অসমৰ গ্ৰামাঞ্চলত নীৰৱে হৈ আছে এক অনন্য বয়ন বিপ্লৱ৷ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিল’মিটাৰ পশ্চিমে আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত কামৰূপ জিলাৰ শুৱালকুছি৷ ৰেছম নগৰীখ্যাত শুৱালকুছিক ‘অসমৰ মানচেষ্টাৰ’ বুলিও জনা যায়৷ বহু শতিকা পুৰণি বয়ন শিল্পৰ ঐতিহ্যৰ বাবে বৃহত্তৰ শুৱালকুছি অঞ্চলটো দেশ-বিদেশত জনাজাত৷
বয়ন শিল্প মাথোঁ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ প্ৰবাহিত হোৱা এক পৰম্পৰা নহয়৷ ই হৈছে বৰ আলফুলকৈ কৰা আন্তৰিকতাপূৰ্ণ শ্ৰম আৰু এক কলাত্মক জীৱনশৈলী৷ শুৱালকুছিৰ বেছিভাগ পৰিয়ালৰে হস্তচালিত তাঁতশাল আছে৷ পৰম্পৰাগত তাঁতশালত হাতেবোৱা মুগা আৰু পাটৰ বিভিন্ন কাপোৰ ইয়াৰ উৎকৃষ্ট মানদণ্ডৰ বাবে বিখ্যাত৷
শুৱালকুছিৰ সোণাৰিপাৰাৰ বাসিন্দা দীপা কাকতিয়ে (৪৫) বৰ উৎসাহেৰে তিনিমাহ ধৰি ‘চিল্ক¨ গামোচা’ বোৱা-কটা কৰি আছে৷ দীপা আৰু তেওঁৰ দৰে আন বহুতে অসম চৰকাৰৰ স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত তেওঁলোকৰ গাঁৱত হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে স্থাপন কৰা এটা ক্ৰয় কেন্দ্ৰত এই গামোচাসমূহ জমা দিবলৈ বৰ আগ্ৰহেৰে কাম কৰি আছে৷

এই আঁচনিখন হৈছে ৰাজ্যখনৰ থলুৱা শিপিনীসকলৰ সবলীকৰণ আৰু তেওঁলোকৰ পৰিয়ালক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে অসম চৰকাৰৰ এক প্ৰচেষ্টা৷ স্বনিৰ্ভৰ নাৰী আঁচনিখন হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়, অসমৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ অধীনতে বিভাগটোৱে ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে৷
“হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে মোৰ পৰা ৪০খন গামোচা কিনিছে৷ বিভাগে নিৰ্ধাৰণ কৰি দিয়া মানদণ্ড মই পূৰণ কৰোঁ৷ ক্ৰয় কৰাৰ তিনিদিন পাছতে তেওঁলোকে মোৰ বেংক একাউণ্টত টকা জমা কৰি দিছিল আৰু মই ৫৩,০০০ টকা পাইছিলোঁ৷ এই গামোচাবোৰৰ মূল্য প্ৰতিখনত ১,৩২৫ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে,” দীপাই অসম বাৰ্তাক কয়৷
আঁচনিখনৰ অধীনত, পৰম্পৰাগত হাতেবোৱা বস্ত্ৰসম্ভাৰ কোনো মধ্যস্থতাকাৰী অবিহনে থলুৱা শিপিনীসকলৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰা হয়৷ বৃহত্তৰ শুৱালকুছিৰ অন্তৰ্গত মাটি পৰ্বত অঞ্চলৰ বাসিন্দা নীলিমা দেৱীও (৩৪)এনে এগৰাকী সুখী শিপিনী৷ তেওঁ ইতিমধ্যে ১০০খন গামোচা বিক্ৰী কৰিছে৷ “মই আঁচনিখনৰ অধীনত ১০০খন গামোচা যোগান ধৰাৰ উৰ্ধসীমাত উপনীত হৈছোঁ৷ মই বস্ত্ৰ বিক্ৰী কৰাৰ তিনিদিনৰ ভিতৰত ১,৩২,৫০০ টকা পাইছিলোঁ,” তেওঁ অসম বাৰ্তাক কয়৷ “আগতে, আমাৰ পৰা ক্ৰয় কৰা মধ্যস্থতাকাৰীসকলৰ পৰা আমি ১,০০০ টকাকৈ লাভ কৰিছিলোঁ৷ এতিয়া কোনেও তেওঁলোকক বিক্ৰী নকৰে৷’’ এতিয়া নীলিমাই তেওঁৰ হস্ততাঁতৰ ব্যৱসায় অধিক সম্প্ৰসাৰিত কৰিবলৈ ধন বিনিয়োগ কৰাৰ প্ৰতিও আগ্ৰহী৷
“মই আঁচনিখনৰ অধীনত ১০০খন গামোচা যোগান ধৰাৰ উৰ্ধসীমাত উপনীত হৈছোঁ৷ মই বস্ত্ৰ বিক্ৰী কৰাৰ তিনিদিনৰ ভিতৰত ১,৩২,৫০০ টকা পাইছিলোঁ”
