“কামৰূপা মোৰ
সুৱদিসুৰীয়া
অসমীয়া ভাষা
জগত সভালৈ যাব
উজ্জ্বল সুজ্জ্বল
কোহিনুৰ পিন্ধি
হাঁহি জ্যোতিৰূপা হ’ব…”
— ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
অসমৰ ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ শেহতীয়াকৈ এটি সুখবৰ আহিল। সুৱদিসুৰীয়া অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ এই সুখবৰে ৰাজ্যবাসীক আনন্দৰে ওপচাই দিলে। ৩ অক্টোবৰ ২০২৪ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত আনুষ্ঠানিকভাৱে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানত অনুমোদন জনোৱা হয়। ইয়াৰ লগে লগে পূৰণ হ’ল অসমবাসীৰ দীৰ্ঘদিনীয়া এক প্ৰত্যাশা।
আইৰ মুখৰ ভাষাটোৱে এই ঐতিহাসিক স্বীকৃতি লাভৰ ক্ষণত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৩-৯ নৱেম্বৰলৈ ৰাজ্যজুৰি ‘ভাষা গৌৰৱ সপ্তাহ’ উদযাপন কাৰ্যসূচীৰ ঘোষণা কৰে। প্ৰধানমন্ত্ৰী তথা চতুৰ্থ শতিকাৰ পৰা পৰ্যায়ক্ৰমে অসমীয়া ভাষাৰ উন্নতিত অৰিহণা যোগোৱা মহান মনীষী, পুৰোধা পণ্ডিত, ভাষাবিদসকললৈ কৃতজ্ঞতাৰ চিনস্বৰূপে আয়োজন কৰা এই উদযাপন কাৰ্যসূচী সুকলমে সমাপ্ত হয়।
এই কাৰ্যসূচীৰ অংশ হিচাপে অসমীয়া ভাষাৰ লগতে ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ সন্দৰ্ভত আলোচনা আৰু কৰ্মসূচীৰ আয়োজন কৰা হয়। জ্ঞানসমৃদ্ধ এই পদক্ষেপে ভাষাটোৰ সুৰক্ষা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বিদ্বান সমাজে মত প্ৰকাশ কৰে।
কিন্তু এই প্ৰাপ্তিৰ আঁৰত আছে বহু ব্যক্তি তথা অনুষ্ঠানৰ নিৰন্তৰ প্ৰয়াস আৰু এক দীঘলীয়া পৰিক্ৰমা।
স্বীকৃতি পোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সযোগে প্ৰকাশ কৰে, “কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন পোৱাৰ পাছত অসমীয়াই এতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত মই অতিশয় আনন্দিত হৈছোঁ। অসমীয়া সংস্কৃতিয়ে যুগ যুগ ধৰি উজ্বলি উঠিছে আৰু আমাক এক চহকী সাহিত্যিক পৰম্পৰা প্ৰদান কৰিছে। আগন্তুক সময়ত এই ভাষা আৰু অধিক জনপ্ৰিয় হৈ পৰক। সকলোকে মই অভিনন্দন জনালোঁ।”
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৩ অক্টোবৰত উক্ত স্বীকৃতি প্ৰাপ্তিৰ ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই সামাজিক মাধ্যমত প্ৰকাশ কৰে এনেদৰে – “প্ৰাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা-সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে৷ আজিৰ এই ঐতিহাসিক সিদ্ধান্তৰ দ্বাৰা আমি আমাৰ প্ৰিয় মাতৃভাষাটিক জগত সভালৈ লৈ যাবলৈ সক্ষম হ’ম, ভাষাটিক সংৰক্ষণৰ দিশত আমি আটায়ে নিশ্চিতভাৱে অধিক দায়বদ্ধ হ’ম৷”
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত (২০২০ বৰ্ষ) এই পদক্ষেপৰ প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ কৰা হৈছিল বুলি বিভিন্ন উৎসৰ পৰা জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ হ’লে আন কেইবাটাও চৰ্তাৱলীৰ সৈতে মৌলিকতাৰে পূৰ্ণ ভাষাটোৰ উচ্চ পৰ্যায়ৰ ঐতিহাসিক সমলসমূহ কমেও ১,৫০০-২,০০০ বছৰ পুৰণি হ’ব লাগিব।
অসম চৰকাৰৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ফে’চবুকত প্ৰকাশ কৰে, “অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পোৱা নিৰ্দেশনা মৰ্মে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰ বাবে অসমীয়া ভাষাৰ প্ৰাচীনত্ব আৰু বিশেষত্বৰ বিষয়ে টোকা প্ৰস্তুত কৰাৰ দায়িত্ব অসম প্ৰকাশন পৰিষদক দিয়া হৈছিল। পৰিষদে প্ৰয়োজনীয় তথ্য সংগ্ৰহৰ বাবে বিভিন্ন বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনা কৰাৰ উপৰি উড়িয়া ভাষাই ‘ধ্ৰুপদী ভাষা’ৰ স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা শ্ৰীযুত দেৱীপ্ৰসন্ন পাটনায়কক সাক্ষাৎ কৰিছিল।”
