দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৯ অক্টোবৰ ২০২৩ তাৰিখে শ্ৰদ্ধাঞ্জলি উৰণ সেতু ৰাইজৰ সেৱাৰ্থে উছৰ্গা কৰে৷ ৩১৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই উৰণ সেতুখন কমাৰ্চ পইণ্টৰপৰা সুন্দৰপুৰ তথা গীতানগৰৰ দিশে জু-ৰোড তিনিআলিৰ ওপৰেৰে নিৰ্মাণ কৰা হৈছে৷
১৯ মাহৰ ভিতৰত নিৰ্মিত শ্ৰদ্ধাঞ্জলি উৰণ সেতুখনৰ বাবে স্থানীয় বাসিন্দাৰ মন উৎফুল্লিত হৈ আছে৷ ইয়াৰ ভিতৰত জু-ৰোডৰ স্থায়ী বাসিন্দা ৰঞ্জিত কুমাৰ দাস (৫৬) আৰু ৰবীন দত্ত (৬১) অন্যতম৷ ২০ বছৰৰো অধিক সময় এই অঞ্চলত বসবাস কৰি অহা দুয়োগৰাকী ব্যক্তিয়ে উৰণ সেতুখনৰ সম্পূৰ্ণ কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে৷
“অতি কম সময়তে উৰণ সেতুখন নিৰ্মাণ কৰাৰ বাবে চৰকাৰক কৃতজ্ঞতা জনাইছোঁ৷ পূৰ্বৰ জু-ৰোড আৰু বৰ্তমানৰ জু-ৰোডৰ মাজত এতিয়া বহু পাৰ্থক্য পৰিলক্ষিত হৈছে৷ এই অঞ্চলৰ বাসিন্দা হিচাপে প্ৰতিটো পৰ্যায়ৰ উন্নয়নৰ প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ৷ শ্ৰদ্ধাঞ্জলি উৰণ সেতুখনে যান-জঁটৰ সমস্যা দূৰীকৰণেৰে ৰাইজক যথেষ্ট সকাহ দিব বুলি আমি বিশ্বাসী,” ৰবীন দত্তৰ সৈতে ৰঞ্জিত কুমাৰ দাসে কয়৷

ইয়াৰ লগতে, ৰাজগড় নিবাসী গীতালী চৌধুৰী (৩৫) আৰু চানমাৰিৰ ৰাজশ্ৰী চেতিয়া (২৫)য়ে আনন্দ প্ৰকাশ কৰে৷
এই প্ৰসংগত ৰাজশ্ৰী চেতিয়াই কয়, “চানমাৰিৰপৰা গণেশগুৰি অভিমুখী ৰাস্তাটো আমাৰ দৈনন্দিন যাত্ৰাৰ অংশস্বৰূপ৷ আগতে আমি যান-জঁটৰ সমস্যাৰ সন্মুখীন হোৱাৰ ফলত সময়ত গন্তব্যস্থান গৈ পোৱাটো অসম্ভৱ যেন লাগিছিল৷ উৰণ সেতু নিৰ্মাণে এই অসম্ভৱক সম্ভৱপৰ কৰি তুলিলে৷ ইয়াৰ লগতে উৰণ সেতুৰ খুঁটাবোৰত অংকন কৰা চিত্ৰসমূহে পথটোৰ সৌন্দৰ্যও বৃদ্ধি কৰিলে৷”
“উৰণ সেতুখন নিৰ্মাণৰ সময়ছোৱাত কিছু সমস্যাৰ সন্মুখীন হৈছিলোঁ যদিও এতিয়া সেই আক্ষেপ নাই৷ যিকোনো ভাল কামৰ বাবে আমি অপেক্ষা কৰিবই লাগিব৷ দুৰ্গা পূজাৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই উপহাৰ হৈছে দীৰ্ঘদিনীয়া অপেক্ষাৰ উপহাৰ,” গীতালী চৌধুৰীয়ে কয়৷
ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি ২০২১-২২১ অধীনত নিৰ্মিত এই উৰণ সেতুৰ মুঠ দৈৰ্ঘ্য হৈছে ২.২৮ কিল’মিটাৰ৷ ইয়াৰ অংশ হিচাপে উৰণ সেতুখনে মাদাৰ টেৰেছা পথৰ ফালে ৩৩০ মিটাৰ আৰু ৰাধাগোবিন্দ বৰুৱা পথৰ ফালে প্ৰায় ১.৯৮ কিল’মিটাৰ সামৰি লৈছে৷ উৰণ সেতুখনৰ প্ৰস্থ হৈছে ৰাধাগোবিন্দ বৰুৱা পথৰ ফালে ১০.৫০ মিটাৰ আৰু মাদাৰ টেৰেছা পথৰ ফালে ৭.৫০ মিটাৰ৷
যাতায়াত ব্যৱস্থাৰ সুচলকৰণেৰে উৰণ সেতুখন জনতাৰ বাবে মুকলি কৰি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে গুৱাহাটী মহানগৰীক আমি দক্ষিণ-পূব এছিয়াৰ দুৱাৰডলি হিচাপে নিৰ্মাণ কৰিব খোজোঁ৷ ইয়াৰ বাবে গুৱাহাটীত শীঘ্ৰেই বহুকেইটা পথ উন্নয়নমূলক কামৰ আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