– ড॰ ভূপেন হাজৰিকা“কাজিৰঙা কাজিৰঙা
আমাৰ কাজিৰঙা ধন্য
প্ৰকৃতিৰ ধুনীয়া কোলাত খেলি
আমাৰ মন হ’ল পুণ্য”
সেউজ আৱৰণেৰে ভৰা কাজিৰঙাই সকলোৰে মন মুহিব পাৰে৷ অসমৰ গৌৰৱ, স্বাভিমান কাজিৰঙাৰ অপৰূপ সৌন্দৰ্যক উপভোগ কৰিবলৈ প্ৰতিবছৰে দেশ-বিদেশৰ পৰ্যটকৰ সমাগম হয়৷
কাজিৰঙাত পৰ্যটনৰ ক্ষেত্ৰখনক ভিত্তি কৰি মুকলি হৈছে স্বাৱলম্বিতাৰ পথ৷ এই দিশত বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ ‘চৰাণ আহেম’ নামৰ কেন্দ্ৰটোৱে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷
জখলাবন্ধাৰ কাষৰীয়া ‘নতুন দাংগা’ গাঁওখনক কেন্দ্ৰ কৰি গঢ়ি উঠা চৰাণ আহেমত পৰ্যটকসকলে কাৰ্বি জনগোষ্ঠীৰ থলুৱা খাদ্যৰ জুতি ল’বলৈ প্ৰায়েই ভিৰ কৰা দেখিবলৈ পোৱা যায়৷
চৰাণ আহেমৰ বিভিন্ন দিশ চোৱা-চিতা কৰা মংগলছিং টেৰণে কয়, “বন বিভাগৰ পৰা লাভ কৰা সহযোগিতা আৰু দিহা-পৰামৰ্শৰে আগবাঢ়ি ২০১০ চনত অনুষ্টুপীয়াকৈ আমাৰ গাঁৱত স্থানীয় বাসিন্দা কেইগৰাকীমানৰ সৈতে লগ হৈ এই পদক্ষেপৰ আৰম্ভ কৰিছিলোঁ৷ আৰম্ভণিতে চাহ, বিস্কুট, পিঠা আদিৰহে ব্যৱস্থা কৰা হৈছিল৷ পৰৱৰ্তী সময়ত নতুন চিন্তা-চৰ্চা কৰি আমি কাৰ্বি থলুৱা খাদ্য পৰিৱেশন কৰাৰ ব্যৱস্থা কৰোঁ৷ ২০১৯ চনৰ পৰা চৰাণ আহেমত দেশ-বিদেশৰ বহু পৰ্যটক আহি আমাৰ খাদ্যৰ প্ৰশংসা কৰিছে৷”
তেখেতে লগতে কয়, “আত্মসহায়ক গোট হিচাপে আৰম্ভ কৰা এই পদক্ষেপৰ জৰিয়তে গাঁৱৰ মহিলা আৰু ডেকা-গাভৰুসকলে কৰ্মসংস্থাপন লাভ কৰিছে৷ আৰ্থিক সমস্যাৰে জৰ্জৰ গাঁৱৰে বহু ডেকাই আনুষ্ঠানিক শিক্ষাৰ মাজতো সময়-সুবিধা অনুযায়ী আমাৰ কামত সহায় কৰি নিজৰো উপাৰ্জনৰ বাট মুকলি কৰিছে৷ কাজিৰঙাত এই বৰ্ষত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত আমাৰ দৰে ৰেষ্টুৰেণ্ট, হোটেলসমূহ যথেষ্ট লাভান্বিত হৈছে৷”
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটনস্থলী হিচাপে দ্ৰুতগতিত বিকশিত হৈছে৷ ২০২৩-২৪ বৰ্ষৰ পৰ্যটনকালীন সময়ত ৩,২৭,৪৯৩গৰাকী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে৷ ইয়াৰ জৰিয়তে উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ পৰা ৮.৮ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে কয়, “কাজিৰঙাত এইবাৰ ৩.২৭ লাখৰো অধিক পৰ্যটকে ভিৰ কৰিছে আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ ইতিহাসত এইবাৰ সৰ্বাধিক পৰ্যটকৰ আগমন হৈছে৷ এইক্ষেত্ৰত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৯ মাৰ্চত কৰা কাজিৰঙা ভ্ৰমণে ৰাষ্ট্ৰীয় উদ্যানখনিক পৰ্যটনস্থলী হিচাপে বিশ্বৰ সন্মুখত নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে৷ তদুপৰি সোণালী বাঘ, শিহু, পৰিভ্ৰমী চৰাই দৰ্শন আদিৰ লগতে আন বিভিন্ন দিশে পৰ্যটকসকলক আমোদ দিছে৷”
তেখেতে লগতে কয়, “বিশ্বনাথ, নগাঁও আৰু সমীপৱৰ্তী অঞ্চলত বিভিন্ন কাৰ্যকলাপ, যেনে- চাইক্লিং, ট্ৰেকিং, পক্ষী দৰ্শন, চাহৰ সোৱাদ লোৱা আদি ব্যৱস্থাই দৰ্শনাৰ্থীসকলৰ কাজিৰঙাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাত সহায় কৰিছে৷”
ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংগচুকৰ কাজিৰঙা ভ্ৰমণেও পৰ্যটকৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে বুলি বিভাগীয় কৰ্তৃপক্ষৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকেন্দ্ৰিক পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন লোকে জানিবলৈ দিয়ে৷
“মই নিজাববীয়া প্ৰচেষ্টাৰে প্ৰায় ২৩ বছৰ ধৰি কাজিৰঙাত হাতী আৰু জীপ ছাফাৰীৰ সৈতে জড়িত হৈ আহিছোঁ৷ মোৰ ৩খন জীপ আছে আৰু পৰ্যটনকালীন সময়খিনিত ৭টা হাতী তেজপুৰ, ঢেকীয়াজুলি, মঙলদৈ, বঙাইগাঁও, গুৱাহাটী আদি বিভিন্ন স্থানৰ পৰা ভাৰা কৰি আনো৷ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ভ্ৰমণ কৰাৰ পাছত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে৷ যাৰ ফলত আমি যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ,” স্থানীয় এগৰাকী উদ্যমী মুন্না শৰ্মাই এনেদৰে কয়৷
তেখেতে লগতে কয়, “বৰ্তমানৰ চৰকাৰখনে পৰ্যটনকালীন সময় পূৰ্বৰ চৰকাৰৰ দিনতকৈ ২ মাহ বৃদ্ধি কৰি ৮ মাহ কৰাৰ ফলত আমি যথেষ্ট উপকৃত হৈছোঁ৷ পৰ্যটনৰ সময় বিশেষকৈ জীপ ছাফাৰীৰ ক্ষেত্ৰত যদিহে আৰু কেইটামান মাহ বৃদ্ধি কৰা হয়, তেন্তে মোৰ দৰে কাজিৰঙা পৰ্যটন ক্ষেত্ৰখনৰ ওপৰত নিৰ্ভৰশীল ব্যক্তি তথা সংস্থাসমূহ লাভান্বিত হ’ব আৰু যুৱপ্ৰজন্মও এই ক্ষেত্ৰখনৰ সৈতে জড়িত হ’বলৈ ইচ্ছা প্ৰকাশ কৰিব৷”
মুন্না শৰ্মাৰ দৰে জীপ ছাফাৰী ব্যৱসায়ৰ সৈতে জড়িত কঁহৰা নিৱাসী পংকজ শৰ্মায়ো তেওঁৰ সৈতে সহমত প্ৰকাশ কৰে৷
২খন জীপৰ অধিকাৰী পংকজ শৰ্মাই কয়, “প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কাজিৰঙাক যিধৰণে বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰিলে, তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ৷”
কাজিৰঙাক নিৰ্ভৰ কৰি গঢ়ি উঠা হোটেল-ৰিজ’ৰ্ট উদ্যোগেও পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷
কাজিৰঙাৰ সমীপতে থকা টেস্ক’ ৰিজ’ৰ্টৰ কৰ্তৃপক্ষই কয়, “আমাৰ ৰিজ’ৰ্টত এইবাৰ দেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ পুণে, গুজৰাট, কলকাতা, মহাৰাষ্ট্ৰ আদিৰ পৰ্যটকসকলে আমাৰ ৰিজ’ৰ্টখন বাছনি কৰিছিল৷”
ঠিক একেদৰে বৰগছ ৰিজ’ৰ্ট কৰ্তৃপক্ষই মাৰ্চ-এপ্ৰিল মাহৰ সময়ছোৱাত তেওঁলোকৰ ৰিজ’ৰ্টত প্ৰায় ৯০% পৰ্যটকে ভিৰ কৰা বুলি জানিবলৈ দিয়ে৷
কাজিৰঙাত বন্যপ্ৰাণী তথা প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত ‘বনদুৰ্গা’ বাহিনীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে৷ এই বাহিনীৰ এগৰাকী সক্ৰিয় সদস্যা, বনকৰ্মী-১ৰ পদত নিযুক্ত নাম্প পেগুৱে প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰা মধুৰ মুহূৰ্তখিনিৰ কথা সুঁৱৰি কয়, “প্ৰধানমন্ত্ৰীগৰাকীক এনেদৰে লগ পাম বুলি কেতিয়াও ভবা নাছিলোঁ৷ তেখেতে আমাক যথেষ্ট অনুপ্ৰেৰণা যোগাইছে৷ এই প্ৰেৰণাৰে উদ্বুদ্ধ হৈ কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত আমি দায়বদ্ধতাৰে কাম কৰি যাম৷”
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাক সকলো দিশৰ পৰা জিলিকাই তুলিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ বাবেই ২০২৩-২৪ বৰ্ষৰ পৰ্যটনকালীন সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখনত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই যাত্ৰাই অনাগত দিনত নতুন ৰূপ পাব৷