অসম প্ৰকাশন পৰিষদৰ অধীনত তথ্য-টোকা প্ৰস্তুত সমিতিৰ অন্যতম সদস্য তথা আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা (আবিলাক)ৰ ভাষা আৰু ভাষাবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° ভাস্কৰজ্যোতি শৰ্মাই অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকক ফোনযোগে কয়,“২০২০ চনত আৰম্ভ হোৱা এই সমৃদ্ধিশালী যাত্ৰাটোৰ ক্ষেত্ৰত আমাক পথপ্ৰদৰ্শন কৰা ওড়িশাৰ প্ৰখ্যাত ভাষাবিদ দেৱীপ্ৰসন্ন পাটনায়কদেৱৰ দিহা-পৰামৰ্শক সাৰোগত কৰি আমি পৰৱৰ্তী পৰ্যায়ৰ দিশে অগ্ৰসৰ হৈছিলোঁ। সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত কামসমূহ সম্পন্ন কৰিব লাগিব বুলি পাটনায়কদেৱে আমাক জনাইছিল।”
তেখেতে লগতে ব্যক্ত কৰে,“মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ আৰু অবিৰত প্ৰচেষ্টাই এই চিৰস্মৰণীয় স্বীকৃতি প্ৰাপ্তিৰ বাট দেখুৱাই দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ ফলত এই কাম সম্ভৱপৰ হৈ উঠিল।”
সমিতিখনৰ সদস্য তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° মৃদুল বৰদলৈয়ে কয়, “এই স্বীকৃতিয়ে অসমীয়া ভাষাৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিলে। ভাষাটো অধ্যয়ন তথা গৱেষণাৰ বাবে সুবিধা প্ৰদান কৰি উৎকৰ্ষতাৰ কেন্দ্ৰ প্ৰতিষ্ঠা, আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত আসন স্থাপন আদিকে ধৰি আন বিভিন্ন ক্ষেত্ৰত এই মৰ্যাদাই নতুন গতি প্ৰদান কৰিব। তথ্য-টোকা প্ৰস্তুতৰ সময়ত আমাৰ ঐতিহাসিক সমলসমূহৰ যাতে উচিত প্ৰয়োগ কৰিব পাৰি, তাৰ বাবে গুৰুত্ব দিয়া হৈছিল।’’
প্ৰসিদ্ধ সাহিত্যিক য়েছে দৰজে ঠংচিয়ে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে আনন্দ প্ৰকাশ কৰে।
তেখেতে কয়, “অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত এই স্বীকৃতি হৈছে আশীৰ্বাদস্বৰূপ। নতুন সৃষ্টিৰে অসমীয়া ভাষা-সাহিত্যৰ পথাৰখন চহকী হওক, তাৰেই আশা কৰিলোঁ। ভাষাটোৰ চৰ্চা, প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব বাঢ়িল। বিশেষকৈ যুৱচামে এই দায়িত্বৰ অংশীদাৰ হৈ ভাষাটোক অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা উচিত।”
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ পৱন দৈমাৰীয়ে উল্লেখ কৰে, “অসমীয়া ভাষাটোৰ সৈতে এক দীঘলীয়া ইতিহাস জড়িত হৈ আছে। ভাষাটো অধ্যয়নৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় প্ৰমুখ্যে আন শিক্ষানুষ্ঠানসমূহত নতুনকৈ চিন্তা-চৰ্চা কৰা হ’ব। দেশ-বিদেশৰ মানুহেও আমাৰ সমৃদ্ধিশালী ইতিহাসৰ বিষয়ে জানিবলৈ ইচ্ছুক হ’ব। কিন্তু আমি এই স্বীকৃতি লাভতেই কেৱল সন্তুষ্ট থাকিব নালাগিব। ভাষাটোৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমাৰ আৰু বহু কৰণীয় আছে। সমাজৰ প্ৰতিটো স্তৰতেই অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে সকলোৱে নিজৰ দায়িত্ব পালন কৰা উচিত বুলি মই ভাবোঁ।”
উল্লেখযোগ্য যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ হ’লে আন কেইবাটাও চৰ্তাৱলীৰ সৈতে মৌলিকতাৰে পূৰ্ণ ভাষাটোৰ উচ্চ পৰ্যায়ৰ ঐতিহাসিক সমলসমূহ কমেও ১,৫০০-২,০০০ বছৰ পুৰণি হ’ব লাগিব।
বৰ্তমানলৈ ১১টা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে। পূৰ্বে স্বীকৃতি লাভ কৰা ভাষাকেইটা হ’ল – তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালায়ালাম আৰু উড়িয়া। শেহতীয়াকৈ অৰ্থাৎ ৩ অক্টোবৰত নতুনকৈ স্বীকৃতিপ্ৰাপ্ত ভাষাকেইটা হ’ল – মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা।