মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া গামোচাৰ জিআই পঞ্জীয়ন প্ৰমাণ-পত্ৰ গ্ৰহণ কৰে
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সৰুসজাইৰ বাকৰিত বিশ্ব অভিলেখৰ বাবে আয়োজিত অনুষ্ঠানত পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্ক আৰু জিআই পঞ্জীয়কৰ মহানিয়ন্ত্ৰক ড॰ উন্নত পি পণ্ডিতৰপৰা অসমীয়া গামোচাৰ ভৌগোলিক সূচক পঞ্জীয়ন প্ৰমাণ-পত্ৰখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে৷
উল্লেখ্য যে জিআই পঞ্জীয়নত আঠ প্ৰকাৰৰ গামোচা ক্ৰমে উকা বা সাধাৰণ গামোচা, ফুলাম গামোচা, বিহুৱান, তিয়নি বা পানী গামোচা, আনাকাটা, তেলচ, দৰা বৰণ বা যোৰ গামোচা আৰু গোসাঁই গামোচাক অন্তৰ্ভুক্ত কৰা হৈছে৷ জিআই পঞ্জীয়ন হৈছে এক নিৰ্দিষ্ট ভৌগোলিক এলেকা বা অঞ্চলৰ বাবে কোনো সামগ্ৰীৰ আইনী স্বীকৃতি৷ আন কোনোৱে এই সামগ্ৰী উৎপাদন আৰু বিক্ৰী কৰিব নোৱাৰে৷ জিআই টেগে ৰাজ্যখনৰ লাখ লাখ শিপিনীৰ অৰ্থনৈতিক সুৰক্ষাও নিশ্চিত কৰিব৷
এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়, “ৰঙালী বিহু উদ্যাপনৰ প্ৰাকমুহূৰ্তত এয়া অসমৰ জনসাধাৰণৰ বাবে এক সন্মান আৰু গৌৰৱৰ ক্ষণ৷ মই আজি গামোচাৰ জিআই টেগ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলোঁ৷ এতিয়া আমাৰ গৌৰৱ গামোচাখনে এক আইনী স্বীকৃতি লাভ কৰিব৷ যিয়ে গামোচাৰ মান আৰু স্বকীয়তা সুৰক্ষিত কৰাৰ লগতে আমাৰ শিপিনীসকলৰ স্বাৰ্থৰ সুৰক্ষাও নিশ্চিত কৰিব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মান লাভ কৰাৰ বাবে অসমৰ জনসাধাৰণক অভিনন্দন জনায়৷ তেওঁ কয় যে এই জিআই টেগে অসমক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ দিশত আৰু এখোজ আগুৱাই নিব৷