অনন্ত বড়ো, কামৰূপ জিলাৰ ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মাকেলিৰ এগৰাকী বাসিন্দা৷ ব্যৱসায়ৰ বিষয়ে তেওঁৰ কোনো সম্যক জ্ঞান নাছিল যদিও পৰিস্থিতিয়ে জীৱিকাৰ পথ হিচাপে ব্যৱসায়ৰ দিশটোকে বাছি ল’বলৈ বড়োক বাধ্য কৰাইছিল৷ নিজ গাঁৱতে এখন নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দোকান খুলি ব্যৱসায় কৰিবলৈ আগুৱাই অহা তেৱেঁই আছিল পৰিয়ালটোৰ প্ৰথমজন ব্যক্তি৷ উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম অৰ্থাৎ নেডফি নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ বাবেই তেওঁৰ পক্ষে ব্যৱসায় কৰাটো সম্ভৱপৰ হৈছে বুলি তেওঁ উল্লেখ কৰে৷
“দোকানখন আৰম্ভ কৰা দিনৰে পৰাই নেডফিৰ এজন ব্যৱসায়িক প্ৰতিনিধিয়ে মোৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল৷ নেডফিৰ ক্ষুদ্ৰ ঋণ (মাইক্ৰ’ লেণ্ডিং) সুবিধাৰ বিষয়ে অৱগত হোৱাৰ পাছত মই প্ৰায় ১ লাখ টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ৷ প্ৰয়োজনীয় নথিপত্ৰসমূহ জমা দিয়াৰ পাছত তেওঁ বাকী কামসমূহ সম্পাদন কৰিলে৷ তাৰ কিছুদিনৰ পাছতেই মোৰ বেংক একাউণ্টত ১.১০ লাখ টকা জমা হ’ল,”- অসম বাৰ্তাৰ সৈতে হোৱা এক টেলিফ’নিক বাৰ্তালাপত বড়োৱে কয়৷
“সুত সহিতে এই ঋণ পৰিশোধ কৰিবলৈ অহা তিনি বছৰলৈ মই প্ৰতিমাহে ৩,৯০০ টকাকৈ জমা দি থাকিব লাগিব,” তেওঁ লগতে কয়৷
বড়োৱে আৰু কয় যে তেওঁ দোকানত বিভিন্ন ধৰণৰ সামগ্ৰীৰ সমাহাৰেৰে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ এই ধনৰাশি বিনিয়োগ কৰিছে, যাৰ জৰিয়তে তেওঁ অধিক লাভৱান হ’বলৈ সক্ষম হৈছে৷
কামৰূপ জিলাৰ শুৱালকুছিৰ ইলা মৰলে তিনি বছৰ পূৰ্বে শংকৰ মন্দিৰৰ সমীপত এখন ফাষ্ট ফুডৰ দোকান আৰম্ভ কৰিছিল৷ ‘অসমৰ মানচেষ্টাৰ’ নামেৰে জনাজাত শুৱালকুছিত বিগত সময়ছোৱাত যথেষ্ট ব্যৱসায়িক উত্থান দেখিবলৈ পোৱা গৈছে৷ “ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ আমাক নগদ ধনৰ প্ৰয়োজন হৈছিল৷ তেতিয়াই নেডফিৰ এগৰাকী ব্যৱসায়িক প্ৰতিনিধিয়ে আমাৰ সৈতে যোগাযোগ কৰিছিল,’’-তেওঁ অসম বাৰ্তাক কয়৷ “সকলো প্ৰক্ৰিয়াৰ অন্তত নেডফিয়ে আমাক ১.২০ লাখ টকাৰ ঋণ প্ৰদান কৰে,” ইলা মৰলে কয়৷
ইলা মৰলে সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰাৰ উপৰি ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা তেওঁলোকৰ দুগৰাকীকৈ কন্যাৰ মাহিলি মাচুলৰ লগতে অন্যান্য ঘৰুৱা খৰচো বহন কৰিবলৈ সক্ষম হৈছে৷
