Categories: Assamese application

অসমীয়াত আবেদন | অসমীয়া চিঠি লিখাৰ নিয়ম | অসমীয়া প্ৰতিবেদন লিখাৰ নিয়ম

Advertisements

আমি আজি কথা পাতিম কেনেদৰে অসমীয়াত আবেদন , অসমীয়া চিঠি লিখাৰ নিয়ম, অসমীয়া প্ৰতিবেদন লিখাৰ নিয়ম, অসমীয়া ভাষাত চিঠি পত্ৰ কেনেকৈ লিখে 

অসমীয়াত আবেদন | অসমীয়া চিঠি লিখাৰ নিয়ম | অসমীয়া প্ৰতিবেদন লিখাৰ নিয়ম
Assamese letter


        বহু যুগৰ পৰা চিঠি বা আবেদন পত্ৰ লিখি অহাৰ এটা পৰম্পৰা চলি আহিছে আৰু ইয়াক বৰ্তমান এটা বহু গুৰুত্বপূৰ্ণ বিষয় হিচাপে ধৰা হয়। বৰ্তমান সকলো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ কামকাজত চিঠি পত্ৰৰ ব্যাপক ব্যবহাৰ দেখা যায়। যেনে চাকৰি সংক্ৰান্তত আবেদন, ছুটিৰ বাবে আবেদন, মন্ত্ৰী, বিধায়ক বা কোনো চৰকাৰী বিভাগলৈ আবেদন আদি বহু ক্ষেত্ৰত চিঠিপত্ৰ সহায় লব লাগে। এনেধৰণৰ পত্ৰ লিখোঁতে বহু ক্ষেত্ৰত আমি কি লিখিম, কি নিলিখিম আদি ভাব আহে। সকলো চিঠিপত্ৰ লিখাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আৰু বিষয় থাকে। সেয়েহে প্ৰতিটো বিষয়ত চিঠি লিখোতে কিছুমান সাধাৰণ নীতি নিয়ম মানি চলা উচিত।তেনে কিছুমান সাধাৰণ নিয়ম তলত উল্লেখ কৰা হল।

simple rules
✓সকলো চিঠিপত্ৰ লিখোঁতে সদায় মাৰ্জিত ভাষাত সহজ সৰল কৈ লিখিব লাগে।
✓পৰিষ্কাৰ আৰু শুদ্ধ বানানত লিখিব লাগে
✓চিঠি বা আবেদন লিখাৰ আগতে মূল বিষয়বোৰ মনতে বা আন এখন কাগজত টুকি লব লাগে যাতে মূল বিষয়বোৰ থাকি নাযায়।
✓চিঠিপত্ৰৰ অংগসজ্জা নিয়মবোৰ মানি চলি উপযুক্ত স্থানত চিঠিৰ অংগ বোৰ সন্নিবিষ্ট কৰিব লাগে
✓চিঠিপত্ৰ বোৰ সাধাৰণতে বিষয় অনুসৰি ভদ্ৰ, বিনয়ী ভাষাত আৰু উপযুক্ত সন্মান প্ৰদৰ্শন কৰি উপযুক্ত শব্দ ব্যৱহাৰ কৰি লিখিব লাগে।
✓চিঠিত স্পষ্ট কৈ দুয়োপক্ষৰে নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰ যথাস্থানত উল্লেখ কৰিব লাগে।
✓চিঠিপত্ৰ যদি উৰ্ধতম কৰ্তৃপক্ষ লৈ লিখা হয় তেন্তে সদায় উপযুক্ত সন্মান প্ৰদৰ্শন কৰি লিখিব লাগে।
✓চিঠি পত্রত সদায় তাৰিখ আৰু স্থান উল্লেখ কৰা উচিত।
ইয়াৰ উপৰিও আন বহুতো সৰু সৰু নিয়ম আছে। তলত কেইখনমান আবেদন পত্ৰৰ আৰ্হি আপোনালোকৰ সুবিধা হোৱাকৈ উল্লেখ কৰিছোঁ।

অসমীয়াত আবেদন


1. ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰিৰ বাবে আবেদন (অভিজ্ঞতা সহ)

প্ৰতি,
পৰিচালক মহোদয়
নিয়োগ বিভাগ(বিভাগৰ নাম উল্লেখ কৰিব)
__________ প্ৰতিষ্ঠান (প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰিব)

