মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ সফল ৰূপায়ণৰ পাছত ১৪ নৱেম্বৰ ২০২২ত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মিছন বসুন্ধৰা ২.০ ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷
এই অভিযানৰ বাবে আৱেদন ২০২৩ চনৰ ১০ জানুৱাৰীলৈকে গ্ৰহণ কৰা হ’ব৷
মিছন বসুন্ধৰা ২.০ ৰ অধীনত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক সাধাৰণ খেতি আৰু ঘৰ বস্তিৰ বাবে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টনৰ ব্যৱস্থা কৰি ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷
প্ৰথম পৰ্যায়ত লাভ কৰা সফলতাৰ দৰেই দ্বিতীয় পৰ্যায়তো এই কাৰ্যসূচীয়ে সফলতা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে৷
