২৯ ছেপ্টেম্বৰ পুৱা ৬ বাজি ৩০ মিনিটত ধীৰাজ বড়া ঘৰৰ পৰা ওলাই গ’ল৷ মনত এটা আশা, আজি পৰীক্ষা ভাল হ’ব৷ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ ধীৰাজে নিয়মমাফিক তালাচীৰ মাজেৰে পৰীক্ষা হলত উপস্থিত হয়৷
“পৰীক্ষা ভালেই হৈছে, প্ৰশ্নকাকতখন অলপ জটিল আছিল যদিও ভালেকেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধ হৈছে৷” ধীৰাজে পৰীক্ষাৰ পাছত এই প্ৰতিৱেদকক কয়৷ তেওঁ লগতে কয়, “মোৰ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাই৷ এতিয়া পৰিৱেশটো সলনি হৈছে, নিকা ব্যৱস্থাৰ পৰীক্ষাৰ বাবে আমি চৰকাৰী চাকৰিৰ পৰীক্ষাত বহিবলৈ উৎসাহিত হৈছোঁ৷ পাম বুলি আশাবাদী আৰু যদি নাপাওঁ তেতিয়াও এই পৰীক্ষাৰ সুন্দৰ অভিজ্ঞতাৰে পাছৰ পৰীক্ষাত বহিবলৈ উৎসাহ পাম৷”
যোৱা ১৫ আৰু ২৯ ছেপ্টেম্বৰত অসমৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাত তৃতীয় বৰ্গৰ পদৰ বাবে অসমৰ লক্ষাধিক যুৱক-যুৱতীয়ে অৱতীৰ্ণ হয়৷
নলবাৰীৰ কুলদীপ শৰ্মাই প্ৰথমবাৰলৈ চৰকাৰী নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হয় যোৱা ১৫ ছেপ্টেম্বৰত৷ কুলদীপে কয়, “পৰীক্ষা ভালেই হৈছে, পাম নে নাপাম নাজানো, কিন্তু পৰীক্ষাৰ আগত লোৱা সুৰক্ষামূলক ব্যৱস্থাই প্ৰমাণিত কৰিছে যে চৰকাৰে এই পৰীক্ষাত যাতে কোনো খেলিমেলি নহয় তাৰবাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে৷”
নলবাৰীৰে আন এগৰাকী পৰীক্ষাৰ্থী নিৰ্মালী দাসে কয়, “প্ৰথমবাৰলৈ চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিছোঁ আৰু প্ৰথমবাৰ পৰীক্ষাত বহি যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছোঁ৷ কোনো ধৰণৰ সুৰুঙা যাতে ৰৈ নাযায় তাৰ বাবে পৰীক্ষা কেন্দ্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহে আমাক আত্মবিশ্বাসী কৰি তুলিছে৷”
এক লাখ চৰকাৰী নিযুক্তিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি সম্পূৰ্ণ হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে যুৱক-যুৱতীসকলক সংস্থাপন আৰু নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত চৰকাৰখন থমকি নৰ’ব৷
উল্লেখ্য যে তৃতীয় বৰ্গৰ খালী পদসমূহ পূৰণৰ বাবে অসম পোনপটীয়া নিযুক্তি পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ দায়িত্ব প্ৰদান কৰা হয় অসম মাধ্যমিক শিক্ষা পৰিষদ [ছেবা]ক৷ এই পৰীক্ষাসমূহ অনুষ্ঠিত হয় ১৫ আৰু ২৯ ছেপ্টেম্বৰত [বাকচত চাওক]৷
ছেবাৰ অধ্যক্ষ আৰ চি জৈনে অসম বাৰ্তাক কয়, “প্ৰথমবাৰৰ বাবে আমি ইমান এটা বৃহৎ পৰীক্ষা আয়োজন কৰিছোঁ৷ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা যথেষ্ট বেছি আছিল৷ আমি কিছুমান আগতীয়া সাৱধানতা অৱলম্বন কৰিছিলোঁ৷ প্ৰথমবাৰৰ বাবে আমি প্ৰশ্নকাকত কঢ়িয়াবলৈ পেপাৰ কাৰ্টুনৰ ঠাইত পাছ ক’ড সংলগ্ন ট্ৰাংকৰ ব্যৱহাৰ কৰিছিলোঁ৷”