বিষয়ঃচাকৰিৰ বাবে আবেদন

মহাশয়/মহাশয়া
যোৱা ইংৰাজী_______ তাৰিখৰ______ কাকতৰ বিজ্ঞাপনৰ পৰা আপােনাৰ/আপোনালোকৰ প্ৰতিষ্ঠানৰ _______ পদৰ বাবে এজন অভিজ্ঞ প্ৰাৰ্থীৰ আৱশ্যক বুলি জানিব পাৰি এই আবেদন পত্র প্রেৰণ কৰিলাে। মই উক্ত পদৰ বাবে উপযুক্ত বুলি ভাবি মোৰ প্ৰাৰ্থীত্ব আগবঢ়ালোঁ। যদি আপোনালোকে মোক উক্ত পদত নিযুক্তি প্ৰদান কৰে তেন্তে মই আপোনালোকৰ প্ৰতিষ্ঠানত অতি নিষ্ঠা সহকাৰে কাম কৰি আগুৱাই লৈ যাব পাৰিম বুলি মোৰ বিশ্বাস। মোৰ এই ক্ষেত্ৰত কাম কৰাৰ প্ৰায় তিনি বছৰৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ আৰু মোৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ ইয়াৰ লগত সংলগ্ন কৰি দিয়া হৈছে।
মোৰ শিক্ষাগত অৰ্হতা ____ বিভাগৰ স্নাতক আৰু কম্পিউটাৰত ১বছৰৰ পোষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰম সমাপ্ত কৰিলোঁ। বৰ্তমান এটা ব্যক্তিগত কোম্পানীত _____ বিভাগত কাম কৰাৰ তিনিবছৰ অভিজ্ঞতা আছে। সেই প্ৰতিষ্ঠানত মই অতি নিষ্ঠা সহকাৰে কাম কৰাৰ পাছত যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিলোঁ আৰু সেই অভিজ্ঞতাৰ জৰিয়তে আপোনালোকৰ প্ৰতিষ্ঠানত মোৰ ফালৰ পৰা উৎকৃষ্ঠ সেৱা আগবঢ়াবলৈ সক্ষম হম বুলি বিশ্বাস আছে।
অনুগ্ৰহ কৰি আপোনালোকৰ মতামত জনাই তলত উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰি সাক্ষাৎকাৰৰ তাৰিখ আৰু সময় জনাই যেন। আপােনালােকৰ মতামত অতি সােনকালে জনাব বুলি আশা ৰাখিছোঁ।
ধন্যবাদ।
আপােনাৰ/আপোনালােকৰ বিশ্বাসী
নাম
ফোন নম্বৰ
তাৰিখ

2. স্কুলৰ অনুষ্ঠানত মুখ্য অতিথিৰ বাবে মন্ত্ৰী/বিধায়ক অনুৰোধ জনাই লিখা পত্র।

প্রতি
মাননীয় মন্ত্রী/ বিধায়ক মহোদয়
_________ সমষ্টি
অসম চৰকাৰ
দিছপুৰ

বিষয়ঃস্কুলৰ অনুষ্ঠানত মুখ্য অতিথিৰ অনুৰোধ

মাননীয় মহাশয়,
সন্মান সহকাৰে আপোনাক জনাব পায় সুখী হৈছো যে অহা ইং_________তাৰিখৰ পৰা ______তাৰিখলৈ আমাৰ বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস, তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। এই তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন প্ৰতিযোগিতা মূলক অনুষ্ঠান অনুষ্ঠিত কৰাৰ উপৰিও সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হব। তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি মুকলি সভা অনুষ্ঠিত কৰা হৈছে । মুকলি সভা কাৰ্যসূচীত আপোনাক মুখ্য অতিথি হিচাপে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ জৰিয়তে আমন্ত্ৰণ জনোৱা হল। আশা কৰোঁ আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছু সময় উলিয়াই আমাৰ মুকলি সভা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে আমাক কৃতাৰ্থ কৰে যেন।
শেষত আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হব বুলি আশা কৰিলোঁ।
ধন্যবাদ।

আপোনাৰ বিশ্বাসী
ৰূপালী জয়ন্তী উদযাপন সমিতিৰ হৈ
সভাপতি                                                           সম্পাদক

3. অফিচৰ কর্তৃপক্ষলৈ দিয়া পদত্যাগ পত্ৰ
প্ৰতি
মাননীয় পৰিচালক মহোদয়
_____________প্ৰতিষ্ঠান

