বিগত দুবছৰ ধৰি ৩০ বছৰীয়া সন্তোষ কুমাৰ সিঙে কেঞ্চাৰ ৰোগত ভুগি আছে। তেখেতৰ চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰি পিতৃ দিলীপ সিঙে নিজৰ ঘৰ বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। দিলীপ সিঙে কয়, “মোৰ পুত্ৰৰ ৰোগে আমাৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল। চিকিৎসাৰ বাবে মোৰ সকলো সঞ্চয় শেষ হ’ল আৰু অৱশেষত উপায়হীন হৈ ঘৰটোও বিক্ৰী কৰিবলৈ বাধ্য হ’লোঁ।”
তেওঁলোকৰ এই কঠিন সময়ত এগৰাকী শুভাকাংক্ষীৰ পৰামৰ্শত দিলীপ সিঙে মুখ্যমন্ত্ৰীৰ পৰা সহায় পোৱাৰ আশা প্ৰকাশ কৰে। কিন্তু আৰ্থিক অভাৱৰ বাবে গুৱাহাটীলৈ যাত্ৰা কৰাটোও তেওঁলোকৰ বাবে সম্ভৱপৰ হৈ নুঠিল।
“ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নতুন সচিবালয় মুকলি হোৱাৰ পাছত আমি সচিবালয়লৈ গৈ সহায়ৰ বাবে আবেদন জনালোঁ। আমি নথি-পত্ৰসমূহ অনলাইনযোগে জমা দিবলৈ সক্ষম হ’লোঁ। ইয়াৰ ফলত গুৱাহাটীলৈ যাব লগা নহ’ল আৰু সহজতেই আয়ুষ্মান কাৰ্ডো লাভ কৰিলোঁ,” দিলীপ সিঙে এনেদৰে কয়।
এই সহায়ৰ ফলত কিছু সকাহ অনুভৱ কৰা দিলীপ সিঙে আশা কৰিছে যে আয়ুষ্মান কাৰ্ড থকাৰ বাবে মাৰ্চ বা এপ্ৰিল মাহত হ’বলগীয়া তেখেতৰ পুত্ৰৰ চতুৰ্থটো অস্ত্ৰোপচাৰৰ ব্যয়ৰ ক্ষেত্ৰত তেওঁলোকৰ চিন্তা বহু পৰিমাণে দূৰ হ’ব।
দিলীপ সিঙৰ দৰে আন বহু ব্যক্তিৰ বাবে ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ নতুন সচিবালয় এক আশীৰ্বাদ হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন সচিবালয়ৰ উদ্বোধনৰ সময়ত কৈছিল, “এই সচিবালয় কেৱল এটা অট্টালিকা নহয়। এই সচিবালয় হৈছে জনসাধাৰণৰ প্ৰতি থকা চৰকাৰৰ দায়িত্ববোধ আৰু তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰাৰ এক আধাৰ। বহু বছৰ ধৰি মানুহে ধাৰণা কৰি লোৱা এটি বিষয় আছিল যে ৰাজধানীৰ পৰা দূৰৈত থকা অঞ্চলসমূহ উন্নয়নৰ পৰা বঞ্চিত হৈ আছে। বিগত তিনি বছৰ ধৰি আমি জিলাসমূহক চৰকাৰৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ কাম কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। এইক্ষেত্ৰত জিলা আৰু সমজিলাসমূহক অধিকাংশ সিদ্ধান্ত গ্ৰহণৰ বাবে সক্ষম কৰি তোলা হৈছে।”
ডিব্ৰুগড়ৰ নতুন সচিবালয় উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত ডিব্ৰুগড়ৰ সমীপৱৰ্তী নখন জিলাই সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক সুযোগ লাভ কৰিব। তেখেতে কয়, “ব্যক্তিগতভাৱে মই এই কাৰ্যালয়ত প্ৰতি মাহত চাৰিদিন কাৰ্যনিৰ্বাহ কৰিম। ইয়াৰ ফলত ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ আৰু প্ৰকল্পসমূহৰ দ্ৰুতগতিত ৰূপায়ণ হোৱা দেখিবলৈ পাব।”
উল্লেখযোগ্য যে ২৩ ডিচেম্বৰত মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন সচিবালয়ত অসম মন্ত্রীসভাৰ বৈঠকত অধ্যক্ষতা কৰিছিল।
দৈনিক মজুৰিৰ ওপৰত নিৰ্ভৰশীল দীপজ্যোতি দত্তয়ো নতুন সচিবালয় স্থাপন কৰাৰ বাবে চৰকাৰৰ শলাগ লয়। তেখেতে কয়, “মোৰ পত্নী অৰ্চনা দত্ত বহু বছৰ ধৰি কিডনীৰ ৰোগত আক্ৰান্ত হৈ আছে। আৰ্থিক অসুবিধাৰ বাবে মই গুৱাহাটীলৈ যোৱাৰ কথা ভাবিবও নোৱাৰিছিলোঁ। কিন্তু ডিব্ৰুগড়ৰ নতুন সচিবালয়ৰ বাবেই মই অক্টোবৰ মাহত সহায়ৰ হেতুকে আবেদন কৰিব পাৰিলোঁ। ইয়াৰ ফলত মোৰ প্ৰায় ৩,০০০-৪,০০০ টকা ৰাহি হ’ল। এতিয়া সহজেই যিকোনো আপডেটৰ বাবে সচিবালয়লৈ যোৱাৰ সুযোগ পালোঁ।” তেখেতে সকলো আনুষ্ঠানিকতা সমাপ্ত কৰাৰ পাছত পত্নীৰ চিকিৎসাৰ হেতুকে আৰ্থিক সহায় লাভ কৰিবলৈ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে।
“নতুন মুখ্যমন্ত্ৰী সচিবালয়ে উন্নয়নৰ এক নতুন দিশ মুকলি কৰিছে,” জাঁজী ভেলী কো-অপাৰেটিভ ছ’চাইটীৰ সচিব ৰাজেন গগৈয়ে কয়।” উজনি অসমৰ জনসাধাৰণে যিকোনো কাৰণত গুৱাহাটীলৈ যাবলৈ কিছু সমস্যাৰ সন্মুখীন হয়। এইক্ষেত্ৰত অধিক সময় আৰু ব্যয়ৰ কথাটোও নিৰ্ভৰ কৰে। নতুন সচিবালয়ৰ কামসমূহ সুচাৰুৰূপে চলিলে, উজনি অসমৰ জনসাধাৰণে যথেষ্ট সকাহ পাব।”