠা, শৌচালয় নিৰ্মাণ, খোৱাপানীৰ সুবিধা আদি উন্নয়নমূলক কাম সম্পাদন কৰাৰ পৰিকল্পনা কৰিছে। “ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি অঞ্চলটোৰ বহুকেইখন নিম্ন প্ৰাথমিক বিদ্যালয় আমাৰ বিদ্যালয়খনৰ সৈতে একত্ৰিত কৰা হৈছে। পূৰ্বতে আমাৰ বিদ্যালয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈকে পাঠদান চলিছিল। বৰ্তমানো আমি প্ৰথম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈকে পাঠদান কৰোঁ। একত্ৰীকৰণৰ ফলত বিদ্যালয়খনত শ্ৰেণীকোঠাৰ যথেষ্ট অভাৱ হৈছে,” শিল্পী দে’য়ে এই প্ৰতিৱেদকক অৱগত কৰে।
“বাৰিষাৰ সময়ত বিদ্যালয়খনৰ বিভিন্ন স্থানত পানী জমা হোৱা দেখা যায়। এই সমস্যাটো প্ৰতিৰোধ কৰিব পৰাকৈ আমি বিদ্যালয়খনৰ পুনৰ নিৰ্মাণ কৰিম।’’
শিল্পী দে’ৰ সৈতে একমত প্ৰকাশ কৰি বিলাসীপাৰা ৰাজহুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰীতা মৌলিক চক্ৰৱৰ্তীয়ে কয়, “পিএম-শ্ৰীৰপৰা লাভ কৰা পুঁজিৰে আমি এটা অত্যাধুনিক বিদ্যালয় ভৱন নিশ্চিত কৰিব পাৰিম। আমি বিদ্যালয়খন পৰিষ্কাৰ, সেউজ আৰু পৰিচ্ছন্ন কৰি ৰখাৰ দিশতো কাম কৰিম।”
চক্ৰৱৰ্তীয়ে উল্লেখ কৰে যে এই আৰ্থিক সকাহে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলৰ প্ৰত্যাশা পূৰণ কৰিব পাৰিব। “বিদ্যালয়খনত অধ্যয়ন কৰি থকা প্ৰায় ৯০% শিক্ষাৰ্থী আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ। আমি তেওঁলোকক সৰ্বশ্ৰেষ্ঠ শিক্ষা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যৎ সফল হোৱাটো নিশ্চিত কৰিবলৈ বিচাৰোঁ।”
উল্লেখনীয় যে পিএম-শ্ৰী আঁচনিৰ মুঠ প্ৰকল্প ব্যয় হৈছে ২৭,৩৬০ কোটি টকা। ২০২২-২৩ বৰ্ষৰপৰা ২০২৬-২৭ বৰ্ষলৈ পাঁচ বছৰৰ বাবে ১৮,১২৮ কোটি টকাৰ কেন্দ্ৰীয় অংশ ইয়াত অন্তৰ্ভুক্ত হৈ থাকিব। চলিত বিত্তীয় বৰ্ষৰ বাবে ভাৰত চৰকাৰে ১২৭.৪৬ কোটি টকাৰ অনুমোদন প্ৰদান কৰিছে। নিৰ্বাচিত বিদ্যালয়সমূহে বিভিন্ন উন্নয়নমূলক কাৰ্যকলাপৰ বাবে ১.৫-২ কোটি টকাকৈ বিত্তীয় সাহায্য লাভ কৰাৰ সম্ভাৱনা আছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ বিদ্যালয়ৰ পিএম-শ্ৰী ন’ডেল শিক্ষক দীপক সাহাই কয়, “অসমৰ লগতে সমগ্ৰ দেশক প্ৰতিনিধিত্ব কৰা এনে এখন বিদ্যালয়খনৰ অংশ হ’বলৈ পাই মই ধন্য অনুভৱ কৰোঁ। আমাৰ বিদ্যালয়খন এখন অনন্য বিদ্যালয়। ইয়াৰ ভৌগোলিক অৱস্থানৰ বাবে আমাৰ শিশুসকলৰ মাজত প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতি এক সুকীয়া আত্মীয়তা আছে। আমি নিয়মীয়াকৈ শিক্ষাৰ্থীসকলৰ মাজত বন্যপ্ৰাণী সজাগতা কাৰ্যসূচীৰো আয়োজন কৰোঁ।”
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ বিদ্যালয়ত বছৰি বিশ্ব গঁড় দিৱস আৰু বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন কৰা হয়।
সাহাই উল্লেখ কৰে যে পিএম-শ্ৰী পুঁজিৰ অধীনত বিদ্যালয়খনত এটা প্ৰেক্ষাগৃহ আৰু অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।
“সেউজীকৰণৰ এক পদক্ষেপ হিচাপে কৰ্তৃপক্ষই পানী সংগ্ৰহ প্ৰণালী আৰু সৌৰ পেনেল স্থাপন কৰাৰো লক্ষ্য গ্ৰহণ কৰিছে,” সাহাই লগতে কয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত আঁচনিখন উদ্বোধন কৰি উল্লেখ কৰিছিল যে আঁচনিখনৰ অধীনত বাছনি কৰা বিদ্যালয়সমূহত আধুনিক আন্তঃগাঁথনি, আৱিষ্কাৰমুখী শিক্ষা নিশ্চিত হোৱাৰ লগতে এই বিদ্যালয়সমূহে অসমৰ শিক্ষা খণ্ডক নেতৃত্ব প্ৰদান কৰিব পাৰিব। “অসমৰ শিক্ষা খণ্ডত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ৰাজ্য চৰকাৰে উন্নয়নমুখী চিন্তাৰ সৈতে এই বিদ্যালয়সমূহ বাছনি কৰিছে। এই বিদ্যালয়সমূহে শিক্ষাদানৰ এক আৱিষ্কাৰমুখী পদ্ধতিৰ লগতে ৰাষ্ট্ৰীয় শৈক্ষিক নীতিৰ ৰূপায়ণৰ ক্ষেত্ৰত নেতৃত্ব গ্ৰহণ কৰিব,” তেওঁ তেওঁৰ ভাষণত কয়।
তেওঁ লগতে এই বিদ্যালয় আৰু শিক্ষকসকলক ভৱিষ্যতৰ বাবে সাজু থাকি আলোচনামুখী শ্ৰেণীকোঠাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।
উল্লেখ্য যে পিএম-শ্ৰী আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে বাছনি হ’বলৈ নিৰ্ধাৰিত মানৰ ভিতৰত নগৰাঞ্চলৰ বিদ্যালয়সমূহে ন্যূনতম ৭০% নম্বৰ লাভ কৰিব লাগিব আনহাতে গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহে নূন্যতম ৬০% নম্বৰ লাভ কৰিব লাগিব।