কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া অসম ভ্ৰমণৰ কালছোৱা ৰাজ্যখনৰ বাবে উল্লেখনীয় হৈ পৰিল৷ তেখেতৰ এই ভ্ৰমণকালত উত্তৰ-পূব ভাৰত বিশেষকৈ অসমৰ উন্নয়নৰ বাবে এলানি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ভৱিষ্যৎ পৰিকল্পনাও প্ৰস্তুত কৰা হয়৷
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অহা পাঁচ বছৰত অসমৰ বান সমস্যাৰ সমাধান হ’ব বুলি এক ইতিবাচক ঘোষণা কৰে৷ তেখেতে উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক বান নিয়ন্ত্ৰণ, গৰাখহনীয়া, পৰ্যটন, বনানীকৰণ আৰু কৃষি ক্ষেত্ৰত উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ (এনইএছএচি) তথ্যৰ সম্পূৰ্ণ ব্যৱহাৰৰ বাবে নিৰ্দেশ দিয়ে৷ এই সংক্ৰান্ততে অঞ্চলটোৰ প্ৰতিখন ৰাজ্যৰ পৰা এনইএছএচিৰ বাবে একোজনকৈ ন’ডেল বিষয়া নিয়োগ কৰিবলৈ তেওঁ পৰামৰ্শ প্ৰদান কৰে যাতে এই প্লেটফৰ্মৰ সৰ্বাধিক ব্যৱহাৰ কৰিব পৰা যায়৷
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলক বান-মুক্ত কৰাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এই চৰকাৰখনৰ বাবে এক বিশেষ লক্ষ্য৷ বান প্ৰতিৰোধৰ দিশটোত অধিক গুৰুত্ব প্ৰদান কৰি তেখেতে কয় যে জল-বিদ্যুৎ প্ৰকল্পসমূহৰ ব্যৱহাৰ শক্তি উৎপাদনৰ লগতে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কৰিব পৰা যায়৷
অমিত শ্বাহে গুৱাহাটীত উত্তৰ-পূব পৰিষদৰ ৭০সংখ্যক পূৰ্ণাংগ বৈঠকত উপস্থিত থাকি এই বিষয়ে উল্লেখ কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি, পৰ্যটন আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন আৰু সহযোগিতা মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা, উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল এই বৈঠকত উপস্থিত আছিল৷
অমিত শ্বাহে ভাষণ প্ৰসংগত কয় যে যোৱা কেইবা দশকজুৰি উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনে উন্নয়নৰ বাটত তিনিটা বৃহৎ বাধাৰ সন্মুখীন হৈ আহিছে– উগ্ৰপন্থী গোটসমূহে সৃষ্টি কৰা হিংসা আৰু অস্থিৰতা, ৰে’লসেৱা, পথ আৰু বিমান সংযোগৰ অভাৱ আৰু উন্নয়নৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহে কৰা উপেক্ষা৷
“পূৰ্বৰ চৰকাৰসমূহে এই অঞ্চলটোৰ উন্নয়নক কেতিয়াও প্ৰাধান্য দিয়া নাছিল৷ কিন্তু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে বিগত আঠ বছৰত অঞ্চলটোত শান্তি স্থাপন, যোগাযোগ বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ বহু প্ৰচেষ্টা চলাইছে,” শ্বাহে কয়৷
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা, সংস্কৃতি, খাদ্যভ্যাস আৰু সাজ-পোছাকক দেশখনৰ এক ঐতিহ্য হিচাপে গণ্য কৰা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে অঞ্চলটোৰ ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে ইয়াৰ প্ৰসাৰৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে৷
অমিত শ্বাহে লগতে কয় যে দেশখনৰ সকলো ভাষাকে সম গুৰুত্ব প্ৰদান কৰিলেহে দেশৰ সৰ্বাংগীণ উন্নয়ন সম্ভৱ হ’ব৷ ইয়াৰ বাবে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰাথমিক পৰ্যায়ত মাতৃভাষাত শিক্ষা প্ৰদান কৰাৰ এক ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছে৷
“ভাৰতীয় অৰ্থনীতি বৰ্তমান বিশ্বৰ ভিতৰত পঞ্চম স্থানত আছে আৰু ইয়াক বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানলৈ উন্নীত কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিত্তীয় অনুশাসনৰ প্ৰয়োজনীয়তা আছে,” কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়৷
প্ৰাকৃতিক আৰু ডিজিটেল পদ্ধতিৰ কৃষিৰ গুৰুত্বৰ দিশত আলোকপাত কৰি গৃহমন্ত্ৰী শ্বাহে কয় যে এই দুইধৰণৰ কৃষি পদ্ধতিত ভাৰত চৰকাৰে অগ্ৰাধিকাৰ দিছে আৰু প্ৰাকৃতিক সামগ্ৰীৰ প্ৰমাণপত্ৰৰ বাবে আমূল আৰু আন পাঁচটা সমবায় একত্ৰিত কৰি এখন বহু-ৰাজ্যিক সমবায় সমিতি গঠনৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে৷ তেওঁ কয় যে এই সামগ্ৰীসমূহৰ প্ৰমাণপত্ৰ লাভ কৰাৰ পাছত এই সমবায় সমিতিয়ে তেওঁলোকৰ ৰপ্তানি সুনিশ্চিত কৰিব, যাতে লাভাংশ পোনপটীয়াকৈ কৃষকসকলৰ বেংক একাউণ্টত জমা হ’ব পাৰে৷