অনন্ত বড়ো আৰু ইলা মৰলৰ দৰেই সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলতে নেডফিৰ ক্ষুদ্ৰ ঋণ আঁচনিৰ অধীনত শতাধিক হিতাধিকাৰীয়ে ঋণ লাভ কৰিবলৈ সক্ষম হৈছে৷ “আমাৰ ক্ষুদ্ৰ ঋণ আঁচনিসমূহ সমাজৰ পিছপৰা আৰু অভাৱগ্ৰস্ত ক্ষুদ্ৰ ঋণগ্ৰহণকাৰীসকলক সহায় কৰিবলৈকে আৰম্ভ কৰা হৈছিল৷ এই ক্ষুদ্ৰ ঋণ আঁচনিৰ ৯০%তকৈ অধিক হিতাধিকাৰীয়ে হ’ল মহিলা আৰু তেওঁলোকে ইয়াৰ জৰিয়তে নিজৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিবলৈ সক্ষম হৈছে, ’’- বিত্তীয় প্ৰতিষ্ঠানটোৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক পিভিএছএলএন মূৰ্তিয়ে কয়৷
নেডফিৰ ২৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠানটোৰ প্ৰতি থকা তেওঁৰ বিশ্বাসক দৃঢ় কৰি শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে ৰূপায়ণ কৰা নতুন ‘ক্ষুদ্ৰ ঋণ আঁচনি’ৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১০০ কোটি টকাৰ অনুদান ঘোষণা কৰে৷
এই আঁচনিৰ অধীনত ৬৬৯ গৰাকী হিতাধিকাৰীক ঋণ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা ৭.৮৯ কোটি টকাৰ চেক প্ৰদান কৰে৷
ক্ষুদ্ৰ উদ্যোগীসকলক ব্যৱসায় স্থাপন আৰু সম্প্ৰসাৰণত সহায় কৰিবলৈ ২ লাখ টকাপৰ্যন্ত ঋণ ৰেহাইমূলক সুতৰ হাৰত প্ৰদান কৰিবলৈ নেডফি ক্ষুদ্ৰ ঋণ আঁচনি ৰূপায়ণ কৰা হৈছিল৷ সুতৰ হাৰ বছৰি ১৫% নিৰ্ধাৰণ কৰা হৈছে, যিটো সম্ভাব্য ক্ষুদ্ৰ উদ্যোগী আৰু ক্ষুদ্ৰ বিত্তীয় ঋণগ্ৰহণকাৰীসকলে বৰ্তমানলৈ লাভ কৰা আটাইতকৈ কম সুতৰ হাৰ হিচাপে পৰিগণিত হৈছে৷
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিত্তীয় প্ৰতিষ্ঠানটোক সমগ্ৰ উত্তৰ-পূবতে ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহলৈ ঔদ্যোগিক তথা আন্তঃগাঁথনিমূলক প্ৰকল্প স্থাপনৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷
মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে যে কেন্দ্ৰ আৰু ৰাজ্যত বৰ্তমানৰ চৰকাৰখনে ঔদ্যোগীকৰণৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণক বিশেষকৈ যুৱক-যুৱতীসকলৰ সবলীকৰণৰ দিশত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে৷ ইয়াৰ ফলত অঞ্চলটোৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’ব বুলিও তেওঁ লগতে উল্লেখ কৰে৷
এই পদক্ষেপৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল তথা নৱপ্ৰজন্মৰ উদ্যোগীসকলৰ বাবে ঋণ পৰিশোধৰ বোজা হ্ৰাস কৰাটোৱে হৈছে আমাৰ প্ৰধান লক্ষ্য৷ আমি এই লক্ষ্যত উপনীত হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ৷ উদ্যোগীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰি ৰাজ্যখনৰ সকলো ঠাইতে সুলভ ঋণ প্ৰদান কৰিব পৰাকৈ তথ্যপ্ৰযুক্তি আধাৰিত বিভিন্ন নতুন পদক্ষেপৰ লগতে বিভিন্ন ধৰণৰ ঋণ তথা সেৱাসমূহৰ প্ৰৱৰ্তন কৰা হৈছে৷ এই আঁচনিখনে নিশ্চয় আমাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব’-মূৰ্তিয়ে অসম বাৰ্তাক কয়৷