মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৪ ডিচেম্বৰত মৰিগাঁও জিলাৰ জাগীৰোড ভ্ৰমণ কৰে । উক্ত ভ্ৰমণকালত তেওঁ ১১৪.১৭ কোটি টকাৰ ব্যয়সাপেক্ষে পাঁচটা প্ৰকল্পৰ উদ্বোধন কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৮৫.৯৬ কোটি টকা ব্যয়েৰে নিৰ্মিত ৰে’লৱে উৰণ সেতুৰ উদ্বোধন কৰাৰ লগতে ৯.৫০ কোটি টকা ব্যয়েৰে নৱনিৰ্মিত লোকনিৰ্মাণ বিভাগৰ এটা পৰিদৰ্শন বাংলোৰো মুকলি কৰে। তেওঁ মুকলি কৰা আন আন প্ৰকল্পসমূহ হৈছে – ৭.২০ কোটি টকা ব্যয়েৰে নিৰ্মিত ক্ৰীড়া সংস্থাৰ ৭৫০খন আসনযুক্ত এটা প্ৰেক্ষাগৃহ; ১,৯৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ এটা মাল্টি-ইউটিলিটী ভৱন আৰু তৰঙা বিলৰ চাৰিওকাষে ৯.৫৬ কোটি টকা ব্যয়েৰে নিৰ্মিত এটা চাইকেল ট্ৰেক। এই ভ্ৰমণকালত তেখেতে পথ সুৰক্ষা অভিযানৰ অধীনত এম্বুলেন্স আৰু বাহনৰ ফ্লেগ অফ কৰাৰ লগতে জাগীৰোড আৰক্ষী থানাৰ চৌহদত এখন জনসংযোগ বিভাগৰ ডিজিটেল এলইডি ব’ৰ্ডৰ শুভাৰম্ভ কৰে।
জাগীৰোডৰ কাগজনগৰ খেলপথাৰত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি ড০ হিমন্ত শৰ্মাই কয় যে এটা বিধান সভা সমষ্টিত এদিনতে ১১৪ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব পৰাটো এক বিশেষ সফলতা।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰে জাগীৰোড আৰু কাছাৰৰ হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ কাগজ কলৰ সৈতে জড়িত সমস্যাসমূহৰ সমাধানৰ বাবে ৮১০ কোটি টকা আবণ্টন কৰাৰ এক সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিভিন্ন অপ্ৰত্যাশিত কাৰকৰ বাবে মিলকেইটাৰ ক্ষতিগ্ৰস্ত শ্ৰমিকসকলক ক্ষতিপূৰণ সহ অন্যান্য সমস্যাৰ সকাহ প্ৰদান কৰিবলৈ এই ধনৰ ব্যৱহাৰ কৰা হৈছিল। তেওঁ লগতে কয়, “জাগীৰোডত এক বৃহৎ বিনিয়োগৰ প্ৰক্ৰিয়া চলি আছে।”
মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে জাগীৰোড চহৰত এক আধুনিক নিষ্কাশন ব্যৱস্থা বিকশিত কৰিবলৈ ৫০ কোটি টকা ব্যয় কৰাৰ লগতে এটা নতুন অগ্নি নিৰ্বাপক সেৱা কেন্দ্ৰও স্থাপন কৰা হ’ব। তেওঁ কয় যে অসম মালা আঁচনিৰ অধীনত বঘৰা আৰু আমচৈৰ মাজৰ পথছোৱাৰ সম্প্ৰসাৰণৰ বাবে ৬৬ কোটি টকা ব্যয় কৰা হ’ব। তেওঁ উল্লেখ কৰে, “মৰিগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় অহা দুবছৰৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰা হ’ব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ দৃঢ়তা প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীৰ গতিশীল নেতৃত্বত অসমবাসীয়ে এক নতুন আৰু পুনৰুজ্জীৱিত অসম আৰু ভাৰতে সৃষ্টি কৰা সুযোগসমূহৰ সৰ্বশ্ৰেষ্ঠ ব্যৱহাৰ কৰিব।