• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Thursday, February 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

নৱ-উদ্যমী আগবাঢ়িছে সফলতাৰ সীমনা চুমিবলৈ

AB Bureau by AB Bureau
November 3, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
নৱ-উদ্যমী আগবাঢ়িছে সফলতাৰ সীমনা চুমিবলৈ

অসম ষ্টাৰ্ট-আপ দ্য নেষ্টত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঞ্জিত বৰুৱা, ডেভিদ গগৈ, মৌচম তালুকদাৰ আৰু ৰূপম চৌধুৰীৰ দৰে নৱ-উদ্যমীসকল আজি হৈ পৰিছে সকলোৰে বাবে অনুকৰণীয়৷ তেওঁলোকে বহু বাধা নেওচি কিছু ব্যতিক্ৰমী চিন্তা-চৰ্চা আৰু কৌশল প্ৰয়োগেৰে ঔদ্যোগিক ক্ষেত্ৰখনত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যত ঔদ্যোগীকৰণৰ ক্ষেত্ৰত নতুন আশা আৰু সুযোগ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এচাম উদ্যমীৰ ভিতৰত তেওঁলোক হৈছে অন্যতম৷

ভাৰত চৰকাৰে ৰাজ্যসমূহত ষ্টাৰ্ট-আপৰ এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যৰে চলোৱা এক সমীক্ষাত ৰাজ্যসমূহৰ ষ্টাৰ্ট-আপ ৰেংকিং ২০২১ (কেটেগৰী এ)ত অসমে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে৷

ৰাজ্যত ষ্টাৰ্ট-আপৰ এক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে মুকলি কৰা অসম ষ্টাৰ্ট-আপ: দ্য নেষ্টৰো যথেষ্ট অৰিহণা আছে৷ এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাজ্যৰ যুৱক-যুৱতীসকলক নিয়োগকৰ্তা ৰূপে গঢ়ি তোলাৰ লগতে তেওঁলোকৰ ঔদ্যোগীকৰণৰ সপোনক বাস্তৱায়িত কৰি ৰাজ্যখনক দেশৰ আগশাৰীৰ ষ্টাৰ্ট-আপ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা৷ ইয়াৰ ফলত অসমত ঔদ্যোগীকৰণৰ সংস্কৃতিও ঠন ধৰি উঠিব৷

দ্য নেষ্টত কনফাৰেন্স ৰূম, ভিডিঅ’ কনফাৰেন্সিঙৰ সুবিধা, ৫০ এমবিপিএছৰ ইণ্টাৰনেট সংযোগ, প্লাগ এণ্ডে প্লে ৱৰ্কস্পেচ, ডিজাইন আৰু টেষ্টিং লেবৰ দৰে সুবিধা সংযুক্ত হৈ আছে৷ তদুপৰি ইয়াত বিভিন্ন সেৱা যেনে ব্যৱসায়িক সহায়তা, বিত্তীয় পৰামৰ্শ, হিচাপ-নিকাচৰ ক্ষেত্ৰত সহযোগিতা, আইনী আৰু নিয়ামক নিৰ্দেশনাৰ লগতে পৰামৰ্শদাতা আৰু বিনিয়োগকাৰীসকলৰ সৈতে সংযোগ স্থাপন কৰাৰ সুযোগো লাভ কৰিব পাৰি৷

ৰঞ্জিত বৰুৱাই চাহ খেতিৰ জৰিয়তে তেওঁৰ ষ্টাৰ্টআপৰ আৰম্ভণি কৰিছিল৷ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বজাৰৰ চাহিদাৰ বিষয়ে পৰ্যাপ্ত জ্ঞান আৰু বজাৰৰ সৈতে সংযোগ নথকাৰ ফলত গুণগত মানসম্পন্ন সামগ্ৰীৰ সঠিক মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি উপলব্ধি কৰিয়েই তেওঁ ব্যৱসায় আৰম্ভ কৰিছিল৷ “অসম ষ্টাৰ্টআপৰ ওচৰত মই কৃতজ্ঞ৷ মই ইয়াত ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰয়োজন হোৱা নৈতিক আৰু মৌলিক জ্ঞান লাভ কৰিছোঁ৷ এইক্ষেত্ৰত বিজ্ঞজনৰ সৈতে মত বিনিময় কৰিলে নিশ্চয় বিভিন্ন প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় হ’ব,” বৰুৱাই কয়৷