নীলিমা দেৱী, শুৱালকুছি
ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক শিপিনী থকা জিলাৰ গৌৰৱ অৰ্জন কৰা কামৰূপ জিলাত বিভাগৰ দ্বাৰা স্থাপিত পাঁচটা ক্ৰয় কেন্দ্ৰৰ ভিতৰত অন্যতম হৈছে শুৱালকুছিৰ কেন্দ্ৰটো৷
“আমাৰ ক্ৰয় কেন্দ্ৰত স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত আমি ৪,৮৮৬গৰাকী শিপিনীৰ পঞ্জীয়ন কৰিছোঁ৷ আমি এই কেন্দ্ৰসমূহৰ পৰা এই আঁচনিৰ অধীনত ২,৬২৭বিধ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিছোঁ,” বিভাগটোৰ এগৰাকী পৰিদৰ্শক পিঙ্কী বৈশ্যই কয়৷
বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজিয়নৰ অন্তৰ্গত বাক্সাৰ শালবাৰীতো একেধৰণৰ উৎসাহৰ দৃশ্য দেখিবলৈ পোৱা যায়৷
জেলিনা গয়াৰী(৩৬)আৰু অঞ্জিমা বসুমতাৰী(৪৩) বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কাঁহীবাৰী গাঁৱৰ বাসিন্দা৷ তেওঁলোক দুয়ো ১৭ কিল’মিটাৰ বাট ভ্ৰমণ কৰি উৎপাদন কৰা সামগ্ৰীবোৰ বিভাগৰ শালবাৰী কাৰ্যালয়ত জমা দিবলৈ যায়৷
তেওঁলোকৰ দৰে জিলাখনৰ এশৰো অধিক শিপিনীয়ে হাতেবোৱা তিয়নী গামোচা বিক্ৰীৰ বাবে জমা কৰিছে৷ শেহতীয়াকৈ সন্মানীয় জি.আই. টেগ লাভ কৰা গামোচাৰ আঠটা প্ৰকাৰৰ ভিতৰত তিয়নীও অন্যতম৷ “আজি (১৯ ফেব্ৰুৱাৰী) পৰ্যন্ত বিভাগে মোৰ পৰা ৩৮খন তিয়নী গামোচা ক্ৰয় কৰিছে৷ গামোচাবোৰ বিক্ৰী কৰি মই ৯,৬৯০ টকা পাইছোঁ৷ এই আঁচনিৰ ফলত আমাৰ হাতত এতিয়া আগতকৈ অধিক ধন আহে,” অঞ্জিমাই কয়৷
অনুৰূপ মনোভাৱ ব্যক্ত কৰি জেলিনাই আমাক অৱগত কৰে যে তেওঁলোকৰ গাঁৱৰ আন আন শিপিনীকলেও নিজৰ উৎপাদিত হস্ততাঁত সামগ্ৰী বিক্ৰী কৰিবৰ বাবে স্বনিৰ্ভৰ নাৰী প’ৰ্টেলত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিবলৈ উৎসাহী হৈ পৰিছে৷
“ক্ৰয় কেন্দ্ৰত মই ৪০খন তিয়নী গামোচা জমা দিছিলোঁ৷ মই জমা দিয়া সামগ্ৰীবোৰে আকাংক্ষিত মানদণ্ড পূৰণ কৰে নে নাই সেয়া তেওঁলোকে বৰ্তমান পৰীক্ষা কৰি আছে,” তেওঁ এই কথা প্ৰতিৱেদকক জনায়৷

বাক্সা জিলাত স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত পঞ্জীয়ন কৰা শিপিনীসকলে বৰ্তমান তেওঁলোকৰ সামগ্ৰী প্ৰধানতঃ গামোচা জমা কৰিবলৈ শালবাৰী ক্ৰয় কেন্দ্ৰলৈ যায়৷ হাতীখোলা আনন্দ বজাৰ গাঁৱৰ তৰালী তালুকদাৰ (৪৬) এনে এগৰাকী শিপিনী৷ তেওঁ কয় যে এই পৰ্যন্ত লাভ কৰা ধন তেওঁৰ পুত্ৰ আৰু কন্যাৰ শিক্ষাৰ বাবে ব্যয় কৰিব৷
আঁচনিখনৰ অধীনত বাক্সা জিলাত ৯,৩৫২গৰাকী শিপিনীয়ে পঞ্জীয়ন কৰিছে৷
নলবাৰীত পঞ্জীয়নভুক্ত হিতাধিকাৰীৰ সংখ্যা ২৯,৮৫৪গৰাকী৷ নলবাৰী চহৰৰ ক্ৰয় কেন্দ্ৰৰ চক্ৰ পৰিদৰ্শক ব্ৰজেশ্বৰ শৰ্মাই অসম বাৰ্তাক জনায় যে ৩২,৩১৮গৰাকী শিপিনীয়ে পঞ্জীয়নৰ বাবে আবেদন কৰিছিল৷ কিন্তু, তেওঁলোকৰ কিছুমানে নিৰ্ধাৰিত মানদণ্ডৰ নীতি-নিয়ম পূৰণ কৰাত ব্যৰ্থ হৈছিল৷ জিলাখনৰ টিহু, চামতা, বাহাৰঘাট, নলবাৰী আৰু বৰক্ষেত্ৰীত পাঁচটা ক্ৰয় কেন্দ্ৰ আছে৷
“আমি অবিশ্বাস্যভাৱে উৎসাহ-উদ্দীপনা দেখিবলৈ পাইছোঁ৷ এয়া প্ৰথম বছৰহে মাথোঁ৷ আমাৰ হাতত সময় আছিল সীমিত৷ মোৰ দৃঢ় বিশ্বাস যে অহা বছৰ আৰু অধিক পঞ্জীয়ন হ’ব,” তেওঁ কয়৷