বিষয়ঃপদত্যাগ পত্ৰমহাশয়,

   বিনীত নিবেদন এই যে, মােৰ কিছুমান এৰাব নােৱাৰা পাৰিবাৰিক কাৰণত মই মােৰ বর্তমান চাকৰি এৰিবলৈ বাধ্য হৈছাে। গতিকে মোক মোৰ কর্তব্যৰ পৰা অব্যাহতি দিবৰ কাৰণে অনুৰোধ জনালাে।
  গতিকে মহোদয়ে মোক এই মাহৰ দৰমহাৰ লগতে মই পাবলগীয়া সকলো বিলাক ভৱিষ্যত নিধিৰ ধন অহা ____ তাৰিখৰ ভিতৰত মুকলি কৰি দিবলৈ অনুৰোধ জনালোঁ।
                                                           ধন্যবাদ
                                                                                    আপোনাৰ বিশ্বাসী
                                                                                    নাম
4. চাকৰি এঠাইৰ পৰা আন ঠাইলৈ বদলিৰ কাৰণে কৰা আবেদন পত্র।
প্ৰতি
মাননীয়/ মাননীয়া
পার্চনেল মুভমেন্ট বিভাগ (হেড অফিচ)
আঞ্চলিক প্ৰবন্ধকৰ জৰিয়তে
বিষয়ঃ __________ স্থানলৈ স্থানান্তকৰণ
মহাশয়,
 সন্মান সহকাৰে আপোনাক জনাব বিচাৰো যে মই শ্ৰী/শ্ৰীমতী _______ এজন ________ পদৰ কৰ্মচাৰী হিচাপে _____ শাখাত সেৱা আগবঢ়াই আহিছোঁ। যোৱা ইং ________ তাৰিখে মোৰ তথা আমাৰ পৰিয়ালটো স্থায়ীভাৱে _________ অঞ্চলত থাকিবৰ বাবে ব্যবস্থা কৰা হল। মোৰ পৰিয়ালৰ সকলো সদস্য বৰ্তমান নতুনকৈ সজা স্থায়ী ঘৰটোত বাস কৰি আছে। সেয়েহে মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ বিভাগৰ ________ অঞ্চলৰ কাৰ্যালয়ত মোৰ চাকৰিটো স্থানান্তৰিত কৰি মোৰ তথা মোৰ পৰিয়ালক উপকৃত কৰি দিয়ে যেন।
                                                   ধন্যবাদ।
                                                                                         আপােনাৰ বিশ্বাসী
                                                                                  শ্ৰী/ শ্ৰীমতী
5.ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰিৰ কাৰণে আবেদন
প্রতি,
মাননীয় পৰিচালক মহাশয়/ মহাশয়া
____________ প্ৰতিস্থান

বিষয়ঃচাকৰিৰ কাৰণে আবেদনমহাশয়/মহাশয়া

    বিশ্বস্তসূত্রে জানিব পাৰিছাে যে আপােনালোকে আপােনালােকৰ অফিচত _______ পদৰ বাবে
নিযুক্ত কৰিব বিচাৰিছে। মই উক্ত পদৰ বাবে আবেদন কৰিব খুজিছাে। মই বৰ্তমান স্নাতক শিক্ষা সমাপ্ত কৰি চাকৰিৰ বাবে সুযোগ বিচাৰি আছোঁ। মােৰ বয়স ___ বছৰ, স্বাস্থ্য ভাল আৰু কঠোৰ শ্রম কৰিবলৈ সক্ষম। মই নিশ্চিত যে অতি কম সময়ৰ ভিতৰতে মােৰ শ্রম আৰু নিষ্ঠাৰে আপােনালােকক সন্তুষ্ট কৰিব পাৰিম আৰু প্ৰতিষ্ঠান টো আগবঢ়াই লৈ যাবলৈ পাৰিম। মই মোৰ বায় ডাটা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ ইয়াৰ লগত সংলগ্ন কৰি দিছোঁ।
   উক্ত পদত মােক নিয়ােগ কৰিবৰ কাৰণে আপােনাৰ ওচৰত সবিনয়ে আবেদন জনালাে।
আপােনাৰ বিশ্বাসী
                                                                                      নাম
6. বিদ্যালয়ত সন্তান অনুপস্থিত থকাৰ বাবে ছুটী মঞ্জুৰৰ আবেদন।
প্ৰতি
মাননীয় প্রধান শিক্ষক/প্রধান শিক্ষয়িত্রী মহোদয়/ মহোদয়া
______________ বিদ্যালয়

বিষয়ঃছুটী মঞ্জুৰৰ আবেদনমহোদয়/ মহোদয়া

   বিনীত নিবেদন এই যে, মােৰ পুত্র/কন্যা শ্ৰীমান/ শ্ৰীমতী__________ ক/খ শাখাৰ ছাত্র/ছাত্রী, ক্রমিক নং______আপােনাৰ বিদ্যালয়ত অসুস্থতাৰ কাৰণে যোৱা ইং _____ তাৰিখৰ পৰা তাৰিখলৈ শ্রেণীত উপস্থিত থাকিব নােবাৰিলে।
  সেয়েহে মহােদয়ক/মহােদয়াক অনুৰোধ জনাও যে, উক্ত দিনবােৰৰ বাবে ছুটী মঞ্জুৰ কৰে যেন।
আপােনাৰ বিশ্বাসী
                                                                                      নাম
                                                                                      ঠিকনা-
7. চৰিত্ৰ প্রমাণপত্র বিচাৰি কৰা আবেদন পত্র
প্ৰতি
প্রধান শিক্ষক/শিক্ষয়ত্রী
________ বিদ্যালয়

