অসমৰ প্ৰাকৃতিক সম্পদ | অসমীয়া ৰচনা

Advertisements

অসমৰ প্ৰাকৃতিক সম্পদ অসমীয়া ৰচনা

( আৰম্ভণি – প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰ – সম্পদবোৰ ৰ ব্যৱহাৰ – সামৰণি) 

অসমীয়া ৰচনা

আৰম্ভণিঃ ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত চহকী যি কেইখন ৰাজ্য আছে তাৰ ভিতৰত অসম অন্যতম আৰু অনন্য। কোনো বিধ প্ৰাকৃতিক সম্পদে ই এই ৰাজ্যত নোহোৱা নহয়। কিছুমান সম্পদ এতিয়াও অনাবিস্কৃত হৈয়ে আছে। যিখিনি আৱিষ্কৃত হৈছে তাৰপৰাও স্বৰূপাৰ্থত অসমীয়া মানুহ খিনিয়েই সম্পূৰ্ণ ভাবে উপকৃত হোৱা নাই। যি ৰাজ্য প্ৰাকৃতিক সম্পদত চহকী সেই ৰাজ্য শিল্প বাণিজ্য টো চহকী হয়। অসম কিন্তু ইয়াৰ ব্যতিক্ৰম। ইমানবোৰ প্ৰকৃতি জাত সম্পদ বা  কেঁচা মাল থকা সত্ত্বেও অসম শিল্প বাণিজ্যত তেণেই পিছপৰা। যি দুটা এটা উদ্যোগ বা শিল্প অনুষ্ঠান গঢ়ি উঠিছে, তাৰোগৰাকি সাধাৰণতে বহিৰাগত। আনকি প্ৰকৃতি জাত কেচামালৰ ব্যৱসায়ো প্ৰধানকৈ অনা অসমীয়াৰ হাতত।

প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰঃ বনজাত, খনিজাত, জলজাত আৰু মাটিৰ উৰ্বৰতা হেতু কৃষিজাত বস্তু বোৰেই হল প্ৰাকৃতিক সম্পদ। আনকি পানী আৰু মাটিও প্ৰাকৃতিক সম্পদৰ লেখত পৰে।

সম্পদ বোৰৰ ব্যৱহাৰঃ অসমৰ হাবিবোৰ নানান মূল্যবান  গছগছনি, লতা গুল্মেৰে পৰিপূৰ্ণ । শাল, চেগুন, শলখ, আজাৰ আদি ঘৰ আৰু ঘৰুৱা আচবাব সজোৱা কামৰ কাৰণে উপযোগী। অসমৰ হাবিত দৰৱ-জাতীয় গছ-লতাও ঢেৰ পোৱা যায়। কাগজ শিল্প ঘাই উৎপাদন বাঁহ, জুইশলা কাৰখানাৰ ঘাই উৎপাদন শিমলু গছো এইদেশৰ হাবিত প্ৰচুৰ উৎপন্ন হয়। মচলাজাতিয় গছ, বৰসমমুৰি, মেজাংকৰি আদি ৰঙৰ গছ, হিমলুৰ তুলা আৰু লাৰ কাৰণেও অসমৰ হাবি বিখ্যাত। অসমৰ হাবিত জন্মাবেত আন এবিধ উল্লেখযোগ্য সম্পদ। হাবিৰ মাজত নানা বিধ ফল মূলো আপুনা আপুনি জন্মে। ইয়াৰ কোনো কোনো বিধ মানুহৰ খাদ্য। অসমৰ হাবিত ওপজা সুকাঠী গছ, নাহৰৰ গুটি পদ্ম কাঠ আৰু চিত্ৰ নলা বনৰ পৰা তেল আৰু সুগন্ধি দ্ৰব্য প্ৰস্তুত হয়। ইয়াৰ পৰ্বত আৰু হবিবোৰ নানান জন্তু জানো ৱাৰ, চৰাই চিৰিকতিৰ বাসভূমি। এইবোৰৰ ভিতৰত বাঘ, ভালুক, হাতী, গড়, পহু আদি আৰু ধনেশ, ময়োৰ, দেয়োৰাজ হাঁহ আদি চৰাই উল্লেখযোগ্য। হাতী আৰু গড় বৰ মূল্যবান জন্তু। এইবোৰ জন্তু দুৰ দেশলৈ চালান দি অসম চৰকাৰে বহু টকা আয় কৰে। বাঘ, ভালুক আৰু পহুৰ ছাল, পহু ৰ শিং, গড়ৰ ছাল আৰু খৰ্গ, হাতীৰ হাড়, দাত বৰ মূল্যবান। প্ৰাকৃতিক দুৰ্যোগ আৰু লুভিয়া চিকাৰিৰ উৎপাতত এইবোৰ জন্তু জান ৱাৰ আৰু চৰাই – চিৰীকতি লুপ পাবলৈ ধৰিছে। সেয়ে চৰকাৰে ইয়াৰ সুৰক্ষা ব্যৱস্থা কৰিছে।  অসমত বৰ্তমান প্ৰায় সাত শ পঞ্চাশ বিধ বনৰীয়া চৰাই আছে। বনজ সম্পদৰ ভিত্তিত প্লাইউড, কাঠফলা কল, জুইশলা কাৰখানা ৰ নিচিনা দুই এটা সৰু সুৰা উদ্যোগৰ উপৰিও সম্প্ৰতি যোগীঘো পাত কাগজৰ কল স্থাপিত হৈছে  আৰু জাগীৰোডৰ ওচৰত আৰু এটা কাগজৰ কল নিৰ্মাণৰ কাম ক্ষীপ্ৰগতিত আগবাহিছে।

