অসম চৰকাৰখনে নিজৰ কাৰ্যকালৰ প্ৰথমটো বছৰ সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত অৰ্জন কৰা সফলতাসমূহৰ ভিতৰত ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশক এক মুখ্য সফলতা হিচাপে গণ্য কৰিব পাৰি। ক’ভিড-১৯ পৰিস্থিতিয়ে যথেষ্ট প্ৰভাৱিত কৰা সত্ত্বেও ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাপনা অন্য ৰাজ্যসমূহৰ তুলনাত যথেষ্ট উন্নত আৰু ঈৰ্ষণীয়। অসমৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত ইন্ধন যোগাবলৈ বিচক্ষণ উপায়েৰে ঋণ আৰু উপাৰ্জন- দুয়োটা দিশতে গুৰুত্ব প্ৰদান কৰা হৈছে।
যি সময়ত বেছিভাগ ৰাজ্যই ঋণাত্মক GSDP (মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন) পৰিহাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল, সেই সময়ত অসমৰ GSDP বিগত বিত্তীয় বৰ্ষত ১৩.৮৯ শতাংশ বৃদ্ধি হৈছিল। আনহাতে ৰাজ্য চৰকাৰৰ মুঠ ব্যয়ে প্ৰথমবাৰৰ বাবে এক লাখ কোটিৰ সীমা অতিক্ৰম কৰিছিল।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা মাহত অসম বিধানসভাত প্ৰদান কৰা ভাষণত কয় যে ২০২১-২২ বিত্তীয় বৰ্ষত কেন্দ্ৰৰ আবণ্টন ২৬,৬৬৩ কোটি টকালৈ বৃদ্ধি কৰাত আৰু ৰাজ্যৰ কৰ তথা কৰবিহীন ৰাজহ বৃদ্ধিৰ ফলত অসমে এই কৃতিত্ব অৰ্জন কৰিছে। ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ যাত্ৰাত এয়া এক বৃহৎ সাফল্য বুলি তেওঁ অভিহিত কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে, যদিও মূলধনী ব্যয় ৩৬ শতাংশতকৈও অধিক বৃদ্ধি পাইছে, ৰাজহ ব্যয় ১৬% হাৰত যথেষ্ট কম বৃদ্ধি পাইছে। পৰিসংখ্যা উল্লেখ কৰি ড° শৰ্মাই লগতে কয় যে, ২০১৫-২০১৬ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ মুঠ মূলধন ব্যয় আছিল ২,৯৫১ কোটি টকা, আনহাতে ২০২১-২২ বিত্তীয় বৰ্ষত এই পৰিমাণ হ’লগৈ ১৬,৩৩৯ কোটি টকা।
তেওঁ উল্লেখ কৰে যে অসমৰ সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাত ১.৫ লাখ কোটি টকা ব্যয়ৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰাৰ সমান্তৰালভাৱে এয়া হৈছে অসমৰ জনসাধাৰণৰ সামূহিক সাফল্য।
কেন্দ্ৰৰ জিএছটি সংগ্ৰহ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অসমৰ বাবে ইয়াৰ অংশও বৃদ্ধি পাইছে, ফলত নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি হিতাধিকাৰীসকলক মাইক্ৰ’ফাইনেন্স ঋণৰ ক্ষেত্ৰত সকাহ প্ৰদান, অৰুণোদয় আঁচনিত অতিৰিক্ত সুবিধা প্ৰৱৰ্তন, বিনিয়োগ পৰিকল্পনা বৃদ্ধি আৰু আন্তঃগাঁথনি প্ৰকল্প হাতত লোৱাটো সম্ভৱপৰ হৈ উঠিছে।
“সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণীটোৰ সবলীকৰণৰ বাবে পুঁজি ব্যৱস্থাপনা আৰু আবণ্টন এতিয়াও চৰকাৰৰ মূল লক্ষ্য হৈ আছে আৰু তাৰ সমান্তৰালভাৱে অসমৰ বিকাশৰ বাবে কৰি থকা বিনিয়োগক অগ্ৰাধিকাৰ দিয়া হৈছে।” বিত্তমন্ত্ৰীয়ে তেওঁৰ প্ৰথম বাজেট ভাষণত এইদৰে উল্লেখ কৰিছিল।
বাজেটৰ তুলনাত ব্যয়ৰ অনুপাত ২০১৫-১৬ বিত্তীয় বৰ্ষত ৬৩% ৰপৰা যোৱা দুটা বিত্তীয় বৰ্ষত ৮০ শতাংশতকৈও অধিক উন্নত হৈছে।
অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে ২০২১-২২ বিত্তীয় বৰ্ষত অসম চৰকাৰে কেইবাটাও মূলধনী-প্ৰধান প্ৰকল্প হাতত লোৱাৰ সিদ্ধান্ত লৈছিল। গ্ৰাম্য আৰু অৰ্ধ-গ্ৰাম্য অঞ্চলৰ লগতে স্বাস্থ্য আৰু শিক্ষা, গ্ৰাম্য সংযোগ, কৃষি আৰু আনুষংগিক কাৰ্যকলাপৰ দৰে খণ্ডত নাবাৰ্ড আন্তঃগাঁথনি উন্নয়ন সাহায্য (NIDA) আঁচনিৰ অধীনত প্ৰায় ১১,১০০ কোটি টকাৰ নতুন প্ৰকল্পৰ কাম চলি আছে।
অসম চৰকাৰৰ নীতিসমূহ হৈছে তিনিটা বিস্তৃত ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দিয়া সংস্কাৰমুখী কাৰ্যসূচী, যেনে- বাণিজ্য বৃদ্ধি, বিনিয়োগ বৃদ্ধি আৰু সংস্থাপন সৃষ্টি; গুৰুতৰ জলবায়ু সম্পৰ্কীয় পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত স্থিতিস্থাপকতা বৃদ্ধি কৰা, সেউজ পদক্ষেপৰ বাবে নিৰ্ধাৰিত পুঁজি একত্ৰিত কৰা আৰু ৰাজহুৱা তথা ব্যক্তিগত দুয়োধৰণৰ সেউজ বিনিয়োগক উৎসাহিত কৰা আৰু কৃষি আৰু পৰ্যটন খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া।
চৰকাৰে আনুষংগিক খণ্ডত ফলপ্রসূ বিনিয়োগৰ জৰিয়তে নীতি আৰু প্রতিষ্ঠানগত সংস্কাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসমৰ বিকাশৰ সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰাৰ উদ্দেশ্যে এক অভিলাষী সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে। তিনিটা বৃহৎ ক্ষেত্ৰক সামৰি এই সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰথমটো ক্ষেত্ৰ হ’ল- বাণিজ্যৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু কর্মসংস্থাপন সৃষ্টি- সঘনাই সংঘটিত বিভিন্ন জলবায়ুকেন্দ্রিক দুর্যোগৰ পৰিপ্ৰেক্ষিতত পুনৰুজ্জীৱিতকৰণ ক্ষমতা বৃদ্ধিৰ ব্যৱস্থা শক্তিশালী কৰা, চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডতে সেউজ বিনিয়োগ তথা সেউজ পদক্ষেপ আৰু সংযোজন প্রক্রিয়া দ্রুততৰ কৰাৰ বাবে সংহত পুঁজিৰ ব্যৱস্থা — কৃষি আৰু পৰ্যটন খণ্ডৰ উন্নয়ন।