বিষয়ঃচৰিত্ৰ প্রমাণপত্র বিচাৰি কৰা আবেদন পত্রমহোদয়/ মহোদয়া

     বিনীত নিবেদন এই যে মই আপােনাৰ বিদ্যালয়ৰ প্রাক্তন ছাত্র/ছাত্রী। মই যোৱা ______ চনত
হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীর্ণ হৈছিলাে। ইয়াৰ বাহিৰেও মই বিদ্যালয়ৰ অন্যান্য খেল ধেমালিত, সাংস্কৃতিক কাৰ্যসূচী ত অংশ গ্রহণ কৰিছিলাে‌।
বর্তমান মই ______ কলেজত ______ বিভাগত পঢ়ি আছাে। সম্প্রতি চাকৰীৰ আবেদন কৰাৰ বাবে মোক চৰিত্ৰ প্ৰমাণ পত্ৰ এখনৰ প্ৰয়োজন হৈছে।
   আশাকৰো অতি সােনকালে মােক উক্ত প্রমাণ পত্রখন প্রদান কৰি বাধিত কৰিব।
আপােনাৰ বিশ্বাসী

8. স্থানীয় বিধায়ক/সংসদৰ ওচৰত পকী ৰাস্তা নিৰ্মাণৰ আবেদন।

প্রতি
মাননীয় বিধায়ক/ সাংসদ মহোদয়
__________ বিধান সভা/ লোকসভা সমষ্টি

বিষয়ঃপকী ৰাস্তা নিৰ্মাণৰ আবেদন

মহাশয়,
প্ৰথমতে _______ অঞ্চল বাসী ৰাইজৰ হৈ অলপতে হৈ যোৱা বিধান সভা/ লোকসভা নিৰ্বাচনত আপুনি বিজয়ী হোৱাত আন্তৰিক অভিনন্দন জনালোঁ। ইয়াৰ দ্বাৰা আপোনাৰ আমাৰ অঞ্চলৰ এটা বহুদিনীয়া সমস্যা দৃষ্টি আকর্ষণ কৰিব বিচাৰিছাে। আমাৰ অঞ্চলটো বহুদিনৰ পৰাই চৰকাৰৰ উন্নয়নমূলক আঁচনি পৰা বঞ্চিত হৈ আহিছে । আমি প্ৰতিটো নিৰ্বাচনত ভোট দান কৰি আহিছোঁ যদিও ৰাইজৰ দ্বাৰা নিৰ্বাচিত জনপ্রতিনিধি সকলে আমাৰ অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ আৰু একমাত্ৰ পথটো বৰ্তমানেও পকী কৰাৰ ব্যৱস্থা নকৰিলে। ইয়াৰ ফলত স্থানীয় ৰাইজে বাৰিষা কালত চহৰলৈ যাবলৈ, স্কুল, কলেজ , বজাৰত যাবলৈ অশেষ কষ্ট সমস্যাৰ সন্মুখীন হৈছে। ৰাস্তাত বৃহৎ বৃহৎ গাঁত সৃষ্টি হোৱাৰ ফলত বহু সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। গতিকে আপোনাক মূল ঘাইপথৰ পৰা আমাৰ গাঁৱলৈ সোমাই যোৱা পথটো পকীকৰণৰ ব্যৱস্থা কৰিবলৈ টানি অনুৰোধ জনালোঁ।
আমাৰ অঞ্চলটোৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি আশা ৰাখিলোঁ।
ধন্যবাদ

______ বাসী ৰাইজৰ হৈ
তাৰিখ

9. নিজৰ অঞ্চলৰ পকী ৰাস্তা নিৰ্মাণৰ আবেদন  বাবে  চিঠি
প্ৰতি
সভাপতি/সম্পাদক
___________ গাওঁ পঞ্চায়ত