খনিজ শিল্পৰ ভিতৰত বিভিন্ন মাটি আৰু শিলৰ উপৰিও চূণ, কেৰাচিন তেল, পেট্ৰল, ডিজেল, মমবাতি আৰু কয়লা আদি উল্লেখযোগ্য। বোকাজান ত চূণশিল, লিডু – মাৰ্ঘেৰিটা টিপং- বৰগোলা ইত কয়লা আৰু ডিগবৈ, দুলিয়াজান, হুগ্ৰীজান, নাহৰকটীয়া , মৰাণ, ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী আদি ঠাইত পেট্ৰোলিয়াম ৰ পূং আৱিষ্কৃত হৈছে , ইয়াৰ উপৰিও আৰু ভালেমান ঠাইত পেট্ৰোলিয়াম আৰু কয়লা ৰ সন্ধান পোৱা গৈছে।

গোৱালপাৰাৰ কোনো কোনো ঠাইত লোৰ সন্ধান পোৱা গৈছে। অসমত তাম আৰু সোনৰ খনি পোৱাৰ সম্ভাৱনা ও আছে হেনো। অসমৰ তেল শোধন ৰ বাবে  ‘ডিগবৈ’ ত আগৰ পৰাই এটা সৰু তেল শোধনাগাৰ আছিল। এতিয়া গুৱাহাটীৰ নুনমাতি আৰু ‘ বঙাইগাঁওত ‘ আকৌ দুটা সৰু তেল শোধনাগাৰ স্থাপিত হৈছে। কিন্তু অসমৰ অধিকাংশ খাৰুৱা তেল পাইপেৰে বিহাৰৰ বাৰাউনি শোধনাগাৰ লৈ নিয়া হয়। চূণ চিমেন্তৰ ঘাই উপাদান। কাৰ্বি আংলং জিলাৰ বোকাজান ত চিমেণ্ট কাৰখানা এটা স্থাপন হৈছে।

জলজ সম্পদৰ ভিতৰত অসমৰ নদী-নলা আৰু ইয়াত থকা মাছ কাছ আদিক ধৰা হয়। অসমৰ নৈ বোৰ খৰস্ৰোতা আৰু বাৰিষা-খৰালি উভয় সময়তে ইয়াত পানীৰ অভাৱ নহয়। এইবোৰ জলবিদ্যুৎ উৎপাদনৰ বাবে বৰ উপযোগী। বিদ্যুৎ কলকাৰখনা পৰিচালনাৰ উপৰিও বৰ্তমান দৈনন্দিন জীবনৰোঁ অপৰিহাৰ্য ইন্ধন হৈ পৰিছে। অথচ এনে এটা সুবিধা থকা সত্ত্বেও অসমে বৰ্তমান সাধাৰণ ব্যৱহাৰ্য বিদ্যুৎ-খিনিকে যোগাব পৰা নাই।

