• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, February 7, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

গামোচালৈ জি আই টেগ- গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ বতৰা

AB Bureau by AB Bureau
January 1, 2023
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
গামোচালৈ জি আই টেগ- গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ বতৰা

তাঁতশালত এগৰাকী শিপিনীয়ে গামোচা বৈ থকাৰ মুহূৰ্তত

অসমৰ সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতীক তথা অসমীয়াৰ স্বাভিমান ‘গামোচা’খনে ভৌগোলিক সূচক পঞ্জীয়কৰ পৰা লাভ কৰিছে ভৌগোলিক সূচক (জি আই) টেগ৷ ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে পাঁচ বছৰ পূৰ্বেই এই দাবী উত্থাপন কৰিছিল আৰু অৱশেষত ২০২২ চনৰ ১৩ ডিচেম্বৰত এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ লগে লগে জি আই টেগ লাভ কৰা অসমৰ সম্পদসমূহৰ ভিতৰত গামোচা হৈ পৰিল দশমবিধ সম্পদ৷

হস্ততাঁত আৰু বস্ত্ৰ বিভাগে অসমীয়া গামোচাখনক পৰম্পৰাগত বস্ত্ৰজাত সামগ্ৰী হিচাপে উল্লেখ কৰি জি আই টেগ প্ৰদানৰ বাবে আৱেদন জনায়৷ এই আৱেদনত লগতে উল্লেখ কৰা হয়, “প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত আৰ্হি ব্যৱহাৰ কৰি বিভিন্ন আকাৰৰ গামোচা প্ৰস্তুত কৰা হয় বাবে গামোচাখনৰ এক সুকীয়া মৰ্যাদা আছে৷” সেয়েহে অসমৰ গৌৰৱ গামোচাখনে ভৌগোলিক স্বীকৃতি লাভ কৰাটো সকলোৰে কাম্য আছিল৷

জি আই আৱেদনত উল্লেখ কৰা হৈছে, “গামোচা হ’ল অসমবাসীৰ আবেগ আৰু আত্মপৰিচয়ৰ প্ৰতীক৷” গামোচাই অসমীয়া সমাজক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি জাৰ্নেলখনত গামোচাক ভালপোৱা, শ্ৰদ্ধা, মৰম আৰু আন্তৰিকতাৰ প্ৰতীক বুলি প্ৰকাশ কৰে৷ “ভমকাফুলীয়া গামোচাখনে অসমীয়া শিপিনীৰ দক্ষতাৰ প্ৰমাণ দাঙি ধৰে৷”

ৰাজ্যত গামোচাৰ এক বৃহৎ বজাৰ আছে৷ অসম সমবায় ছিল্ক হাউছ লিমিটেডৰ সচিব বীৰেন্দ্ৰ কুমাৰ দাসে অসম বাৰ্তাক কয়, “গুৱাহাটীত থকা আমাৰ চাৰিখন খুচুৰা বিপণীৰ ভিতৰত পাণবজাৰস্থিত কল্পতৰুত এবছৰত ২৫ হাজাৰৰো অধিক হাতে বোৱা গামোচা বিক্ৰী হয়৷ আমাৰ বিপণীসমূহৰ বাবে বছৰত প্ৰায় দুই লাখ গামোচাৰ প্ৰয়োজন হয়৷ অৱশেষত আমাৰ গামোচাই জি আই টেগ লাভ কৰাৰ বাবে আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ৷ শিপিনী, হস্ততাঁত সামগ্ৰীৰ উৎপাদক আৰু ৰাজ্যৰ হস্ততাঁত খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলে দীৰ্ঘদিনৰ পৰা এই দাবী উত্থাপিত কৰি আহিছিল৷”

তেওঁ লগতে কয়, “যোৱা ২০ বছৰত ৰাজ্যৰ বজাৰসমূহত মেচিনেৰে নিৰ্মিত (পাৱাৰলুম) গামোচা উভৈনদী হৈ পৰিছিল৷ ইয়াৰ সৰহভাগেই ৰাজ্যৰ বাহিৰত উৎপাদন কৰা হৈছিল আৰু হাতেৰে বোৱা গামোচাৰ তুলনাত এইসমূহৰ দাম আৰু গুণগত মান যথেষ্ট কম আছিল৷ জি আই টেগ লাভ কৰাৰ পাছত এনেধৰণৰ কাৰ্যকলাপ বহু পৰিমাণে ৰোধ কৰিব পৰা যাব৷”