বিষয়ঃপকী ৰাস্তা নিৰ্মাণৰ আবেদনসভাপতি/ সম্পাদক ডাঙৰীয়া,

     আমাৰ ________ অঞ্চলৰ বাসিন্দাসকলৰ পক্ষৰ পৰা প্ৰথমতে সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। আপোনাক আমাৰ অঞ্চলৰ এটা অতি গুৰুত্বপূৰ্ণ সমস্যা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আমাৰ অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ লৈ যোৱা  ৰাস্তা টো পকী নোহোৱাৰ বাবে গাঁৱৰ অধিবাসীসকলে খুবেই কষ্ট ভােগ কৰিব লগা হয়। আমাৰ গাঁৱৰ পৰা সম্পূৰ্ণ ৰাস্তাত কেৱল শিল দিয়া আছে কিন্তু বাৰিষা কালত তাত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতবোৰত পানী জমা হোৱাৰ বাবে ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী আদি লোকৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।
    সেয়েহে আমি _____ অঞ্চলবাসী ৰাইজে আপােনাক অনুৰােধ কৰো যে, আপুনি আপােনাৰ ঊৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে যাতে সংশ্লিষ্ট কর্তৃপক্ষ্ই তৎপৰ হৈ বিশেষ ব্যৱস্থা গ্রহণ কৰি পথটো পকীকৰন কৰে যেন।
                                                          ধন্যবাদ
তাৰিখ                                                                                  আপােনাৰ বিশ্বাসী
10. জন্মৰ প্রমাণ পত্রৰ বাবে পৌৰনিগমৰ/ চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত আবেদন।
প্ৰতি,
জন্ম পঞ্জীয়ক
পৌৰ নিগম/ চিকিৎসালয় কৰ্তৃপক্ষৰ

বিষয়ঃজন্মৰ প্রমাণ পত্রৰ বাবে আবেদনমহাশয়,

    যথাবিহিত সম্মানপূর্বক নিবেদন এই যে, মােৰ পুত্র/পুত্ৰী শ্রীমান/ শ্ৰীমতী__________ যোৱা ______ তাৰিখে এই চহৰৰ _____ অঞ্চলত জন্ম গ্রহণ কৰে। সেই মতে সেই সময়ত তাৰ জন্ম আপােনালােকৰ কাৰ্য্যলয়ত নথিভূক্ত কৰা হয়। এতিয়া তাক স্কুলত ভর্তি কৰিব লগা হােৱা বাবে জন্মৰ প্রমাণ পত্রৰ আৱশ্যক হৈছে।
    সেয়েহে মহোদয়ৰ ওচৰত মােৰ অনুৰোধ, অনুগ্রহ কৰি তাৰ জন্মৰ প্রমাণ পত্রখন দিয়ে যেন।।
আশা কৰাে, মােৰ প্রয়ােজনৰ কথা বিবেচনা কৰি অবিলম্বে প্রয়ােজনীয় ব্যবস্থা গ্রহণ কৰিব।
                                                                ধন্যবাদ
আবেদনকাৰীৰ ঠিকনা
আপােনাৰ বিশ্বাসী
তাৰিখ,
১১)চাকৰিত যোগদান সন্দৰ্ভত ( Job joining report)
প্ৰতি,
মাননীয়/মাননীয়া (বিভাগৰ মুখ্য বিষয়াৰ পদৰ নাম আৰু ঠিকনা যালৈ পঠিয়াব লাগে)
মাননীয় (যোগদান কৰা কাৰ্যালয়ৰ মুখ্য বিষয়াৰ পদৰ নাম) যোগেদি
বিষয়: চাকৰিত/পদত যোগদান সন্দৰ্ভত
মহোদয়/মহোদয়া
সন্মান সহকাৰে আপোনাৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে memo no ___________ আদেশ অনুসৰি________(বিভাগৰ নাম) বিভাগৰ দ্বাৰা মোক ______ (কাৰ্যালয়ৰ নাম) _______(পদৰ মন) পদত নিযুক্তি দিছে। উক্ত আদেশ অনুসৰি আজি ইং______(তাৰিখ) তাৰিখে পুৱা __(সময়) বজাত কামত যোগদান কৰা হয়।ইতি
মহোদয়ৰ/মহোদয়াৰ বিশ্বাসী

প্ৰতি,

মাননীয় প্ৰধান শিক্ষক

…….. ……… বিদ্যালয় (বিদ্যালয় নাম)

তাৰিখ : ………..

বিষয় : ছুটি বিচাৰি আবেদন ৷

(শ্ৰেণী শিক্ষকৰ জৰিয়তে)

মহাশয়,

বিনতী পূৰ্বক নিবেদন এই যে মই যোৱা ——————- তাৰিখৰ পৰা —————- তাৰিখলৈ শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলো ৷ কিয়নো উক্ত দিন কেইটাত মই জ্বৰত ভুগিব লগা হৈছিল ৷

গতিকে দয়ালু মহোদয়ে উক্ত দিন কেইটিৰ বাবে ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন ৷ এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা ৷