অসমৰ মাটি স্বাভাবিকতে সাৰুৱা। ইয়াত প্ৰায় সকলো ধৰণৰ শস্যাকে উৎপন্ন কৰিব পাৰি। ধান অসমৰ প্ৰধান খেতি। মাহ, আলু আৰু তেল গুটিৰ শস্যও কিছু পৰিমাণে হয়। মৰাপাট আৰু আজি দুই তিনি বছৰ মানৰ পৰা ঘেহু উৎপাদন কৰিও খেতিয়কসকলে সুফল লাভ কৰিছে। কপাহ, কুঁহিয়াৰ, কল , মাটিকঁঠাল, তামোল, নাৰিকল, আদিৰ খেতিও ইয়াত ভালকৈয়ে হয়। সুমথিৰা  টেঙাৰ খেতি কিছু পৰিমাণে বৈজ্ঞানিক ধৰণে কৰিলেও আন আন ফলৰ খেতি তেনেকৈ কৰা হোৱা নাই। অসমৰ মাটি কাজু বাদাম আৰু চিত্ৰনলাৰ খেতিৰো উপযোগী, কিন্তু উদ্যমী লোকৰ অভাৱত এই দুবিধ খেতি অসমত প্ৰচলন হোৱা নাই। অসম বৰ্তমান চাহ খেতিৰ বাবে বিখ্যাত। কিন্তু ইয়াৰ খেতিও ইংৰাজ চাহাব সকলেহে প্ৰবৰ্তন কৰিছিল।

এৰি-মুগা-পাট পলু ও প্ৰকৃতি ৰে দান। অসমৰ হাবিত সোৱালো,  নুনি গছ, এৰাগছ আদি প্ৰচুৰ পৰিমাণে হয় কাৰণে এইকেইবিধৰ পলু অসমত উৎপন্ন হয়। অসমৰ শুৱালকুছি মুগা পাট আৰু পলাশবাৰী অঞ্চলৰ এৰীয়া কাপোৰ ভাৰত বিখ্যাত। ইয়াৰ উপৰিও শন বিহা আদি আহ জাতীয় বস্তু উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা আছে। কিন্তু ইমান বোৰ বস্তু উৎপন্ন হোৱা আৰু উৎপন্ন ৰ সম্ভাৱনা থকাটো অসমৰ খেতিয়ক ৰ দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নোপোৱা অৱস্থা। বানপানীয়ে অসমীয়া খেতিয়কৰ কঁকাল ভাঙে।

সামৰণিঃ অসমত যিমান বোৰ প্ৰাকৃতিক সম্পদ আছে , সেই আটাইকে উদ্ধাৰ কৰি তাক যথাযোগ্য ভাবে কামত লগাব পাৰিলে অসমৰ অৱস্থা নদন বদন নহৈ নোৱাৰে। তাৰ কাৰণে চৰকাৰ আৰু দেশৰ জনসাধাৰণে আগবাঢ়ি আহিব লাগিব। আনহাতে কোনো সম্পদেই চিৰস্থায়ী নহয়, তাক সংৰক্ষণ আৰু সংবৰ্ধন কৰি মিতব্যয়িতাৰে যদি কামত লগোৱা নহয়। অসমৰ প্ৰাকৃতিক সম্পদ ৰাজিৰ ব্যৱহাৰ টো মিতব্যয়িতা অৱলম্বন কৰি তাক সংৰক্ষণ আৰু সংবৰ্ধন নকৰিলে অচিৰেই ই নাইকিয়া হব। সেইবাবেই এই তিনিওটা ব্যৱস্থাত গুৰুত্ব দিয়া উচিত।

অসমৰ প্ৰাকৃতিক সম্পদ

আৰম্ভণিঃ স্বাভাৱিকভাৱে উত্পন্ন হোৱা সম্পদৰ নামেই প্ৰকৃতিক সম্পদ। দ্বিতীয়তে, প্ৰকৃতিৰ বুকুত উত্পন্ন হোৱা সম্পদকে প্ৰকৃতিক সম্পদ বুলিব পাৰি। এফালৰ পৰা কৃষিজাত দ্ৰব্যবোৰকো প্ৰাকৃতিক সম্পদৰ ভিতৰত সামৰা হয়।

প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগঃ অসমৰ প্ৰাকৃতিক সম্পদৰাজিক চাৰিটা ভাগত ভগাব পাৰি। য়েনে- কৃষিজাত, খনিজাত, বনজাত আৰু জলজাত। ধান, মাহ. সৰিয়হ আদি কৃষিজাত সম্পদ। কয়লা, চূণশিল, খাৰুৱাতেল, প্ৰাকৃতিক গেছ আদি খনিজাত সম্পদ। নানা প্ৰকাৰৰ গছ-গছনি, হাতী, গঁড় আদি জীৱজন্তু বনজাত সম্পদ আৰু মাছ, কাছ আদি জলজাত সম্পদ। নৈ, বিল আদিয়ো প্ৰাকৃতিক সম্পদৰ ভিতৰুৱা।