ৰাজ্যখনৰ অন্যান্য উদ্যমী সৃষ্টিকৰ্তাসকল (ইনকিউবেটৰছ)ৰ লগতে নেষ্টে উদ্যমিতাৰ কেন্দ্ৰ হিচাপে গ্ৰহন কৰা সকলো পদক্ষেপৰ ক্ষেত্ৰত আইআইএম কলকাতা ইনোভেচন পাৰ্কে পৰিচালন অংশীদাৰৰূপে সহযোগ আগবঢ়াই আহিছে৷ নেষ্টত উপলভ্য বেছিভাগ সুবিধাই সম্পূৰ্ণ বিনামূলীয়া৷

অসম ষ্টাৰ্ট-আপৰ মুখ্য পৰিচালন বিষয়া প্ৰাঞ্জল কোঁৱৰে কয় যে ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ অনুঘটক হিচাপে কাম কৰা তেওঁলোকৰ এই পদক্ষেপ অতি প্ৰয়োজনীয় আছিল৷

“ইয়াত আমি প্ৰশিক্ষাৰ্থীসকলক ঔদ্যোগীকৰণৰ গুৰুত্ব আৰু উদ্যোগ স্থাপনৰ ক্ষেত্ৰত জড়িত প্ৰত্যাহ৩ানসমূহৰ বিষয়ে অৱগত কৰোঁ৷ আমি সকলোকে এটাই ধাৰণা প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ যে তেওঁলোক নিয়োগপ্ৰত্যাশী নহয় নিয়োগ প্ৰদানকাৰীহে হ’ব লাগে,” প্ৰাঞ্জল কোঁৱৰে কয়৷

অসম ষ্টাৰ্ট-আপে বহুকেইটা পৰ্যায়ত সহায় কৰিব পৰাকৈ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে৷ এই ব্লুপ্ৰিণ্টৰ চাৰিটা ভিন্ন পৰ্যায় হ’ল ১) প্ৰেৰণা (উদ্ভাৱনা), ২) ইগনাইট (প্ৰ’ট’টাইপৰ ধাৰণা), ৩) ইনকিউবেট (বাণিজ্যিকীকৰণ) আৰু ৪) বিনিয়োগ (স্কেল-আপ)

“মই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা চাহপাত সংগ্ৰহ কৰোঁ আৰু উৎপাদিত চাহৰ উচিত মূল্য নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰি আহিছোঁ৷ আমাৰ বেছিভাগ চাহেই জৈৱিকভাৱে উৎপাদিত৷ আমি ভোট জলকীয়া চাহ, অপৰাজিতা চাহ, ইনচুলিন চাহৰ লগতে বিভিন্ন ধৰণৰ চাহ উৎপাদন কৰাত গুৰুত্ব প্ৰদান কৰি আহিছোঁ৷ অসম ষ্টাৰ্ট-আপত ইনকিউবেচনৰ সময়ছোৱাত আমি সামগ্ৰীৰ উচিত মূল্য নিৰ্ধাৰণৰ গুৰুত্বৰ বিষয়েও শিক্ষা লাভ কৰিছোঁ,” বৰুৱাই কয়৷

তেওঁ লগতে কয় যে সামগ্ৰীৰ উন্নত ব্ৰেণ্ডিং অতি গুৰুত্বপূৰ্ণ৷ “অসম ষ্টাৰ্ট-আপত পাৰ কৰা সময়ছোৱাত এজন ব্যক্তিয়ে তেওঁৰ ব্যৱসায় কেনেকৈ বৃদ্ধি কৰিব পাৰে এই সকলোবোৰৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিছিলোঁ,” তেওঁ কয়৷

প্ৰাঞ্জল কোঁৱৰে কয় যে ষ্টাৰ্ট-আপসমূহক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসম চৰকাৰে মাই আছাম ষ্টাৰ্টআপ আই ডি (MASI) মুকলি কৰিছে৷ “MASIৰ বাবে যোগ্য বুলি বিবেচিত ষ্টাৰ্ট-আপসমূহে ৫০ লাখ টকা পৰ্যন্ত অনুদানৰ বাবে আৱেদন কৰিব পাৰিব৷ বৰ্তমানলৈকে লাভ কৰা ৩৬৮খন আৱেদনৰ ভিতৰত ২৯২খন আৱেদনৰ মূল্যায়ন কৰা হৈছে আৰু ১২৫টা ষ্টাৰ্ট-আপক সাহায্য প্ৰদান কৰা হৈছে,” তেওঁ কয়৷

