অসমীয়া সাধুকথা | অসমৰ সাধুকথা | জনপ্ৰিয় অসমীয়া সাধু

অসমীয়া সাধুকথা, অসমৰ সাধুকথা,জনপ্ৰিয় অসমীয়া সাধু – অসমীয়া সাধু, অসমীয়া সাধুকথা, অসমৰ সাধু, অসমৰ সাধুকথা, অসমীয়া ভুতৰ সাধু, সাধুকথা অসমীয়া, Assamese Fairy Tales, Assamese fairy tales story, Fairy Tales in assamese

অসমীয়া সাধুকথা | অসমৰ সাধুকথা | জনপ্ৰিয় অসমীয়া সাধু

জল-দেৱতা আৰু খৰিকটীয়াৰ সাধু

বহু দিন আগৰ কথা এখন গাওঁত এজন খৰিকটীয়া আছিল ৷ সি দিনৰ দিনটো হাবিত খৰি কাটি সেই খৰি আনি বজাৰত বিক্ৰী কৰি ঘৰখন পোহপাল দি আছিলে ৷ এদিনাখনৰ কথা খৰিকটীয়াই এখন নৈৰ পাৰৰ হাবিত খৰি কাটি থাকোঁতে হঠাৎ তেওঁৰ হাতৰ পৰা কুঠাৰখন সুলকি নৈত পৰিল ৷ সেই কুঠাৰখনেই খৰিকটীয়াৰ পৰিয়ালটোৰ একমাত্ৰ জীৱিকাৰ উপায় আছিল ৷কুঠাৰখন এনেদৰে পানীত পৰাত তেওঁ উপায়বিহীন হৈ নৈৰ পাৰতে বহি কান্দিবলৈ ধৰিলে ৷ খৰিকটীয়াই এনেদৰে কান্দি থাকোঁতেই এজন জল দেৱতা পানীৰ পৰা সোণৰ কুঠাৰ এখন হাতত লৈ উঠি আহি খৰিকটীয়াৰ সন্মুখত থিয় হ’ল – জল-দেৱতাই সুধিলে – “হে খৰিকটীয়া এই খনেই তোমাৰ হেৰুৱা কুঠাৰ নেকি ?”

খৰিকটীয়াই জল-দেৱতাৰ হাতত থকা সোণৰ কুঠাৰখনৰ ফালে চাই ক’লে – “হে জল-দেৱতা এই খন মোৰ কুঠাৰ নহয় ৷”

উত্তৰটো শুনি জল-দেৱতাই পানীত বুৰ মাৰি এইবাৰ এখন ৰূপৰ কুঠাৰ লৈ উঠি আহি খৰিকটীয়াক দেখুৱালে ৷ খৰিকটীয়াই এইখনো তেওঁৰ নহয় বুলি ক’লে ৷ এইবাৰ জল-দেৱতাই পুনৰ পানীত বুৰ মাৰি খৰিকটীয়াৰ আচল কুঠাৰখন আনি দেখুৱালে ৷ খৰিকটীয়াই নিজৰ কুঠাৰখন দেখি নিজৰ চকুলো ৰখাব নোৱাৰিলে আৰু তেওঁ ভঙা ভঙা মাতেৰে ক’লে হয় এইখনেই তেওঁৰ কুঠাৰ ৷খৰিকটীয়াৰ এই সাধুতাত জল-দেৱতা সন্তুষ্ট হৈ তিনিওখন কুঠাৰেই তেওঁক দি দিলে ৷

খৰিকটীয়াই হাবিৰ পৰা আহি তেওঁৰ লগত ঘটা ঘটনাটি গাওঁৰ মানুহৰ আগত প্ৰকাশ কৰাত আন এজন মানুহে নৈখনৰ পাৰত আহি নিজৰ ইচ্ছাকৃতভাৱে লগত লৈ আহা কুঠাৰখন পানীত পেলাই কান্দিবলৈ ধৰিলে ৷তেতিয়া জল-দেৱতাই আগৰ দৰেই এখন সোণৰ কুঠাৰ হাতত লৈ উঠি আহি দেখুৱালে ৷ খৰিকটীয়াজনে সেইখনেই তাৰ কুঠাৰ বুলি ক’লে ৷ খৰিকটীয়াজনৰ এই মিঁছা কথাত জল-দেৱতাৰ খঙ উঠিল আৰু তেওঁ কুঠাৰখনৰ সৈতে পানীত বুৰ মাৰিলে আৰু উঠি নাহিল ৷ ফলত বেচেৰাই নিজৰ কুঠাৰখনো হেৰুৱাবলগীয়া হ’ল ৷

(শিক্ষা – সততাই জীৱন ৷ আনৰ বস্তুৰ প্ৰতি লোভ কৰিলে নিজৰ খিনিও হেৰুৱাব লগীয়া হয় ৷ )

অসমীয়া নতুন সাধু

জলকুঁৱৰী মন্ত্ৰ
 


      এখন দেশত এটা মাছমৰীয়া আছিল। নাম আছিল সুনাৰাম। সি সদায় কলঙত নাওঁ লৈ মাছ মাৰিবলৈ যায় আৰু সেই মাছ বেছি ঘৰ চলায়। দিনক দিনে মাছমৰীয়া বাঢ়িবলৈ ধৰাত সুনাৰামে আগৰ দৰে মাছ নোপোৱা হ’ল। নাওঁ খনো ইমান ভাল অৱস্থাত নাছিল। নাওঁৰ মাজ অংশত এটা ফুটা আছিল, যাৰ বাবে সি মাজে মাজে পানী সীচিব লগীয়া হয়। জাল খনো কিছু কিছু ঠাইত ফুটা ওলাবলৈ ধৰিলে। ঘৰত সি সদায় ঘৈনীয়েকৰ গালি শুনিব লগীয়া হয়। ঘৰৰ অভাৱ বোৰ কেনেকৈ পুৰ কৰিব পাৰি তাৰ চিন্তাত সি সদায় নৈ পাৰতে বহি সময় কটায়।


       এদিনাখন ৰাতিপুৱাই ধাৰাষাৰ বৰষুণ পৰা দেখি, মাছৰ উজান আহিব বুলি সি জাল খন লৈ নৈ পাৰলৈ গ’ল।নাওঁ লৈ সি নৈ মাজ পালেগৈ। জাল মাৰে হে মাৰে কিন্তু মাছ হ’লে এটাও জালত নপৰে। বহু সময় মূৰত জালত এটা ডাঙৰ বস্তু লগা যেন পালে।বস্তুটো ইমানে গধূৰ আছিল যে সি জাল খন নাওঁত তুলিব পৰা নাছিল। কিন্তু সিও জালখন এৰি  নিদিলে। জাল খন টনাত ইমানে মগ্ন হৈ গৈছিল যে সি পাহৰি গ’ল যে তাৰ নাওঁ খন পানীৰে ভৰিবলৈ ধৰিলে।নাওঁ খনৰ কথা ভাবোতেই জাল খনৰ সৈতে সেই বস্তুটোৱে সুনাৰামক পানীত পেলাই দিলে। আচৰিত হৈ সুনাৰামে দেখিলে যে জালত লগা বস্তুটো মাছ নহয় সেইটো এজনী জলকুঁৱৰী হে। জলকুঁৱৰীয়ে সুণাৰামক শুধিলে যে সি ইমান বৰষুণত কিয় মাছ মাৰিব আহিছে। তেতিয়া সুণাৰামে তাৰ সকলো দুখৰ কথা ক’লে। জলকুঁৱৰীয়ে তাৰ অভাৱৰ কথা শুনি তাক এটা মন্ত্ৰ শিকাই দিলে। “জলৰ ৰাণী জলপৰী মাছৰ বৰষুণ দে…অই মোৰ নাওঁখনিত মাছৰ উজান দে।” এই মন্ত্ৰ টো মাতিলে মাছ বৰষুণ পৰা দিব আৰু আকৌ “জলৰ ৰাণী জলপৰী মাছৰ বৰষুণ থাম…অই মোৰ নাওঁখনিত মাছৰ উজান থাম।” এই মন্ত্ৰ মাতিলে মাছ পৰা বন্ধ হৈ যাব। আৰু ক’লে কিন্তু বেছি লোভ নকৰিবা নহ’লে তোমাৰেই বিপদ হ’ব। কথা মতে সুণাৰামে মন্ত্ৰ মাতি চালে আৰু তাৰ নাওঁ খন মাছেৰে ভৰিবলৈ ধৰিলে। সি আকৌ মন্ত্ৰ টো মতাত মাছ পৰা বন্ধ হৈ গ’ল।


         এনে দৰে সুণাৰামে মাছ বেছি বেছি ধনী হৈ গ’ল। তাক দেখি আন মাছমৰীয়া সকলৰ মাজত হোৱা দোৱা লাগিল। সিহঁতে সন্দেহ কৰিবলৈ ল’লে। এদিনাখন  সুণাৰামে মাছ ধৰা ঠাইত সকলো মাছমৰীয়াই মনে মনে জুপি চাই দেখিলে যে মাছবোৰ তাৰ নাওঁত বৰষুণ পৰা দিছে। সকলোৱেই আচৰিত হৈ ৰʼল। সুণাৰাম পাৰলৈ অহাত তাক সকলোৱে আগুৰি ধৰি ৰহস্য টো সুধিলে। নকʼলে তাক মাৰি দিয়া ভাবুকি দিলে।এই কথা শুনি সুণাৰামে বৰ দুখ পালে। সিও মনতে বুদ্ধি খাজিলে। সিও সিহঁতক অকল মাছ পৰি থকা মন্ত্ৰ টো হে কʼলে। মাছ ৰৈ যোৱা মন্ত্ৰ টো নকলে।সুণাৰামৰ কথা শুনা লগে লগে সকলো মাছমৰিয়াই নাওঁ লৈ বিলৰ মাজ পালেগৈ আৰু লগে লগে মন্ত্ৰটো মাতি দিলে। মন্ত্ৰ মতে সকলো নাওঁ মাছেৰে ভৰিবলৈ ধৰিলে। সিহঁতে ফুৰ্তিত থাকিব নোৱাৰা হ’ল কিন্তু  নাওঁ সম্পূৰ্ণ মাছেৰে ভৰি যোৱা পাছতো যেতিয়া মাছৰ বৰষুণ দিয়ে থকা হ’ল তেতিয়া সিহঁত চিন্তিত হ’ল। লাহে লাহে নাওঁৰ সৈতে সিহঁটো ডুবিবলৈ ধৰিলে আৰু লগে লগে প্ৰত্যেককে জলকুঁৱৰীয়ে পানী তলত লৈ গ’ল। কথাতে কৈ নহয় লোভেই পাপ পাপেই মৃত্যু। এনেদৰে সকলো লোভী মাছমৰীয়াৰ মৃত্যু হ’ল আৰু সুণাৰামে নিজৰ মাছ খিনি লৈ ঘৰলৈ ঘূৰি আহিল।

 

 

Add Comment