কৃষিজাত সম্পদৰ বিৱৰণঃ  অসমৰ মৌচুমী অঞ্চলত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে পৰ্বতে আগুৰি আছে। সেইবাবে দক্ষিণ-পশ্চিম মৌচুমী বতাহে প্ৰবাহিত হোৱাৰ সময়ত বিশেষকৈ জেঠ, আহাৰ, শাওন আৰু ভাদ মাহত অসমত প্ৰৱল বৰষুণ হয়। অসমৰ মাটি সাৰুৱা। গতিকে খেতিৰ বাবে অসমৰ মাটি বৰ উপযোগী। আটাইকেইখন জিলাতে ধান, মাহ, সৰিয়হ আদি উত্পন্ন হয়। চাহৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম। ভাৰতৰ শতকৰা ৬৬ শতাংশ চাহ অসমত অসমত উৎপন্ন হয়। অসমৰ আটাইকেইখন জিলাতে কম-বেছি পৰিমাণে মৰাপাট উৎপন্ন হয়। নগাঁও, কামৰূপ আৰু গোৱালপাৰা জিলাত ইয়াৰ খেতি বেছি। এইবিলাকৰ উপৰিও আদা, হালধি, ধনিয়া, জলকীয়া আদি নানা প্ৰকাৰৰ শাক-পাচলি ইয়াত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। ফলৰ ভিতৰত তামোল, নাৰিকল, আম, কঁঠাল, আনাৰস, সুমথিৰা আদি ইয়াৰ পৰা ভাৰতৰ নানা ঠাইলৈ ৰপ্তানি হয়।

খনিজাত সম্পদৰ বিৱৰণঃ খনিজাত সম্পদৰ ভিতৰত খাৰুৱা তেলৰ কথাকেই বিশেষভাৱে উল্লেখ কৰিব পাৰি। ভাৰতৰ ভিতৰত এই সম্পদ অসমত প্ৰথম। ডিব্ৰুগড় জিলাৰ ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান, হুগ্ৰীজান, মৰাণ আদি ঠাইত তেল যথেষ্ঠ পৰিমাণে পোৱা যায়। অসমত বৰ্তমান চাৰিটা তেল শোধনাগাৰ আছে। যেনে- ডিগবৈ, নুনমাটি, নুমলীগড় আৰু বঙাইগাঁও। খাৰুৱাতেলৰ  উপৰিও মৰাণ আৰু নাহৰকটীয়া খনিৰ পৰা প্ৰাকৃতিক গেছো আহৰণ কৰা হয়। প্ৰকৃতিক গেছৰ পৰা ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু গুৱাহাটীত বিজুলী উৎপাদন কৰা হয়।

            তিনিচুকীয়া জিলাৰ জয়পুৰ, মাৰ্ঘেৰিটা, মাকুম, লিডু আদিত কয়লাৰ খনি আছে। কাৰ্বি আংলং জিলাত যথেষ্ঠ পৰিমাণে চূণশিল পোৱা যায়। সেইবাবে এই জিলাৰ বোকাজানত এটা বিলাতী মাটি তৈয়াৰ কৰা কাৰখানা স্থাপন কৰা হৈছে। গোলাঘাট জিলাৰ নামবৰ হাবিত এটা গৰমপানীৰ উঁহ আছে। ইয়াৰ পানীত গন্ধক মিহলী হৈ আছে।

বনজাত সম্পদৰ বিৱৰণঃ প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ বাবে অসমৰ অনেক ঠাইত ডাঠ হাবি পোৱা যায়। সেইবোৰত শাল, সোণাৰু, গমাৰী, বনচোম, চেগুণ আদি মূল্যবান কাঠ পোৱা যায়। সেইবোৰৰ উপৰিও বাঁহ-বেত, খেৰ-ইকৰা, খাগৰি, নল আদিও অনেক ঠাইত পোৱা যায়। শিলিখা, আমলখি, ভোমাৰা, শতমূল, সৰ্পগন্ধা আদি ঔষধৰ গছো ইয়াত আছে। লা আৰু শালধূনা অসমৰ হাবিত পোৱা দুবিধ মূল্যবান বস্তু। অসমৰ হাবিত হাতী, গঁড়, বাঘ, ভালুক আদি নানা ধৰণৰ পশু আৰু ধনেশ, দেওঁহাঁহ আদি নানা তৰহৰ চৰাই আছে। অসমত বৰ্তমান ৫ খন ৰাষ্ট্ৰীয় উদ্যান আছে- কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, নামেৰী আৰু ওৰাং। এইবোৰত বিভিন্ন ধৰণৰ পশু-পক্ষী সংৰক্ষণ কৰি ৰখা হৈছে। কাজিৰঙাৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত।