অভিভাকৰ চহী

———-

ইতি –

আপোনাৰ একান্ত বাধ্য ছাত্ৰ

নাম : ———-

শ্ৰেণী ——-

ৰোল নং ——

Assamese Application |All types of Assamese Application Format

Type Of Assamese Application

আবেদন বা দৰ্খাস্ত  বিভিন্ন প্ৰকাৰৰ থাকে।স্কুলত শিক্ষকলৈ,চাকৰিৰ বাবে উচ্চ পদৰ বিষয়ালৈ,বাতৰি কাকতত কোনো বিজ্ঞাপন বা বাতৰি প্ৰকাশৰ বাবে এনেকুৱা বহুত ধৰণৰ আবেদন বা দৰ্খাস্ত আছে।আবেদন বা দৰ্খাস্ত লিখাৰ বহুতো নিয়ম আছে।প্ৰথমে সম্ভাষণ জনাই আৰম্ভ কৰিব লাগে বাওঁ ফালে.তাৰ ঠিক তলতেই প্ৰসংগ উল্লেখ কৰিব লাগে।তৃতীয়তে বিষয়টো উত্থাপন কৰিব লাগে প্ৰসংগৰ ঠিক তলতেই।তাৰ সুকাষে তাৰিখ উল্লেখ কৰিব লাগে।ইয়াৰ পিছতে মূল বিষয়টো আৰম্ভ কৰিব লাগে।মূল বিষয়টোৰ পিছতে একেবাৰে তলৰ সু ফালে নিজৰ নাম  তাৰিখ আৰু ঠাই খনৰ নাম উল্লেখ কৰিব লাগে।এনেকৈ এখন আবেদন বা দৰ্খাস্ত লিখা হয়।তলত চাকৰি সংক্ৰান্তীয় এখন আবেদনৰ আৰ্হি উল্লেখ কৰিলোঁ।
Assamese Application Format | Assamese Job Application | Application Writing in Assamese | How To Write Assamese Application |Assamese Letter format

Category Of Assamese Application

বিভিন্ন উপলক্ষে কিবা বিচাৰি বা কিবা অনুৰোধ কৰি যিবোৰ পত্র লিখা হয়, সেয়াই আৱেদন পত্র।আৱেদন পত্র সমূহক বহুলভাৱে  দুটা ভাগত ভাগ কৰা হয়-
  • ৰাজহুৱা স্বাৰ্থজনিত আৱেদন পত্র আৰু
  • ব্যক্তিগত আৱেদন পত্র।নিয়মবোৰ হৈছে

Rule To Write Assamese Application

  • চিঠি বা আবেদন পত্ৰ লিখাৰ কিছু নিয়ম আছে॥ যেনে-
  • পোনপ্ৰথমে আবেদন পত্ৰৰ সোহাতে তাৰিখ উল্লেখ কৰিব লাগে..
  • দ্বিতীয়তে যাক আবেদন কৰা হয় তেওঁক সম্বোধন যাচিব লাগে…
  • তৃতীয়তে আবেদনৰ বিষয়বস্তু উল্লেখ কৰিব লাগে॥
  • সম্ভাষণ জনাই মূল বিষয় বৰ্ণাৱ লাগে…
  • ইয়াত প্রয়োগ কৰা শব্দবোৰ সহজ-সৰল, স্পষ্ট আৰু পোনপটীয়া হব লাগে।
  • আমি সাধাৰণতে প্রয়োগ কৰা সক্ষিপ্ত শব্দবোৰ প্রয়োজন সাপেক্ষে হে ব্যবহাৰ কৰিব লাগে ।
  • ব্যকৰণগত ভূল, যতি চিহ্নৰ প্রয়োগৰ ক্ষেত্রত সচেষ্ট হব লাগে।
  • আৱেদন পত্রখন হাতে লিখা হলে হাতৰ আখৰৰ প্রতি গুৰুত্ব দিব লাগে।
  • তাৰিখ আৰু স্হান উল্লেখ কৰাটো বাধ্যতামূলক।
  • চাকৰিৰ বাবে আৱেদন কৰা পত্রত ‘আত্ম – পৰিচয় ‘পত্র গাথি দিব লাগে।
  • আৱেদন পত্রত পত্রলেখক আৰু গ্রাহকৰ সম্পূর্ণ নাম ঠিকনা উল্লেখ কৰিব লাগে।
তাৰপিছত সৰ্বশেষত আবেদন জনায় ভদ্ৰোচিত বিদায় গ্ৰহণ কৰিব লাগে…( স্কুল-কলেজৰ আবেদনৰ ক্ষেত্ৰত বিদায় গ্ৰহণৰ সময়ত আবেদকৰ বিনম্ৰতাৰে নাম উল্লেখ কৰিব লাগে লগতে পত্ৰ খনৰ শেষত বাওফালে আবেদকৰ অভিভাৱকৰ চহী কৰিব লাগে… চৰকাৰী অফিচ-কাছাৰীৰ ক্ষেত্ৰত বা যিকোনো পদৰ নিযুক্ত ৰ আবেদন জনালে আবেদকৰ নামৰ লগতে ঠিকনা পঠোৱাৰ লগতে পত্ৰ প্ৰাপকৰ নাম ঠিকনাও পঠাব লাগে)

