এডভাণ্টেজ আছাম ২.০ৰ প্ৰতি বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে চলাইছে ব্যাপক প্ৰস্তুতি।
এই কাৰ্যসূচীক সফল কৰি তুলিবলৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে ইয়াৰ বিশ্বব্যাপী প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নেতৃত্বত অসমৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে ডুবাইত এক ৰোড শ্ব’ৰ আয়োজন কৰি প্ৰখ্যাত ব্যৱসায়ী, বিনিয়োগকাৰী, উদ্যোগীসকলৰ সৈতে আলোচনাত মিলিত হয়। এই সময়ত যোগীঘোপা মাল্টিম’ডেল লজিষ্টিক পাৰ্কৰ দৰে মূল উদ্যোগসমূহৰ বিষয়ে আলোচনা কৰা হয়, যিয়ে ৰাজ্যখনক উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ এটা মুখ্য লজিষ্টিক আৰু বাণিজ্য কেন্দ্র হিচাপে প্ৰতিষ্ঠা কৰাৰ সম্ভাৱনাক বাস্তৱায়িত কৰিব।
আলোচনাৰ সময়ত মন্ত্রীগৰাকীয়ে অভ্যন্তৰীণ জলপথৰ উন্নয়নৰ বাবে চলি থকা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। যাৰ জৰিয়তে সামগ্ৰী পৰিবহণ অধিক কার্যক্ষম হ’ব আৰু অসমৰ সৈতে চুবুৰীয়া দেশসমূহ তথা দক্ষিণ-পূব এছিয়াৰ বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব। ৰাজ্যখনৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্যক পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ অন্যতম আকৰ্ষণ হিচাপে উপস্থাপন কৰাৰ দিশতো গুৰুত্ব দিয়া হয়।
অসমে দ্ৰুতগতিত উন্নয়নৰ বাটেৰে আগবাঢ়িছে বুলি মন্ত্ৰী বিমল বড়াই কয় আৰু ইয়াৰ জৰিয়তে পৰম্পৰাগত উদ্যোগৰ পৰা আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰলৈকে নতুন সুযোগৰ সৃষ্টি হৈছে বুলিও উল্লেখ কৰে।
আনহাতে ডুবাইত ভাৰতীয় কনছুল জেনেৰেল সতীশ কুমাৰ শিৱানে অসমৰ এই প্ৰচেষ্টাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয়, “ভাৰতত ইউ এ ইৰ বিনিয়োগে ইতিমধ্যে ১৮ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে, যাক নতুন দ্বিপাক্ষিক বিনিয়োগ চুক্তিয়ে অধিক সুদৃঢ় কৰিছে।”

মন্ত্রী বিমল বড়াই ব্ৰিটেইন (ইউ কে)ত উপস্থিত হোৱাৰ পাছত তেখেতে ব্ৰিটিছ সাংসদ তথা ইন্দো-পেছিফিক মন্ত্ৰী কেথৰিন ৱেষ্টৰ সৈতে সাক্ষাৎ হয়। সাক্ষাৎকালত তেওঁলোকে ভাৰত তথা অসম আৰু ব্ৰিটেইনৰ মাজৰ বাণিজ্যিক তথা সাংস্কৃতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। বিশেষকৈ অসমক আগশাৰীৰ বাণিজ্য আৰু বিনিয়োগৰ গন্তব্য স্থান হিচাপে উন্নীত কৰাৰ ক্ষেত্ৰত অসমৰ অপৰিসীম সম্ভাৱনাসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কেথৰিন ৱেষ্টক অৱগত কৰে।
বাকিংহাম গেটস্থিত হোটেল চেইণ্ট জেমছ কোৰ্টত আয়োজিত বিনিয়োগকাৰী সন্মিলনতো মন্ত্রী বড়াই অংশ লৈ ব্ৰিটিছ বিনিয়োগকাৰীসকলক এডভাণ্টেজ আছাম ২.০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। তেখেতে অসমক দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ বুলি উল্লেখ কৰি বিনিয়োগৰ অপাৰ সম্ভাৱনাৰ বিষয়ে বৰ্ণনা কৰে।
আনহাতে কেবিনেট মন্ত্রী কেশৱ মহন্তৰ নেতৃত্বত আন এটা দলে অসমৰ পৰা থাইলেণ্ডলৈ গৈ পৰ্যটন আৰু আনুষংগিক ক্ষেত্ৰৰ বিনিয়োগকাৰীসকলৰ সৈতে আলোচনা কৰে।