জলজাত সম্পদৰ বিৱৰণঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন ডাঙৰ নদী। এই নৈ দুখনৰ অনেক উপনৈয়ে ৰাজ্যখনক জালৰ দৰে আগুৰি আছে। ইয়াৰ উপৰি অনেক বিলো ৰাজ্যখনৰ বিভিন্ন ঠাইত আছে। এই নদী আৰু বিলবোৰত মাছ, কাছ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিলাক ইয়াৰ মানুহৰ প্ৰধান আৰু প্ৰিয় খাদ্য। মাছ-কাছ আদিৰ উপৰিও নৈ-বিল আদিও জলজাত সম্পদৰ ভিতৰত পৰে। বাৰিষাকালত এইবোৰৰ পানীয়ে পথাৰ ওপচাই পেলায়। সেই পানীয়ে পলসৰ দ্বাৰা সেইবোৰ সাৰুৱা কৰে। নগাঁও জিলাৰ কপিলী নদীত বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে।

বৰ্তমান আৱস্থাঃ বৰ্তমান অসমৰ প্কৃতিক সম্পদৰাজি সংকটাপন্ন অৱস্থান উপনীত হৈছে। অসমৰ অৰণ্যত পোৱা বহুমূলীয়া গছবোৰ অসৎ লোকে চৰকাৰৰ অগোচৰে চোৰাংকৈ কাটি অসমৰ অৰণ্যসমূহ টকলা কৰিছে। অৰণ্যত পোৱা বহুমূলীয়া জন্তু তথা চৰাইৰ লগতে কাজিৰঙাত পোৱা আপুৰুগীয়া সম্পদ এশিঙীয়া গঁড়ো চোৰাং চিকাৰীৰ হাতৰ পৰাও হাৰি যোৱা নাই। খনিজ সম্পদসমূহো চোৰাং চিকাৰীৰ কবলত পৰিছে। নিজৰ লাভৰ কাৰণেই মুক্ত খনন পদ্ধতিৰে অসম মাতৃৰ বুকুৰ পৰা ‘ক’লাসোণ’ কয়লা চোৰাংকৈ আহৰণ কৰিছে। পনীয়াসোণ খাৰুৱাতেল পাইপলাইনত ফুটা কৰি চূৰ কৰাটো প্ৰায় প্ৰতিদিন বাতৰি কাকতত পোৱা যায়। অসমৰ বিভিন্ন নৈ আদিত অসমত মাছ-কাছ আদি ধৰি জলজ সম্পদো নিঃশেষ কৰিব বিচাৰিছে চোৰাং চিকাৰীয়ে। বৰ্তমান অসমৰ কৃষিজাত সম্পদৰো অৱনতি ঘটিছে। এসময়ত উচ্চ শিখৰত আৰোহন কৰা চাহ শিল্পৰ বৰ্তমান পুতৌ লগাকৈ অৱনতি ঘটিছে।

ৰক্ষণা-বেক্ষণ আৰু বিকাশঃ অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ৰক্ষণা-বেক্ষণ অতি প্ৰয়োজনীয় হৈ পৰিছে। চৰকাৰৰ উপযুক্ত আইন প্ৰণয়ন কৰি কঠোৰ ভাৱে ৰক্ষণা-বেক্ষণ নকৰিলে অতিশীঘ্ৰে সুজলা-সুফলা শ্যামলী অসম মাতৃ মৰুভূমিত পৰিণত হ’ব।

            প্ৰকৃতিয়ে বনজ, খনিজ আদি অজস্ৰ সম্পদেৰে অসমী আইক চহকী কৰিছে। কিন্তু অসমীয়া জাতিয়ে প্ৰকৃতিয়ে অবাঞ্চিতে আগবঢ়াই দিয়া অমূল্য সম্পদৰাজি যথাযথভাৱে আহৰণ কৰিব পৰা নাই। এই সম্পদৰাজি আহৰণ কৰিবলৈ অত্যাবশ্যকীয় যন্ত্ৰ পাতি আমদানি কৰা প্ৰয়োজন। তাৰ বাবে যাতায়ত ব্যৱস্থা উন্নত হ’ব লাগিব। উপযুক্ত থলুৱা বিজ্ঞানী, বিশেষজ্ঞ, কাৰিকৰ লাগিব। তদুপৰি আৱশ্যকীয় মূলধন লাগিব। এই প্ৰচেষ্টা অকল ৰাজ্যিক চৰকাৰে আগবঢ়ালে নহ’ব। কেন্দ্ৰীয় চৰকাৰেও এই উদ্যোগৰ ক্ষেত্ৰত অনুন্নত ৰাজ্যখনৰ সম্পদসমূহ আহৰণ আৰু বিকাশৰ বাবে হাতবাউলি দিব লাগিব।

লাভালাভঃ প্ৰাকৃতিক সম্পদৰ দ্বাৰা চৰকাৰ আৰু ৰাইজ উভয়ে অনেক ধৰণে উপকৃত হয়। ধান, মাহ আদি ইয়াৰ লোকৰ প্ৰধান খাদ্য। কপাহ, মৰাপাট আদিৰ পৰা নানা ৰকমৰ বস্তু তৈয়াৰ কৰা হয়। অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰা হয়। চাহৰ পৰা ভাৰত চৰকাৰে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰে।

            প্ৰাকৃতিক সম্পদৰাজি আহৰণ কৰা বাবে আৰু সেইবোৰৰ পৰা অন্যান্য বস্তু উৎপাদনৰ অৰ্থে ইয়াত নানা ধৰণৰ কল কাৰখানা, উদ্যোগ আদি স্থাপিত হৈছে। সেইবোৰত কাম কৰিও হাজাৰ হাজাৰ লোকে পেট প্ৰৱৰ্তন কৰে। এইদৰে প্ৰাকৃতিক সম্পদে অসমৰ নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস কৰিছে।

সামৰণিঃ সম্পদ থাকিলেই নহয়, সেইবোৰ যথোচিত ব্যৱহাৰ হ’ব লাগে। তেহে সেইবোৰ সাৰ্থক হয়। অসমৰ প্ৰকৃতিক সম্পদসমূহৰ আটাইবোৰৰ যথোচিত ব্।ৱহাৰ এতিয়ালৈকে কৰিব পৰা হোৱা নাই। ৰাজ্যখনৰ অনেক ঠাইত খাৰুৱাতেল, কয়লা, সোণ, গন্ধক আদি খনিজ পদাৰ্থ পোৱা সম্ভাৱনা আছে। পিছে, আটাইবিলাক আহৰণ কৰাৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। অসমৰ প্ৰকৃতিক সম্পদৰ আলমত গঢ়ি উঠা অনেক উদ্যোগ এতিয়া অসমৰ বাহিৰৰ পৰা অহা লোকৰ হাতত। সেইবোৰৰ পৰা যাতে অসমৰ থলুৱা লোকসকল অধিক পৰিমাণে উপকৃত হ’ব পাৰে তাৰ বাবে অসমৰ চৰকাৰ আৰু ৰাইজ উভয়ে সজাগ হোৱা উচিত।

asombarta

Recent Posts

assam new minister list 2021 | assam minister list 2021 with department

assam new minister list 2021 | assam minister list 2021 with department - এয়া হৈছে… Read More

3 days ago

class 8 assamese question answer 2021

class 8 assamese question answer 2021, class 8 assamese question answer, অংকুৰণ class 8, Class… Read More

4 days ago

Assam Board Class 4 Text Book PDF – চতুৰ্থ শ্ৰেণী

Assam Board Class 4 Text Book PDF – চতুৰ্থ শ্ৰেণী - class 4 assamese book… Read More

5 days ago

Class 5 assamese question answer

Class 5 assamese question answer - class 5 assamese book seba, class 5 assamese book… Read More

5 days ago

class 9 assamese chapter 11 question answer

class 9 assamese chapter 11 question answer, class 9 assamese - শিশুলীলা নৱম শ্ৰেণীৰ অসমীয়া… Read More

6 days ago

Onlinejob715

Onlinejob715 - বন্ধুসকল, সকলো ধৰণৰ ব্যক্তিগত চাকৰি, চৰকাৰী চাকৰি, চাকৰিৰ চাকৰি, সকলো ধৰণৰ চাকৰিৰ Onlinejob715… Read More

1 week ago