Sample Of Assamese Application | Assamese Application Writing

Assamese Application For HSLC exam

বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ লিখা এখন আৱেদন
প্ৰতি
মাননীয়
——-বিদ্যালয়ৰ
প্ৰধান শিক্ষক                 মহোদয়ৰ সমীপেষু।
শ্ৰেণী শিক্ষক মহোদয়ৰ যোগেদি।
বিষয় :- বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন।
তাৰিখ:- ../../….
মহোদয়,
বিনীত সন্মান পূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ বাবে ….তাৰিখৰ পৰা …. তাৰিখলৈ ….দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ।
গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক উক্ত দিন কেইটাৰ জৰিমনা ৰেহাই দিয়ে যেন। এইটোৱেই মহোদয়ক জনাব লগীয়া মোৰ সৰল মিনতি।
ইতি
——————
মহোদয়ৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী
নাম:- শ্ৰী/শ্ৰীমতী–
শ্ৰেণী:—
ৰোল নং :—
অভিভাৱকৰ চহী:-

বিদ্যালয়ত হঠাৎ গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আৱেদন

প্ৰতি
মাননীয়
—বিদ্যালয়ৰ
প্ৰধান শিক্ষক মহোদয়।
বিষয়: হঠাতে গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আবেদন।
তাৰিখ:-
মহোদয়,
বিনীত সন্মান পূৰ্বক নিবেদন এই যে, আজি প্ৰথম/দ্বিতীয়/তৃতীয় পিৰিয়দৰ পিছত হঠাতে মোৰ গা বেয়া হোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিবলৈ অসমৰ্থ হৈ পৰিছোঁ।
গতিকে মহোদয়ে দয়া কৰি মোক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে যেন।
এয়াই দয়ালোঁ মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।
ইতি
মহোদয়ৰ বিশ্বাসী
শ্ৰী/শ্ৰীমতী:
শ্ৰেণী:
ৰোল নং:
সাধাৰণতে স্কুলত প্ৰচলিত আবেদনৰ নমুনা এটা দাঙি ধৰিলো
1 . Character Certificate Assamese Application
প্ৰতি,
প্রধান শিক্ষয়ত্রী
শ্রীমন্ত  শংকৰদেৱ হাইস্কুল, তামুলীপথাৰ
বিষয়ঃচৰিত্ৰ প্রমাণপত্র বিচাৰি কৰা আবেদন ।
১৫/৫/২০১২০
মহোদয়া,

বিনীত সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই আপােনাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্রী। মই যোৱা ২০১৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীর্ণ হৈছিলাে। ইয়াৰ বাহিৰেও মই বিদ্যালয়ৰ বিভিন্ন কাৰ্য্সূচীত অংশগ্রহণ কৰিছিলো যেনে অন্যান্য খেল ধেমালিত,সাংস্কৃতিক কাৰ্যসূচী আদি।বর্তমান মই কমাৰগাওঁ মহাবিদ্যালয়ত সমাজতত্ত্ব বিভাগত অধ্যয়ন কৰি আছো।  সম্প্রতি চাকৰিৰ বাবে আবেদন কৰিছো ,সেইবাবে মোক চৰিত্ৰ প্ৰমাণ পত্ৰ এখনৰ প্ৰয়োজন হৈছে।

আশাকৰো অতি সােনকালে মােক উক্ত প্রমাণ পত্রখন প্রদান কৰি ব্যাধিত কৰে যেন ।এয়ে আপোনাৰ ওচৰত মোৰ সৰল প্রার্থনা।
ইতি
আপােনাৰ বিশ্বাসী
নাম-

2. Assamese Application For Certificate

দিনাংক-15/05/2020
প্ৰতি
মাননীয়
প্ৰধান অধ্যাপক মহোদয়
মিলন হাইস্কুল আৰিকুছি
বিষয়- বিদ্যালয় ত্যাগৰ প্ৰমাণপত্ৰ বিচাৰি আবেদন
মহোদয়
বিনীত নিবেদন এই যে মই আপোনাৰ বিদ্যালয়ৰে এগৰাকী ছাত্ৰী হও॥ মই ইং 2017 বৰ্ষত আপোনাৰ বিদ্যালয়ত নামভৰ্তি কৰিছিলো… কিন্তু মোৰ ব্যক্তিগত সমস্যাৰ বাবে মই বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা অষ্টম শ্ৰেণীৰ পৰা ত্যাগ কৰিব লগীয়া হল॥ মহোদয়, বৰ্তমানে মোক স্কুল এৰাৰ প্ৰমাণ পত্ৰ খনৰ আৱশ্যক॥ গতিকে মহোদয়ে মোৰ ভুল-ক্ৰুটি মাৰ্জনা কৰি মোক প্ৰমাণ পত্ৰ খন দিয়ে যেন॥
এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি॥
ইতি
আপোনাৰ একান্ত বিশ্বাসী ছাত্ৰী
নাম=
শ্ৰেণী=.
ৰোল নং=
শিক্ষা বৰ্ষ= 2017-2019
অভিভাৱক/অভাৱিকাৰ চহী