আৰ চি জৈনে কয় যে প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা প্ৰতিৰোধ কৰিবলৈ পৰীক্ষাৰ্থীসকলৰ সন্মুখত তেওঁলোকৰ স্বাক্ষৰ লৈহে প্ৰশ্নকাকতৰ পেকেট খোলা হৈছিল৷
গৃহ বিভাগৰ পৰা গ্ৰহণ কৰা সুৰক্ষামূলক আৰু নকল প্ৰতিৰোধী ব্যৱস্থাক লৈ তেওঁ ধন্যবাদ জ্ঞাপন কৰে৷
আৰ চি জৈনে কয়, “পৰীক্ষা হৈ যোৱাৰ পাছত অ’এমআৰখনক লৈ অধিক সক্ৰিয়তা অৱলম্বন কৰা হৈছিল৷”
১৫ ছেপ্টেম্বৰৰ পৰীক্ষাত প্ৰশ্নকাকত লগত নিবলৈ নিদিয়াৰ কাৰণ সম্পৰ্কে তেওঁ কয়, “এয়া পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কৰা হৈছিল৷ আমি প্ৰশ্নকাকতত ক্ৰমিক নম্বৰ ছপা কৰিছিলোঁ আৰু যদি পৰীক্ষাৰ্থীয়ে কোনখন বিশেষ প্ৰশ্নকাকত ব্যৱহাৰ কৰিছে তাক জনাৰ প্ৰয়োজনীয়তা আহি পৰে তেন্তে এই ব্যৱস্থা সুবিধাজনক হৈ পৰে৷”
“প্ৰথমবাৰৰ বাবে আমি ইমান এটা বৃহৎ পৰীক্ষা আয়োজন কৰিছোঁ৷ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা যথেষ্ট বেছি আছিল৷ আমি কিছুমান আগতীয়া সাৱধানতা অৱলম্বন কৰিছিলোঁ৷ প্ৰথমবাৰৰ বাবে আমি প্ৰশ্নকাকত কঢ়িয়াবলৈ পেপাৰ কাৰ্টুনৰ ঠাইত পাছ ক’ড সংলগ্ন ট্ৰাংকৰ ব্যৱহাৰ কৰিছিলোঁ” – – আৰ চি জৈনে [ছেবাৰ অধ্যক্ষ]
আৰ চি জৈনে লগতে কয়, “অ’এমআৰ স্কেনিঙৰ ক্ষেত্ৰত এইবাৰ আমি ৰাজ্যৰ বাহিৰৰ ব্যক্তিক নিয়োজিত কৰিম, যাতে পৰীক্ষাৰ্থীসকলক অ’এমআৰ স্কেনিং কৰাসকলে চিনি নাপায়৷”
উল্লেখযোগ্য যে ১৫ ছেপ্টেম্বৰৰ পৰীক্ষাত পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ১১ লক্ষাধিক৷ অসমত ইয়াৰ পূৰ্বে ইমান বৃহৎ নিযুক্তি পৰীক্ষা হোৱা নাছিল৷ এই পৰীক্ষাত সুৰক্ষাৰ বাবে কেন্দ্ৰসমূহত ২৭ হাজাৰ আৰক্ষী নিয়োগ কৰা হৈছিল, নিৰীক্ষকৰ সংখ্যা আছিল প্ৰায় ৫৬ হাজাৰ৷ ২৯ ছেপ্টেম্বৰৰ দুটা পৰীক্ষাত পৰিক্ষাৰ্থীৰ সংখ্যা আছিল ক্ৰমে ৫ আৰু ২ লক্ষাধিক৷
নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে পৰীক্ষাৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সংক্ৰান্তীয় নতুন আইনখনৰ বিষয়ে উল্লেখ কৰে৷ এই আইনৰ অধীনত অসৎ উপায় অৱলম্বন কৰা প্ৰাৰ্থীৰ ৩ বছৰৰ পৰা ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ১ লাখৰ পৰা ১০ কোটি টকালৈকে জৰিমনা ভৰিবলগীয়া হ’ব পাৰে ৷ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ১০০ মিটাৰলৈ ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰসমূহত চিচিটিভি স্থাপন কৰা হৈছিল আৰু চিচিটিভিৰ ব্যৱস্থা নথকা ঠাইত ভিডিঅ’গ্ৰাফীৰ ব্যৱস্থা কৰা হৈছিল৷ প্ৰশ্নকাকত ফাদিল সম্পৰ্কীয় সমস্যা প্ৰতিৰোধৰ দৰে বৃহত্তৰ স্বাৰ্থৰ খাতিৰত পৰীক্ষাৰ সময়ত ৰাজ্যৰ ম’বাইল ইণ্টাৰনেট ব্যৱস্থা কৰ্তন কৰা হৈছিল৷ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে অতিৰিক্ত ৰে’ল সেৱাৰ ব্যৱস্থাও কৰা হৈছিল৷
![](https://i0.wp.com/asombarta.com/wp-content/uploads/2024/10/job-1.jpg?resize=1024%2C254&ssl=1)