জেৰাণ্ড মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড হ’ল সাহায্যপ্ৰাপ্ত হিতাধিকাৰীসকলৰ ভিতৰত অন্যতম৷ ইয়াত প্লাষ্টিকৰ আৱৰ্জনা, জৈৱ ৰাসায়নিক পদাৰ্থ, ফ্লাই এশ্ব (কয়লাৰ ছাই) আদিৰ সহায়ত প্ৰদূষণমুক্ত প্ৰক্ৰিয়াৰে ইটা নিৰ্মাণ কৰা হয়৷ এই ইটাসমূহ বতৰ প্ৰতিৰোধী, কম ওজনযুক্ত আৰু নিয়মীয়া ইটাতকৈ ইয়াৰ দাম ১৫-২০% কম৷

ডেভিদ, মৌচম আৰু ৰূপম– এই তিনিওগৰাকী উদ্যমীয়েই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি প্ৰথম বৰ্ষতে অসম ষ্টাৰ্ট-আপত যোগদান কৰে৷ “এটা নতুন উদ্যোগ কেনেকৈ স্থাপন কৰিব পাৰি সেই সন্দৰ্ভত আমাক সম্যক জ্ঞান প্ৰদান কৰাৰ বাবে আমি অসম ষ্টাৰ্টআপৰ ওচৰত কৃতজ্ঞ৷ আই আই এম কলকাতাৰ অধ্যাপকসকলৰ বক্তৃতায়ো আমাক যথেষ্ট সহায় কৰিছে,” জেৰাণ্ডৰ অন্যতম প্ৰতিষ্ঠাপক ডেভিদ গগৈয়ে কয়৷

এই সফলতাৰ কাহিনীসমূহে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট প্ৰভাৱিত কৰিছে৷ তেখেতে কয় যে ভাৰতৰ ষ্টাৰ্ট-আপ ইক’ছিষ্টেমে বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে৷ দেশত ষ্টাৰ্ট-আপসমূহে নিৰন্তৰ উন্নতি সাধন কৰাৰ সমান্তৰালকৈ দিনে দিনে ইয়াৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু পৰিৱৰ্তিত সময়ৰ সৈতে সুন্দৰকৈ খাপ খাই পৰিছে৷

“নৱ উদ্যমীসকলৰ বাবে ষ্টাৰ্ট-আপৰ এক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্যখনে পূৰ্বৰ তুলনাত অধিক অগ্ৰগতি লাভ কৰিছে৷ ষ্টাৰ্ট-আপৰ বাবে এক বৃহৎ মেণ্টৰশ্বিপ (পৰামৰ্শদাতা) নেটৱৰ্ক গঢ়ি তোলাৰ বাবে ৰাজ্যখনে মেণ্টৰশ্বিপ চেম্পিয়ন হিচাপে স্বীকৃতি লাভ কৰিছে৷ অসমৰ যুৱক-যুৱতীসকলে ঔদ্যোগীকৰণৰ ক্ষেত্ৰখনক এক বৃহৎ পৰিসৰলৈ আগবঢ়াই নিয়াটো সঁচাকৈয়ে উৎসাহজনক,” মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়৷

বৰ্তমানলৈকে দ্য নেষ্টে ৭৪টা আউটৰিচ ইভেণ্টৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাতে ১৫,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী, যুৱ উদ্ভাৱক আৰু সম্ভাৱনাপূৰ্ণ ষ্টাৰ্ট-আপক স্পৰ্শ কৰিছে৷ ইয়াৰ লগতে হাব এণ্ড স্প’ক মডেলৰ শুভাৰম্ভ কৰি অসম ষ্টাৰ্ট-আপ দ্য নেষ্টে ৰাজ্যখনৰ শীৰ্ষ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ সৈতে ৪৩খন সহযোগিতা পত্ৰত স্বাক্ষৰ কৰিছে৷

ShareTweetShare

Related Posts

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
0
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
0
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
0
মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
0
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
0
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
0
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In