এই সন্দৰ্ভত মন্ত্রীগৰাকীয়ে ফে’চবুকত প্ৰকাশ কৰে, “অসম চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলক নেতৃত্ব প্ৰদানেৰে থাইলেণ্ডৰ ৰাজধানী বেংককত উপস্থিত হওঁ। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমত অনুষ্ঠিতব্য “এডভান্টেজ আছাম ২.০” শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনখনৰ বাবে থাইলেণ্ডৰ পৰ্যটন আৰু আতিথ্য খণ্ডৰ প্ৰতিনিধিসকলৰ লগতে আগ্ৰহী বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনাওঁ,” এই কথা উল্লেখ কৰি বেংককৰ “ৱেষ্টিন হোটেল”-ত অনুষ্ঠিত এখন বৈঠকত থাই পৰ্যটন আৰু আতিথ্য খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ শীৰ্ষ কাৰ্যবাহীসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰাৰ কথা তেখেতে উল্লেখ কৰে আৰু অসমক থাইলেণ্ডৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ মাজত এক আকৰ্ষণীয় পৰ্যটন বেণ্ড হিচাপে উপস্থাপনৰ কৰাৰ বিষয়েও ব্যক্ত কৰে।

মন্ত্ৰীগৰাকীয়ে থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমাৰ উপ-মন্ত্ৰী ৰাছ জালিচন্দ্ৰক এডভান্টেজ আছাম ২.০ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায় আৰু সম্ভাব্য বিনিয়োগকাৰী তথা ঔদ্যোগিক খণ্ডৰ প্ৰতিনিধিসকলক এই সন্মিলনত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ আহ্বান জনায়।
থাইলেণ্ডৰ পাছত মন্ত্ৰীগৰাকীয়ে কুৱালা লামপুৰত মালয়েছিয়াৰ উদ্যোগ আৰু বাণিজ্য খণ্ডৰ অংশীদাৰসকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰে।
তেখেতে ফে’চবুকত প্ৰকাশ কৰে, “প্ৰথমখন বৈঠকত মালয়েছিয়াৰ পাম-অইল খণ্ডৰ বিনিয়োগকাৰীসকল, দ্বিতীয়খনত মালয়েছিয়াৰ আটাইকেইটা বাণিজ্য আৰু উদ্যোগ খণ্ডৰ মূৰব্বীসকল, তৃতীয়খনত মালয়েছিয়ান পৰ্যটন খণ্ডৰ প্ৰতিনিধিমণ্ডলী আৰু চতুৰ্থখন বৈঠকত মালয়েছিয়াৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সংগঠন (ছামেণ্টা)ৰ নেতৃবৰ্গৰ সৈতে অসমত বিনিয়োগৰ সম্ভাৱনাৰ লগতে সম্ভাব্য বিনিয়োগক উদগণি যোগোৱাৰ বাবে ভাৰত চৰকাৰৰ সহযোগিতাৰে অসম চৰকাৰে লোৱা অতি অনুকূল পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে অৱগত কৰোঁ।”
আনহাতে আহমেদাবাদত আয়োজিত বিনিয়োগকাৰীৰ ৰোড শ্ব’ত নেতৃত্ব দি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসমৰ উন্নীত সামগ্ৰিক পৰিস্থিতি আৰু অপৰিসীম ঔদ্যোগিক সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলেও বেংগালুৰু আৰু কলকাতাত আয়োজিত এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত অংশ লয়। দুই শতাধিক বিনিয়োগকাৰী, ব্যৱসায়িক গোষ্ঠীৰ প্ৰতিনিধি, নীতি নিৰ্ধাৰক আৰু উদ্যোগ খণ্ডৰ বিশেষজ্ঞক সম্বোধন কৰি তেখেতে আন্তঃগাঁথনি, উৎপাদন, নবীকৰণযোগ্য শক্তি আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল বিনিয়োগৰ দ্বাৰা পৰিচালিত অসমৰ বিকাশৰ দৃষ্টিভংগীক গুৰুত্ব দিয়ে।
তেখেতে কয়, “আহক আমি একত্ৰিত হৈ অসমৰ সম্ভাৱনাক মুকলি কৰোঁ আৰু সমৃদ্ধি আৰু উদ্ভাৱনৰ এক সুন্দৰ ভৱিষ্যৎ গঢ়ি তোলোঁ।”