২৮ ছেপ্টেম্বৰ, ২০২১ৰ নিশা৷ সেইদিনা তদানীন্তন অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী তথা প্ৰবীণ ৰাজনীতিবিদ চন্দ্ৰমোহন পাটোৱাৰী এক চিৰস্মৰণীয় মুহূৰ্তৰ সাক্ষী হ’ল৷ “তেতিয়া নিশা প্ৰায় ১ বাজি ৩০ মিনিট গৈছে৷ আমি সেইদিনা হিন্দুস্তান কাগজ কল নিগমৰ কৰ্মচাৰী সংস্থাৰ সৈতে ক্ষতিপূৰণ সম্পৰ্কীয় বিষয়ক লৈ আলোচনা কৰি আছিলোঁ৷ আমি আহি এক সহমতত উপনীত হোৱাৰ পাছত মই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই সম্পৰ্কে অৱগত কৰোঁ৷” বন্ধ হৈ যোৱা হিন্দুস্তান কাগজ কল নিগম লিমিটেডৰ অধীনৰ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ প্ৰাক্তন কৰ্মচাৰী আৰু শ্ৰমিকসকলক সকাহ প্ৰদান অনুষ্ঠানত সেই দিনটোৰ কথা সুঁৱৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, “যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা ৫ বাজি ৩০ মিনিটত এই চুক্তিখনত স্বাক্ষৰ কৰে, মই সঁচাকৈ অভিভূত হৈ পৰিলোঁ৷ একেষাৰতে তেখেত ৮০০ কোটি টকা ব্যয় কৰি এই সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি আহিল৷ মোৰ দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাত এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ বৃহৎ ব্যয়ৰ বাবে ইমান তাৎক্ষণিক সিদ্ধান্ত লোৱা আগতে কেতিয়াও দেখা নাই৷”
অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই নিৰ্ণায়ক সিদ্ধান্তই ৭৪৮গৰাকী ঠিকাভিত্তিক শ্ৰমিককে ধৰি কাগজ কল দুটাৰ মুঠ ২,৭১৫গৰাকী কৰ্মচাৰীৰ মুখত জিলিকাই তুলিলে প্ৰাপ্তি আৰু আনন্দৰ হাঁহি৷ এওঁলোকৰ মাজৰে এগৰাকী হৈছে নাজমিন চুলতানা৷ ২০২১ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ নাজমিনৰ পিতৃ আব্দুল নুৰৰ মৃত্যু হৈছিল৷
“২০১৭ চনত কল বন্ধ হোৱাৰ পাছৰে পৰা আমি আমাৰ সমস্ত জমাধন ঘৰখন চলাবলৈ আৰু দেউতাৰ চিকিৎসাৰ বাবদ খৰচ কৰিবলগীয়া হৈছিল৷ সকলো জমাধন শেষ হৈ যোৱাৰ পাছত চিকিৎসাও বন্ধ কৰি দিবলগীয়া হ’ল৷ দেউতাৰ মৃত্যুৰ সময়ত মই এল এল বি চূড়ান্ত বৰ্ষত পঢ়ি আছিলোঁ৷ অসম চৰকাৰে আগবঢ়োৱা এই বিত্তীয় সাহায্যই আমাক এটা নতুন আৰম্ভণি কৰিবলৈ সুবিধা দিলে,” নাজমিনে অসম বাৰ্তাক কয়৷
নগাঁও কাগজ কলৰ এগৰাকী প্ৰাক্তন চিকিৎসক ড॰ নিৰ্মল কুমাৰ সিনহাও এই বিত্তীয় সকাহ লাভ কৰি সুখী৷ তেওঁ অসম বাৰ্তাক কয়, “নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলৰ সৈতে মোৰ এক আৱেগিক সম্পৰ্ক আছে৷ মই কাগজ কলত ১৯৯৫ চনৰ পৰা ২০১৭ চনলৈকে কাম কৰিছিলোঁ৷ প্ৰথম সমস্যা আৰম্ভ হৈছিল ২০১২ চনত, যেতিয়া প্ৰতিষ্ঠানটোৱে সময়মতে দৰমহা মুকলি কৰি দিব নোৱৰা হ’ল৷ মোৰ ভাগ্য ভাল আছিল যে মই কেৱল জীৱন বীমা পলিচীৰ কিস্তিহে সময়মতে আদায় কৰিব পৰা নাছিলোঁ৷ বহুকেইজনেতো ঘৰ চলাবলৈ নিজৰ গহনা-গাঁঠৰি বিক্ৰী কৰিবলগীয়া হৈ পৰিছিল৷” ড॰ নিৰ্মল কুমাৰ সিনহা বৰ্তমান কোকৰাঝাৰ চিকিৎসালয়ৰ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনত কৰ্মৰত৷