Assamese Job Application Sample | How to Write Job Application In Assamese

প্ৰতি,
মাননীয় পৰিচালক মহোদয়
…..বিভাগ।
বিষয়:-চাকৰিৰ বাবে আবেদন।
তাৰিখ..
মহোদয়/মহোদয়া,

যোৱা ইংৰাজী 11/05/20 তাৰিখৰ নিয়োগ বাৰ্তা কাকতৰ এটি বিজ্ঞানত আপোনালোকৰ প্ৰতিষ্ঠানত এটি পদৰ বাবে অভিজ্ঞ এজন প্ৰাৰ্থীৰ আৱশ্যক বুলি জানিব পাৰিছো।উক্ত পদৰ বাবে মই নিজকে উপযুক্ত বুলি ভাবি মোৰ প্ৰাৰ্থীত্ব আগবঢ়ালো।মোৰ শিক্ষা গত অৰ্হতা  স্নাতক উত্তীৰ্ণ লগতে এবছৰীয়া কম্পিউটাৰ ডিপ্লমা সমাপ্ত কৰিছোঁ।বৰ্তমান এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাৰ তিনি বছৰীয়া অভিজ্ঞতা আছে।মোৰ বিশ্বাস আপোনালোকৰ প্ৰতিষ্ঠানত মই নিষ্ঠাৰে কাম কৰি আগুৱাই লৈ যাম।

মই মোৰ সকলো ধৰণৰ যাৱতীয় তথ্য উল্লেখ কৰিলোঁ।অনুগ্ৰহ কৰি আপোনালোকৰ মতামত জনাই কোন দিনা সাক্ষাৎকাৰ হয় মোক জনাব বুলি আশা কৰিলোঁ।

ধন্যবাদ
আপোনালোকৰ বিশ্বাসী
নাম
ফোন নাম্বাৰ
তাৰিখ
শিক্ষাগত অৰ্হতা

Asaamese Application For Newspaper | How to write Application for Assamese Newspaper

প্ৰতি
মাননীয়
সম্পাদক ডাঙৰীয়া
“দৈনিক জনমভূমি”
তুলসী নাৰায়ণ পথ,
নেহেৰু পাৰ্ক, যোৰহাট।
তাং– ১৫/০৫/২০২০
বিষয়– কবিতা প্ৰকাশৰ বাবে আৱেদন।
মহোদয়,

মই মোৰ এটি স্বৰচিত কবিতা আপোনাৰ বহুল প্ৰচাৰিত ‘দৈনিক জনমভূমি ‘ কাকতত প্ৰকাশৰ বাবে প্ৰেৰণ কৰিছো। উক্ত কবিতাটো যদি বিবেচিত হয়। আপোনাৰ কাকতৰ “কাব্যদিন” শিতানৰ যোগে প্ৰকাশ কৰিলে আনন্দিত হ’ম।

ইতি
আপোনাৰ বিশ্বাসী
শ্ৰীমতী বৰ্ষা বৰা
বি.এ.এল.এল.বি অষ্টম ষন্মাসিক,
যোৰহাট অইন মহাবিদ্যালয়।

 

asombarta

Recent Posts

assam new minister list 2021 | assam minister list 2021 with department

assam new minister list 2021 | assam minister list 2021 with department - এয়া হৈছে… Read More

3 days ago

class 8 assamese question answer 2021

class 8 assamese question answer 2021, class 8 assamese question answer, অংকুৰণ class 8, Class… Read More

4 days ago

Assam Board Class 4 Text Book PDF – চতুৰ্থ শ্ৰেণী

Assam Board Class 4 Text Book PDF – চতুৰ্থ শ্ৰেণী - class 4 assamese book… Read More

5 days ago

Class 5 assamese question answer

Class 5 assamese question answer - class 5 assamese book seba, class 5 assamese book… Read More

5 days ago

class 9 assamese chapter 11 question answer

class 9 assamese chapter 11 question answer, class 9 assamese - শিশুলীলা নৱম শ্ৰেণীৰ অসমীয়া… Read More

6 days ago

Onlinejob715

Onlinejob715 - বন্ধুসকল, সকলো ধৰণৰ ব্যক্তিগত চাকৰি, চৰকাৰী চাকৰি, চাকৰিৰ চাকৰি, সকলো ধৰণৰ চাকৰিৰ Onlinejob715… Read More

1 week ago