গামোচাৰ বাবে ‘জি আই টেগ সামগ্ৰীৰ ভৌগোলিক সূচাংক (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯’ৰ অধীনত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ আৱেদনৰ ভিত্তিত পঞ্জীয়ন কৰা হৈছে৷ সঞ্চালকালয়ৰ আৱেদন কৰা দিনটোৰ ভিত্তিতেই ২০১৭ চনৰ ১৬ অক্টোবৰত প্ৰমাণ পত্ৰখন জাৰি কৰা হৈছে৷

জি আই টেগৰ বাবে হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে আৱেদন প্ৰেৰণ কৰাৰ লগতে প্ৰয়োজনীয় গৱেষণা আৰু নথিপত্ৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে সম্পাদন কৰিছিল৷

ভৌগোলিক স্বীকৃতি লাভৰ পাছত সন্মুখীন হোৱা কিছুমান সমস্যাৰ বিষয়ে বিৱৰি অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সঞ্চালক পৰাগমণি মহন্তই কয়, “হস্ততাঁত নিৰ্মিত গামোচাৰ উৎপাদন, প্ৰচাৰ আৰু বিপণন সম্পৰ্কীয় সকলো বিষয় সুশৃংখলিত কৰাটো হৈছে আমাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান৷ আমি শিপিনীসকলৰ মাজত গামোচাই লাভ কৰা জি আই টেগৰ বিষয়ে সজাগতা সৃষ্টি কৰিব লাগিব৷”

তেওঁৰ এগৰাকী সহকৰ্মী তথা অতিৰিক্ত সঞ্চালক গিৰীন সৰকাৰে কয় যে এই পদক্ষেপে শিপিনীসকলৰ বাবে এক অৰ্থনৈতিক জাগৰণৰ সূচনা কৰিব৷

এএছটিইচি-ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মুৰব্বী জয়দীপ বৰুৱাই কয় যে ২০১৭ চনত গোলাঘাট জিলাৰ হস্ততাঁত উন্নয়ন প্ৰতিষ্ঠানে জিআই-টেগৰ বাবে আৱেদন দাখিল কৰাৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ তেওঁ কয়, “সেই আবেদনখনত কিছু বিসংগতি আছিল৷ জি আই পঞ্জীয়ন কাৰ্যালয়ে হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ক অসমীয়া গামোচা সন্দৰ্ভত সোধা-পোছা কৰে৷ তাৰ পাছতেই গামোচাৰ বিষয়ে গৱেষণা আৰু অন্যান্য দিশসমূহ নিৰীক্ষণৰ দায়িত্ব এএছটিইচি-ক অৰ্পণ কৰা হৈছিল৷ ২০২২ চনৰ আগষ্টত ইয়াৰ অন্তিম শুনানি হৈছিল৷”

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই দিনটোক ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ দিন বুলি অভিহিত কৰে৷ অসমৰ গৌৰৱ তথা অবিচ্ছেদ্য প্ৰতীক গামোচাখনক সন্মান প্ৰদৰ্শন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে৷

কেন্দ্ৰীয় বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী পীয়ুষ গোৱেলে টুইটযোগে কয়, “অসমৰ গামোচাখন বিশ্ববিখ্যাত৷ ইয়াক প্ৰদান কৰা জি আই টেগে শিপিনীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব৷”

ৰাজ্যৰ হস্ততাঁত সামগ্ৰীৰ গৱেষক তথা শুৱালকুছিৰ এছ বি এম কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড॰  নিহাৰৰঞ্জন কলিতাই কয় যে এই জি আই টেগে ৰাজ্যৰ গ্ৰাম্য অঞ্চলত যথেষ্ট আৰ্থ-সামাজিক প্ৰভাৱ পেলাব৷ তেওঁ কয়, “আমাৰ হস্ততাঁত শিপিনীসকলৰ অধিকাংশই গাঁৱত বাস কৰে৷ এই পদক্ষেপে ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিত এক নতুন দিগন্তৰ সূচনা কৰিব৷ উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানৰ বাহিৰেও অসমৰ প্ৰতিটো পৰিয়ালতে তিনিৰ পৰা চাৰিখন গামোচাৰ প্ৰয়োজন হয়৷ ইয়াৰ পৰাই গামোচাৰ বজাৰখনৰ বৃহৎ পৰিসৰৰ মান অনুধাৱন কৰিব পাৰি৷”

ShareTweetShare

Related Posts

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
4
যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
2
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
4
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
4
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
6
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
4
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In