দুখন দেশৰ বিভিন্ন নদীৰ মাজেৰে ৫০ দিনীয়া ভ্ৰমণ সম্পূৰ্ণ কৰি এম ভি গংগা বিলাস ক্ৰুজখনে ২৮ ফেব্ৰুৱাৰীত ২৮ গৰাকী ছুইছ পৰ্যটকৰ সৈতে ডিব্ৰুগড়ত আহি উপস্থিত হয়৷ তেওঁলোকক কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বগীবিল ৰে’লৱে পৰ্যটন টাৰ্মিনেলত উষ্ম আদৰণি জনায়৷ লগতে উপস্থিত আছিল বন্দৰ, জাহাজ আৰু জলপথ আৰু পৰ্যটন ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েশো নায়েক; শিক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড॰ ৰাজকুমাৰ ৰঞ্জন সিং; বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ; শ্ৰম, নিয়োগ, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷
বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ভ্ৰমণ সম্পূৰ্ণ কৰি ক্ৰুজখনে ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগৰ লগতে বাংলাদেশৰ মাজেৰে যাত্ৰা কৰি ১৭ ফেব্ৰুৱাৰীত ধুবুৰী বন্দৰত প্ৰৱেশ কৰে৷ ৰাজ্যখনৰ বাৰেৰহণীয়া সংস্কৃতি আৰু উষ্ম আতিথ্যৰ সোৱাদ পাই পৰ্যটকসকল অভিভূত হৈ পৰে৷ যোৱা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ্ অফ্ কৰাৰ পাছত গংগা বিলাসে বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল৷
ধুবুৰীত প্ৰৱেশ কৰাৰ লগে লগে পৰ্যটকসকলক ধুবুৰী জিলাৰ উপায়ুক্তৰ উপৰি ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালকৰ লগতে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অন্যান্য বিষয়াসকলে আদৰণি জনায়৷ অঞ্চলটোৰ আত্মসহায়ক গোটৰ বিপণীত পৰ্যটকসকলে স্থানীয় কাৰুশিল্প যেনে মৰাপাটৰ সামগ্ৰী, টেৰাকোটা শিল্পকলা, কুহিলা আদি দৰ্শন কৰে৷ এটা নৃত্য দলে পৰম্পৰাগত কোচ ৰাজবংশী নৃত্যও পৰিৱেশন কৰি পৰ্যটকসকলক আদৰণি জনায়৷
পৰ্যটকসকলৰ বাবে ধুবুৰীৰ স্থানীয় সাংস্কৃতিক ঐতিহ্য, কাৰুশিল্প আৰু অন্যান্য আকৰ্ষণীয় দিশবোৰ উপভোগৰ ব্যৱস্থা কৰা হয়৷ তদুপৰি, তেওঁলোকে টেৰাকোটা শিল্পকলাৰ বাবে জনাজাত আছাৰিকান্দি অঞ্চলটোও ভ্ৰমণ কৰে৷ গুৰু টেগ বাহাদুৰ চাহিবজীৰ গুৰুদ্বাৰা আদি পৰ্যটনস্থলীসমূহলৈও তেওঁলোকক লৈ যোৱা হয়৷ ১৮ ফেব্ৰুৱাৰীত গংগা বিলাসে ধুবুৰীৰ পৰা গোৱালপাৰালৈ যাত্ৰা আৰম্ভ কৰে আৰু ঐতিহ্যমণ্ডিত সূৰ্য পাহাৰ ভ্ৰমণ কৰাৰ লগতে ৰাভা জনগোষ্ঠীয় লোকনৃত্য উপভোগ কৰে৷
২০ ফেব্ৰুৱাৰীত পৰ্যটকসকলে বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত হৈ ঐতিহ্যমণ্ডিত হস্ততাঁত উদ্যোগ দৰ্শন কৰে৷ ই-ৰিক্সাৰে বস্ত্ৰনগৰী ভ্ৰমণ কৰি আৰু শিপিনীসকলৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠা এই অপৰূপ শিল্পকলা প্ৰত্যক্ষ কৰি পৰ্যটকসকল মন্ত্ৰমুগ্ধ হৈ পৰে৷ তদুপৰি, শুৱালকুছিত প্ৰদৰ্শনীমূলকভাৱে পৰম্পৰাগত নাওখেল আৰু ইয়াৰ সৈতে জড়িত গীত প্ৰদৰ্শন কৰা হয় য’ত পৰ্যটকসকলে নাৱত বঠা বায়৷ একেদিনা বিয়লি গংগা বিলাসে গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰাৰ লগে-লগে জাহাজখনৰ পৰ্যটকসকলক ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ তৰফৰপৰা উষ্ম সাদৰ-সম্ভাষণ আৰু আতিথ্য প্ৰদান কৰা হয়৷ ব্ৰহ্মপুত্ৰৰ পাৰত সন্ধিয়া সূৰ্যাস্তৰ মনোৰম পৰিৱেশত তেওঁলোকৰ বাবে কাৰ্বি আৰু তিৱা নৃত্য প্ৰদৰ্শন কৰা হয়৷ পৰ্যটকসকলে পিছদিনা ৰাতিপুৱা অসম ৰাজ্যিক সংগ্ৰহালয়ৰ উপৰি নীলাচল পাহাৰত শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰি তান্ত্ৰিক লোকাচাৰৰ প্ৰাণকেন্দ্ৰ মায়ং অভিমুখে যাত্ৰা আৰম্ভ কৰে৷ ইয়াৰ পাছতে তেজপুৰ, বিশ্বনাথ, কাজিৰঙা, শিৱসাগৰ, লখিমপুৰ, মাজুলী আদি বিভিন্ন স্থান হৈ গংগা বিলাসৰ যাত্ৰা ডিব্ৰুগড়ত সম্পূৰ্ণ হয়৷