এই সকাহ প্ৰদান কৰাৰ বাবে অসম চৰকাৰে ৰাজকোষৰ পৰা ৮১০.০২ কোটি টকা ব্যয় কৰি মানৱীয়তাৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শন দাঙি ধৰিলে৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা বহু বছৰ ধৰি এই কাগজ কলকেইটা অকাৰ্যক্ষম হৈ থকাৰ ফলত প্ৰাক্তন কৰ্মচাৰী, শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালসমূহে ভোগ কৰা সমস্যাৰ বিষয়ে বিবেচনা কৰিয়েই অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷
“ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰখন শাসনলৈ অহাৰ পৰাই আমি সকাহ প্ৰদান কৰাৰ বাবে বিনামূলীয়া বিদ্যুৎ, প্ৰাক্তন কৰ্মচাৰীৰ সন্তানৰ বাবে জলপানি প্ৰদানৰ দৰে বিভিন্ন ব্যৱস্থা হাতত লৈছোঁ৷ দ্বিতীয়বাৰ শাসনলৈ অহাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত প্ৰাক্তন কৰ্মচাৰীৰ পৰিয়ালে মুখামুখি হৈ থকা সমস্যাবোৰ সমাধান কৰিবলৈ আমি কাগজ কল দুটা ক্ৰয় কৰাৰ সিদ্ধান্ত লওঁ৷”, মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷
ড॰ হিমন্ত বিশ্ব শৰ্মাই এই জনসভাক সম্বোধন কৰি কয় যে এই সময়ছোৱাত ৰাজ্য চৰকাৰে দুয়োটা কাগজ কলৰ কৰ্মচাৰী সংস্থাৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হোৱাৰ পাছত কাগজ কলকেইটা বন্ধ হোৱাৰ পৰা এতিয়ালৈকে কৰ্মচাৰী আৰু শ্ৰমিকসকলৰ প্ৰাপ্য মুঠ দৰমহা আৰু মজুৰি পৰিশোধ কৰাৰ সিদ্ধান্ত লৈছিল, লগতে মিলকেইটাৰ যোগ্য কৰ্মচাৰীসকলক চৰকাৰী বিভাগত নিযুক্তি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল৷
তেওঁ ঘোষণা কৰে যে চৰকাৰে কাছাৰ কাগজ কলৰ ভূমিত এটা নতুন কাগজ কল স্থাপনৰ বাবে প্ৰচেষ্টা চলাব৷ আনহাতে, নগাঁও কাগজ কলৰ ভূমিলৈ ৰাজ্যৰ ৰাজধানী সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা কৰা হ’ব৷
ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সকাহ পেকেজৰ অধীনত ২৫ কোটি টকা ব্যয় সাপেক্ষে এটা ন্যাস গঠন কৰা হ’ব৷ এই ন্যাস প্ৰাক্তন কৰ্মচাৰী আৰু শ্ৰমিকসকলৰ চিকিৎসা, তেওঁলোকৰ সন্তানৰ শিক্ষা, সামাজিক সকাহ আদিৰ সুবিধা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হ’ব৷
ৰাজ্য চৰকাৰে ইতিমধ্যে কাগজ কলৰ ৮৪গৰাকী প্ৰাক্তন কৰ্মচাৰীক নিযুক্তি প্ৰদানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত ৬৬গৰাকী কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰে৷